ETV Bharat / state

নৱবৰ্ষত গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে ১৩২ কোটি টকাৰ কাম হাতত লৈছে জি এম চিয়ে

নতুন বছৰত বিশেষ পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ । ১৩২ কোটি টকাৰ প্ৰকল্পৰে জাকত জিলিকা কৰি তোলাৰ লক্ষ্য ।

In the new year, GMC has undertaken projects worth crores for the development of Guwahati city
১৩২ কোটি টকাৰ কাম হাতত লৈছে জি এম চিয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 7:15 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: নৱবৰ্ষত ১৩২ কোটি টকাৰ নতুন কাম হাতত ল'ব গুৱাহাটী পৌৰ নিগমে । ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ৬-৮ মাহৰ ভিতৰত ১৩২ কোটি টকাৰ নতুন কাম হ'ব গুৱাহাটী মহানগৰীত এই কথা সদৰি কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । বুধবাৰে উজান বজাৰৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত নৱবৰ্ষত জি এম য়ে হাতত লোৱা কাম আৰু বিগত বছৰৰ খতিয়ান দাঙি ধৰে মৃগেন শৰণীয়াই ।

তেওঁ কয়, "মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত ৫৪৯ টা নলা আৰু ৫ খনকৈ নৈ চাফা কৰা হ'ব । বৰষুণৰ পানী সংৰক্ষণ নকৰিলে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা সম্ভৱ নহয় । ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিলেহে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যাব । সেয়েহে মহানগৰীবাসীক এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় আৰ্থিকভাৱে দুৰ্বল লোকক বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ বাবে জি এম চিৰ লগত যোগাযোগ কৰিলে আমি কিছু সকাহ দিম আৰু ডাঙৰ ডাঙৰ বিল্ডিং আদিয়ে বৰষুণৰ পানী সংৰক্ষণ কৰিলে আমি তেওঁলোকক হল্ডিং টেক্সত ৰিৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম ।"

১৩২ কোটি টকাৰ কাম হাতত লৈছে জি এম চিয়ে (ETV Bharat Assam)

শৰণীয়াই লগতে কয়, "আনহাতে মহানগৰীৰ নাগৰিকে যদি ঘৰতে জাৱৰ নিষ্কাশনৰ ব্যৱস্থা কৰিলে তেওঁলোকক টেক্সত ৰিৱাৰ্ড দিয়া ব্যৱস্থা কৰিম । তদুপৰি জানুৱাৰীৰ পৰা মহানগৰীৰ স্বচ্ছ অভিযান ক্ষিপ্ৰ কৰা হ'ব । আমি নৱবৰ্ষত প্ৰথম পৰ্যায়ত ১৩২ কোটি টকাৰ কাম কৰিম । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা আৰু পুঁজি লাভ কৰিলে আমি কাম কৰি যাম ।"

আনহাতে তেওঁৰ বিদায়ী বৰ্ষৰ কামৰ খতিয়ান দাঙি ধৰি কয়, "যোৱা বছৰত স্বচ্ছতা প্ৰতিযোগিতা গুৱাহাটী মহানগৰী ৪৪ নং স্থান পাবলৈ সক্ষম হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পৰিস্কাৰ নগৰ হিচাপে স্থান পাবলৈ সক্ষম হৈছে । গুৱাহাটী জাৱৰ নিষ্কাষণ কৰিবলৈ সক্ষম হৈছে । জাবৰ সংগ্ৰহ কৰাৰ বাবে সফলতা লাভ কৰিছে GMC য়ে । সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত কাম কৰা হৈছে । গণেশগুৰিত সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত কাম কৰা হৈছে ।’’

মেয়ৰ শৰণীয়াই লগতে কয়, "নতুনকৈ পানী মৰা গাড়ী ক্ৰয় কৰা হৈছে । জাৱৰ সংগ্ৰহৰ বাবে ২৫০ খন গাড়ী নতুনকৈ অনা হ'ব । তাৰ ভিতৰত ৮০ খন গাড়ী আহি পাইছে । তদুপৰি নতুনকৈ ৬০০০ ৰো অধিক বিনামূলীয়া পানীৰ যোগান ব্যৱস্থা কৰা হৈছে ।"

শৰণীয়াই জি এম চিৰ কৰা সংগ্ৰহ সন্দৰ্ভত কয়, "এইবাৰ ৭০ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছে শেষৰ মাহত ৪ কোটি টকা সংগ্ৰহ হৈছে । অনাদায় কৰ এতিয়াও বহুত আছে । বিগত বৰ্ষত ১০০ কোটিৰো অনাদায় আছিল । বহুতে কৰ প্ৰদান কৰিছে । কিছু এতিয়াও বাকী আছে ।"

লগতে পঢ়ক: সাৱধান: নতুন বছৰ উদযাপনৰ নামত ৰাজপথত নচলিব উদ্ভণ্ডালি, কঠোৰ বিভাগীয় কৰ্তৃপক্ষ

জুবিন গাৰ্গৰ আদৰ্শৰে সৰুপথাৰৰ ঘৰে ঘৰে নাহৰ পুলি ৰোপণ