ETV Bharat / state

সাৱধানে থাকক মহানগৰবাসী, তিনি-চাৰিদিনলৈ গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

বতৰৰ আগজাননী অনুসৰি আহিবলগীয়া কেইটামান দিনত মহানগৰীৰ বিভিন্ন ঠাইত বিজুলী-ধেৰেকণি আৰু ধুমুহা বতাহ অহাৰ প্ৰবল সম্ভাৱনা আছে ।

rain forecast in guwahati
মহানগৰীত বৰষুণৰ সম্ভাৱনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 9:39 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: আগন্তুক তিনি-চাৰি দিনত গুৱাহাটীত হ’ব ধাৰাসাৰ বৰষুণ ৷ গুৱাহাটী মহানগৰী আৰু উপকণ্ঠৰ অঞ্চলবোৰত বিজুলী-ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই(IMD) ৷ বৰষুণৰ মাত্ৰা ২৪ ঘণ্টাত ৭.২০ চেণ্টিমিটাৰ হোৱাৰ সম্ভাৱনা আছে ৷

বতৰৰ আগজাননী অনুসৰি আহিবলগীয়া কেইটামান দিনত মহানগৰীৰ বিভিন্ন ঠাইত বিজুলী-ধেৰেকণি আৰু ধুমুহা বতাহ অহাৰ প্ৰবল সম্ভাৱনা আছে । ইয়াৰ ফলত চহৰখনত কৃত্রিম বানৰ সমস্যা বৃদ্ধি হোৱাত যান-বাহনৰ চলাচল লেহেমীয়া হোৱা আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত স্থানীয়ভাৱে ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে ।

পৌৰ কর্তৃপক্ষ আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে(ASDMA) পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে ।

rain forecast in guwahati
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা (ETV Bharat Assam)

বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ সকলো ৰাইজক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতর্ক হৈ থাকিবলৈ জনাইছে । দৈনিক যাতায়াত কৰা লোক আৰু দীর্ঘ দূৰত্বৰ ভ্ৰমণকাৰীসকলক ধাৰাসাৰ বৰষুণৰ সময়ত অনাৱশ্যকীয় আহ-যাহ পৰিহাৰ কৰি নিজৰ দৈনন্দিন কাম-কাজ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷ নিম্নভূমি আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা বাসিন্দাসকলক বান বা ভূমিস্খলনৰ যিকোনো লক্ষণৰ প্ৰতি সজাগ থাকিবলৈ আহ্বান জনাইছে ।

পৰিস্থিতিৰ শেহতীয়া তথ্যসমূহ ASDMA-ৰ আনুষ্ঠানিক ৱেবছাইট https://asdma.assam.gov.in/resource/assam-weather-forecast আৰু সকলো ছ’চিয়েল মিডিয়া হেণ্ডেলত সময়ে সময়ে জনসাধাৰণৰ সজাগতাৰ বাবে আপডেট কৰা হ’ব । গতিকে, ৰাইজক চৰকাৰী বতৰৰ আপডেটৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু বৰষুণৰ এই দীর্ঘকালীন সময়ছোৱাত সুৰক্ষিত হৈ থাকিবলৈ স্থানীয় কর্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনোৱা হৈছে

লগতে পঢ়ক: গুৱাহাটীৰ কৃত্রিম বানপানীৰ বাবে জগৰীয়া কোন ? ক'লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে