ETV Bharat / state

চাহ উদ্য়োগঃ অসম তথা উত্তৰ ভাৰতত নিলামৰ মূল্য দ্ৰুতগতিত হ্ৰাস, উদ্বিগ্ন ভাৰতীয় চাহ সন্থা

অসমৰ বান, অত্যধিক গৰম, কীট-পতংক আৰু ৰোগৰ বাবে চাহৰ উৎপাদন হ্ৰাস । সমান্তৰালকৈ উত্তৰ ভাৰতত চাহ নিলামৰ মূল্য ১৭ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে ।

Assam tea garden
অসম তথা উত্তৰ ভাৰতত নিলামৰ মূল্য দ্ৰুতগতিত কমিছে;উদ্বিগ্ন ভাৰতীয় চাহ সন্থা (ETV Bharat)
author img

By PTI

Published : August 28, 2026 at 7:37 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : সংকটত অসমৰ চাহ উদ্যোগ ! অসমৰ চাহ উদ্যোগে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে । জুলাইৰ পৰা আগষ্ট মাহৰ মাজভাগলৈ নিলামৰ মূল্য আচৰিতভাৱে ১৭ শতাংশ হ্ৰাস পাইছে ।

অনাগত মাহত এই হাৰ আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । এই কথা ভাৰতীয় চাহ সন্থাই প্ৰকাশ কৰিছে। শুকুৰবাৰে সন্থাই উত্তৰ ভাৰতীয় চাহ উদ্যোগত যোৱা কেইমাহমানৰ পৰা নিলামৰ মূল্য হ্ৰাস পোৱাত উদ্বেগ প্ৰকাশ কৰিছে । লগতে এই ব্যৱসায়টোৰ স্থায়িত্বৰ প্ৰতি আশংকা প্ৰকাশ কৰিছে ।

সন্থাৰ মতে অসমৰ বান, অত্যধিক গৰম, কীট-পতংগ আৰু ৰোগৰ আক্ৰমণে চলিত শস্যৰ বতৰত উৎপাদনত বাধাৰ সৃষ্টি কৰাৰ বাবে চাহ উদ্যোগটোৱে এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । যোৱা বছৰৰ তুলনাত নিলামৰ মূল্য ৫ শতাংশ বৃদ্ধি হৈছে যদিও জুলাই-আগষ্ট মাহত এই মূল্য হ্ৰাস হোৱাত চিন্তিত ভাৰতীয় চাহ সন্থা ।

সন্থাৰ সভানেত্ৰী শৈলজা মেহতাই এক বিবৃতিত কয় যে উত্তৰ ভাৰতীয় চাহ উদ্যোগৰ নিলামৰ মূল্যৰ পৰিসংখ্যাই শেহতীয়াকৈ উদ্যোগটোৰ জটিল পৰিস্থিতিৰ প্ৰতিফলন ঘটাইছে । ইয়াৰ লগতে চলিত শস্যৰ বতৰত বান, অত্যধিক গৰম আৰু কীট-পতংগ আৰু ৰোগৰ আক্ৰমণে শস্যৰ উৎপাদনত বাধাৰ সৃষ্টি কৰিছে ।"

বিবৃতিটোত তেওঁ লগতে কয়, "অসম আৰু পশ্চিমবংগৰ চাহ উদ্যোগত এক ভয়াৱহ অস্থিৰতা উন্মোচিত হৈছে । য'ত যোৱা ৫-৬ সপ্তাহত নিলামৰ মূল্য হ্ৰাস পোৱাটোৱে ব্যাপক উদ্বিগৰ সৃষ্টি কৰিছে । যাৰ ফলত চাহ উদ্যোগৰ বহনক্ষমতাক ভয়াৱহ বিপদত পেলাইছে ।"

বিবৃতিটোত কোৱা হৈছে যে অঞ্চলটোৰ ৩ টা বিশিষ্ট চাহ নিলাম কেন্দ্ৰ কলকাতা, গুৱাহাটী আৰু শিলিগুৰিত জুলাইৰ পৰা আগষ্টৰ মাজভাগলৈ (বিক্ৰী ২৭ৰ পৰা ৩৪লৈ) চাহৰ মূল্য লক্ষণীয়ভাৱে হ্ৰাস পোৱা দেখা গৈছে ।

চাহ ব'ৰ্ডৰ শ্ৰেণীবিভাজন অনুসৰি পশ্চিমবংগ, অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ চাহ খেতি কৰা অঞ্চলসমূহক একত্ৰিত কৰি উত্তৰ ভাৰত উদ্যোগ হিচাপে লোৱা হয় । আনহাতে তামিলনাডু, কেৰালাম আদিয়ে দক্ষিণ ভাৰতৰ উদ্যোগ গঠন কৰে ।

কলকাতা চাহ ব্যৱসায়ী সংস্থা (চিটিটিএ)ত ২৬ নং বিক্ৰীত চিটিচিৰ গড় বিক্ৰী মূল্য ২৯১.২৭ টকাৰ পৰা ৩৪ নং বিক্ৰীত ২৩৮.৭৭ টকালৈ হ্ৰাস পাই দুমাহতকৈও কম সময়ৰ ভিতৰত ৫৩ টকা বা ১৭ শতাংশ হ্ৰাস পোৱাৰ ইংগিত দিয়ে ।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চিটিচিৰ গড় বিক্ৰী মূল্য ২৬ নং বিক্ৰীত ২৬৪.৮৯ টকাৰ পৰা ৩৪ নং বিক্ৰীত ২২১.৫৭ টকালৈ হ্ৰাস পাই, প্ৰায় ১৫ শতাংশ হ্ৰাস পাইছে । একে সময়ছোৱাত শিলিগুৰিৰ এছটিএচিতো প্ৰায় ৮ শতাংশ হ্ৰাস পাইছে ।

ভাৰতীয় চাহ সন্থাৰ সভানেত্ৰীয়ে কয় যে এই পৰিঘটনাৰ কাৰণ অতিৰিক্ত যোগান বুলি ক'ব নোৱাৰি । ২০২৬ চনৰ জুন মাহলৈকে চলিত শস্যৰ বতৰৰ বাবে চাহ ব'ৰ্ডে প্ৰকাশ কৰা উৎপাদনৰ পৰিসংখ্যাত যোৱা বছৰৰ তুলনাত উত্তৰ ভাৰতত প্ৰায় ১ কোটি ৬০ লাখ কিলোগ্ৰাম অৰ্থাৎ ৫ শতাংশৰ প্ৰান্তীয় বৃদ্ধি পোৱাৰ বিপৰীতে অসমৰ ভয়াৱহ বান, অত্যধিক গৰম আৰু অঞ্চলটোৰ অন্যান্য চাহ খেতি কৰা অঞ্চলত অত্যধিক কীট-পতংগৰ আক্ৰমণৰ ফলত এই ধাৰাটো বিঘ্নিত হৈছে বুলি তেওঁ দাবী কৰে ।

সন্থাৰ অধীনৰ বাগিচাসমূহৰ পৰা লাভ কৰা তথ্যই ২০২৬ চনৰ জুলাই মাহত শস্যৰ উৎপাদন ৮ শতাংশ হ্ৰাস পোৱাৰ ইংগিত দিছে বুলিও তেওঁ উল্লেখ কৰে । চলিত মাহতো একেধৰণৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

উত্তৰ ভাৰতত যোৱা বছৰৰ তুলনাত চলিত মাহৰ শেষৰ ফালে সামগ্ৰিকভাৱে প্ৰায় ৮০ লাখ কিলোগ্ৰাম হ্ৰাস পাব বুলি অনুমান কৰা হৈছে । তেওঁ লগতে কয় যে আগন্তুক মাহত বিশেষকৈ অসমত ইয়াৰ পৰিমাণ আৰু হ্ৰাস পোৱাৰ অনুমান কৰা হৈছে, কিয়নো শেহতীয়া বানৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা চাহ গছবোৰ পুনৰুদ্ধাৰৰ বাবে সময় লাগিব ।

শেহতীয়াকৈ ভূ-ৰাজনৈতিক সংকটৰ বাবে এই বছৰ ৰপ্তানিৰ পৰিস্থিতিও উৎসাহজনক নহয় বুলি মেহতাই উল্লেখ কৰে । চাহ উদ্যোগে ২০২৫ চনত ২৮৫.৫৩ মিলিয়ন কিঃগ্ৰাঃৰ অভিলেখ ৰপ্তানি কৰাৰ বিপৰীতে জানুৱাৰী-জুনৰ সময়ছোৱাত ৰপ্তানি যোৱা বছৰৰ পৰিসংখ্যাতকৈ প্ৰায় ২.৩ কোটি কিলোগ্ৰাম বা প্ৰায় ১৮ শতাংশ পিছ পৰি আছিল বুলিও চাহ ব'ৰ্ডৰ চৰকাৰী তথ্যত পোৱা গৈছে ।

নিলামৰ মূল্য হ্ৰাস আৰু মজুৰিকে ধৰি অন্যান্য ব্যয় বৃদ্ধিৰ লগতে বোনাছ বৃদ্ধিৰ কাৰণে অসম আৰু পশ্চিমবংগৰ চাহ উদ্যোগৰ ভৱিষ্যতক লৈও ভাৰতীয় চাহ সন্থাই উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :

প্ৰায় ডেৰ মাহ মথাউৰিতে জীৱন নিৰ্বাহ যোৰহাটৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ, চৰকাৰৰ সহায়ৰ কেৱল অপেক্ষা