শিশু শ্ৰমিক বিৰোধী দিৱসৰ প্ৰহসন ; গুৱাহাটীত উদ্ধাৰ ৮ শিশু শ্ৰমিক
বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনটোতে গুৱাহাটীত আঠজনকৈ শিশু শ্ৰমিকক আৰক্ষীয়ে উদ্ধাৰ কৰে ।

Published : June 12, 2026 at 10:09 PM IST
গুৱাহাটী : শুকুৰবাৰে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস । শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুনত উদযাপন কৰা হয় শিশু শ্ৰমিক বিৰোধী দিৱস ।
কিন্তু অতি পৰিতাপৰ কথা যে এই দিনটোতে গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে আঠটাকৈ শিশু শ্ৰমিক । শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ'ৰ জিলা টাস্ক ফ'ৰ্চে শুকুৰবাৰে দুটা স্থানত অভিযান চলায় । ছয়মাইল আৰু নুনমাটিৰ পাথৰকুঁৱেৰীত অভিযান চলাই ৮ জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰে । ইয়াৰে ভিতৰত ছয়মাইলৰ পৰা চাৰিজন আৰু নুনমাটিৰ পৰা চাৰিজন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয় ।
শুকুৰবাৰে উদ্ধাৰ হোৱা শিশুসকলক গেৰেজ, কাৰ ৱাশ্বিং আৰু ঘৰুৱা সহায়ক হিচাপে ৰাখিছিল । ফ্লেটৰ পৰা উদ্ধাৰ কৰা শিশু শ্ৰমিকসকলৰ ভিতৰত তিনিগৰাকী কিশোৰী আৰু এজন কিশোৰ ।
অভিজাত মহানাগৰিকৰ অসৎ কৰ্ম, চাইল্ড লাইনৰ গুৰুত্বপূৰ্ণ তথ্য
উল্লেখ্য যে শিশু শ্ৰমিক হ্ৰাসৰ বিপৰীতে গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা । শিক্ষিত মানুহৰ বসতিস্থলী হিচাপে পৰিগণিত গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি হৈছে শিশু শ্ৰমিকৰ সংখ্যা । চাইল্ড লাইন গুৱাহাটীৰ পৰা পোৱা তথ্যত পোহৰলৈ আহিছে এই তথ্য । চাইল্ড লাইন গুৱাহাটীৰ পৰা পোৱা তথ্য অনুসৰি, গুৱাহাটী মহানগৰীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈক ৩১টা শিশু শ্ৰমিক উদ্ধাৰ হৈছে ।
চলিত বিত্তীয় বৰ্ষত এপ্ৰিলত ৭টা, জুন মাহৰ আজিৰ তাৰিখলৈকে ২৪টা শিশু শ্ৰমিক উদ্ধাৰ হৈছে ।
আনহাতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত গুৱাহাটী মহানগৰীত ৪২টা শিশু শ্ৰমিক উদ্ধাৰ হোৱাৰ বিপৰীতে ২০২৫-২৬ বৰ্ষত ৫৮টা শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে ।
এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ শিশু সুৰক্ষা গোট, অসমৰ অধীনস্থ শিশু সহায়ক কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ক সিদ্ধাৰ্থ শশী শৰ্মাই কয়, " শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । মহানগৰীৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চল চন্দ্ৰপুৰ, ক্ষেত্ৰী, আজাৰাৰ পৰা বহু শিশু শ্ৰমিক উদ্ধাৰ হৈছে । গেৰেজ, মাংসৰ দোকান, হোটেল আদিত কাম কৰি থকা অৱস্থাত বহু শিশু শ্ৰমিক উদ্ধাৰ হৈছে । তদুপৰি ঘৰুৱা সহায়ক হিচাপে কাম কৰি থকা অৱস্থাতো উদ্ধাৰ হৈছে শিশু শ্ৰমিক ।"
তেওঁ লগতে কয়, "আজি চাৰিগৰাকী শিশুক ঘৰুৱা কাম কৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছে । ঘৰুৱা সহায়ক হিচাপে থকা শিশু শ্ৰমিকসকলৰ ঘটনাবোৰ অধিক গুৰুত্বপূৰ্ণ হয় । কিয়নো ঘৰুৱা কামত সহায়ক হিচাপে থকা শিশুবোৰৰ ক্ষেত্ৰত শাৰীক নিৰ্যাতন, যৌন নিৰ্যাতনৰ বলি হোৱা ঘটনা অধিক পোৱা যায় । আনহাতে, গেৰেজ, হোটেল আদিত কাম কৰাসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰে ।"
তেওঁ কয়, "কিছুমান শিশুৱে ঘৰখনক আৰ্থিক সকাহ দিয়াৰ বাবে কাম কৰাৰ লগতে কিছুসংখ্যকে ঘৰৰ পৰা গুচি আহি দোকান, হোটেল আদিত কাম কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ কাম কৰিবলৈ অহা শিশু শ্ৰমিক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ ।"
আনহাতে, বিশ্ব শিশু শ্ৰমিকবিৰোধী দিৱস উপলক্ষে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থসাৰথি মহন্তই ৰাইজলৈ বিশেষ আহ্বান জনায় । শিশু শ্ৰমিক দেখিলেই ১০৯৮ শিশু হেল্পলাইন নম্বৰত যোগাযোগ নাইবা স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনাই কয়, "সমাজৰ পৰা এই ব্যাধি দূৰ কৰিবলৈ অসম আৰক্ষী সদায় সষ্টম ।"

