ETV Bharat / state

পৰাগ দাসৰ হত্যাকাৰীয়ে আজিও নাপালে শাস্তি, গোলাঘাটত ক্ষোভ প্ৰকাশ

গোলাঘাটত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু তিথি পালন ৷ গোলাঘাট মিডিয়া ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

JOURNALIST PARAG KUMAR DAS
গোলাঘাটত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু তিথি পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 7:30 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : দেওবাৰে ৰাজ্যজুৰি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু তিথি পালন কৰা হয় । ১৯৯৬ চনৰ ১৭ মে'ত গুৱাহাটীত আততায়ীৰ গুলীত নিহত হৈছিল স্পষ্টবাদী নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস । দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট মিডিয়া ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ডীন অধ্যাপক ড° দেৱজিৎ ফুকন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই ।

সাংবাদিক পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনাই অধ্যাপক ফুকনে কয়, "অসমৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তিৰ আপোচহীন সংগ্ৰামী, বিপ্লৱী শ্বহীদ পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকীত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ৷ এই ৩০ বছৰৰ পাছতো তেখেতৰ হত্যাকাৰীক কৰায়ত্ত নকৰাটো গভীৰ উদ্বেগৰ বিষয় ৷ পৰাগ কুমাৰ দাসে যি সমূহ জাতীয় প্ৰশ্ন উত্থাপন কৰি গৈছিল সেই প্ৰশ্নসমূহ আজিও অমিমাংসীত হৈ আছে । সেই জাতীয় প্ৰশ্নসমূহৰ উপৰত আজিও এক গণ আন্দোলনৰ প্ৰয়োজন আছে ।"

সাংবাদিক পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনালে অধ্যাপক ড° দেৱজিৎ ফুকনে (ETV Bharat Assam)

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই কয়, "পৰাগ কুমাৰ দাস অসমীয়া জাতীয় অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । অসমীয়া জাতি কেনেধৰণে আগবাঢ়ি যাব লাগে সেই সম্পৰ্কত তেখেতে লিখা মেলা কৰিছিল সেই বাবে ভাৰত ৰাষ্ট্ৰই পৰাগ কুমাৰ দাসক ভয় কৰিছিল ৷ তাৰ বাবে কিছু অসমীয়া জাতিৰ শত্ৰুৰ জৰিয়তে পৰাগ কুমাৰ দাসক হত্যা কৰিছিল । তেখেতক কোনে হত্যা কৰিছিল সকলোৱে জানে কিন্তু তাৰ পিছতো আজিলৈকে তেখেতৰ হত্যাকাৰীয়ে শাস্তি নাপালে ৷ যাৰ বাবে আজিও আমাৰ মনত প্ৰশ্ন উত্থাপন হয় যে কিয় তেখেতৰ হত্যাকাৰীয়ে শাস্তি নাপালে ?"

সাংবাদিক পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনালে কেএমএছএছৰ নেতা বিদ্যুৎ শইকীয়াই (ETV Bharat Assam)

লগতে পঢ়ক:নাছা ভ্ৰমণৰ সুযোগ কলিয়াবৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ