ETV Bharat Impact Story : গছ কটা ব্যক্তিক বিহিলে অনুকৰণীয় শাস্তি
ছিপনছিলা পাহাৰত গছ কটা যুৱকক ৰাইজে বিহিলে আজৱ শাস্তি । ইটিভি ভাৰত অসমৰ বাতৰিৰ পাছতে ৰাইজে ল'লে সিদ্ধান্ত ।

Published : June 14, 2026 at 1:25 PM IST
বঙাইগাঁও: ইটিভি ভাৰত অসমৰ বাতৰিৰ বৃহৎ প্ৰভাৱ ৷ গছ কটা ব্যক্তিক ৰাইজে বিহিলে ব্যতিক্ৰমী শাস্তি ৷ ৰুব লাগিব ৫০০ গছপুলি ৷ লগতে এটা বছৰ ধৰি কৰিব লাগিব প্ৰতিপালন ৷ প্ৰকৃতি সংৰক্ষণৰ বাবে গাঁওখনৰ ৰাইজে দেখুৱালে অনন্য নিদৰ্শন ৷ গছ কটা ব্যক্তিক বিহিলে এক অনুকৰণীয় শাস্তি ৷
দুদিন পূৰ্বে ইটিভি ভাৰত অসমত প্ৰচাৰ হৈছিল বঙাইগাঁও জিলাৰ ছিপনছিলা পাহাৰত হোৱা অবাধ বনধ্বংসৰ বাতৰি ৷ এই বনধ্বংসৰ লগত জড়িত কেইবাজনো স্থানীয় যুৱকক বনবিভাগে কৰিছিল আটক ৷ এই বাতৰি সবিস্তাৰে প্ৰচাৰ হৈছিল ইটিভি ভাৰত অসমত ৷ তাৰপিছতে ছিপনছিলা গাঁৱৰ ৰাইজে দেখুৱালে এক আদৰ্শ ৷ গছ কাটি আটক হোৱা ব্যক্তিসকলক বিহিলে আজৱ শাস্তি ৷
এই শাস্তি কোনো জৰিমনা বা কাৰাবাস নহয় ৷ গছ কাটি আটক হোৱা ৫ জন ব্যক্তিয়ে ছিপনছিলা পাহাৰত ৰুব লাগিব ৫০০ গছপুলি ৷ কেৱল গছপুলি ৰোপণ কৰাই নহয়, এবছৰলৈ কৰিব লাগিব প্ৰতিপালন ৷ শনিবাৰে সন্ধিয়া হোৱা এক ৰাইজমেলত ছিপনছিলা গাঁওবাসীয়ে ল’লে এই আদৰ্শমূলক সিদ্ধান্ত ৷ লগতে এতিয়াৰে পৰা ছিপনছিলা পাহাৰত কাটিব নোৱাৰিব কোনেও গছ ৷ প্ৰকৃতিৰক্ষাৰ বাবে ছিপনছিলাৰ ৰাইজে ল’লে সমূহীয়া সিদ্ধান্ত ৷
এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়,"ছিপনছিলা পুথিভঁৰালত এখন সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভাখনৰ উদ্দেশ্য আছিল, পাহাৰত বন ধ্বংস চলি আছে । আমি ইমানদিনে গম পোৱা নাছিলোঁ । তেওঁলোকক বন বিভাগৰ মানুহে হাতে লোটে ধৰি অভয়াপুৰীলৈ লৈ যোৱা হৈছিল । তেওঁলোকক চালান দিব খুজিছিল ।"
লোকজনে পুনৰ কয়,"আমি গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'লোঁ মঙলবাৰে তেওঁলোকে যি গছ কাটিছে । তাতকৈ তেওঁলোকে বহু বেছি গছপুলি ৰোপণ কৰিম বুলি কথা দিব লাগিব আৰু এবছৰলৈ তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে ।"
ছিপনছিলাবাসীৰ এই সিদ্ধান্ত নিশ্চয় অনুকৰণীয় হ’ব ৷ আগন্তুক দিনত ছিপনছিলা পাহাৰত বনধ্বংসৰ পৰিৱৰ্তে প্ৰকৃতি সংৰক্ষণৰ এক বিপ্লৱ আৰম্ভ হ’ব বুলি আশা কৰিব পাৰি ৷ আনহাতে বনবিভাগৰ বিষয়াসকলেও বনধ্বংসকাৰীসকলৰ লগত মিতিৰালি নকৰি প্ৰকৃতি সংৰক্ষণৰ কামত গুৰুত্ব দিলে ৰাজ্যৰ প্ৰকৃতি জগতত ছিপনছিলাই এক অনন্য স্থান পাব বুলি আশা কৰিব পাৰি ৷

