ETV Bharat / state

অসমৰ ভৌগোলিক মানচিত্ৰ সলনিৰ পথত ! দৈয়াং নৈৰ বুকুত অবৈধ শিল খনন

দৈয়াং নৈৰ বুকুত অবৈধ শিল খনন, নিৰ্বিকাৰ বন বিভাগ ৷

ASSAM NAGALAND BORDER
অসমৰ ভৌগোলিক মানচিত্ৰ সলনিৰ পথত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2026 at 11:16 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: বিগত বৰ্ষত উৰিয়ামঘাটত উচ্ছেদৰ পিছতেই শিল মাফিয়াৰ দৃষ্টি পৰিছিল দৈয়াং নৈৰ শিলৰ ওপৰত । শিল মাফিয়াৰ দৌৰাত্ম‍্যৰ বাবে অসমৰ ভৌগোলিক মানচিত্ৰৰ সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

উল্লেখ্য যে, শিল মাফিয়াই দৈয়াং নৈ পাৰ এফালৰ পৰা খান্দি চলাই গৈছিল ধ্বংস যজ্ঞ । ইমানৰ পিছতো নিৰ্বিকাৰ ভূমিকাত বন বিভাগ । যাৰ বাবে জাঙুৰ খাই উঠিছে দল-সংগঠন তথা স্থানীয় ৰাইজ । প্ৰশাসন তথা বনবিভাগৰ নিৰ্বিকাৰ ভূমিকাক লৈ সৰৱ স্থানীয় আছু নেতা ।

দৈয়াং নৈৰ বুকুত অবৈধ শিল খনন (ETV Bharat)

উল্লেখ্য যে, দৈয়াং নৈ হৈছে অসম-নাগালেণ্ডৰ সীমা ৷ সেয়ে নাগালেণ্ড দিশৰ ফালৰ পৰা শিল মাফিয়াই দৈয়াং নৈত চলাই গৈছে শিল খনন ৷ যাৰ বাবে গতিপথ সলনি হৈছে দৈয়াং নৈৰ । অবৈধ শিল খননৰ ফলত অসমৰ শ শ বিঘা ভূমি জাহ গৈছে দৈয়াং নদীৰ বুকুত । ইমানৰ পাছতো নিৰ্বাকাৰ বন বিভাগ ৷ ইফালে অসম-নাগালেণ্ড সীমান্তৰ দৈয়াং নদীৰ ভয়াৱহ অবৈধ শিল খনন বন্ধ কৰিবলৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমত অবৈধ শিলখনন বন্ধ হ'ব লাগিব বুলি উল্লেখ কৰিছে যদিও বন বিভাগৰ বিষয়াই গা এৰা মন্তব্য প্ৰদান কৰিছে ৷

ASSAM NAGALAND BORDER
দৈয়াং নৈৰ বুকুত অবৈধ শিল খনন (ETV Bharat Assam)

দৈয়াং নৈৰ বুকুত অবৈধ শিলখনন কাৰ্যৰ সন্দৰ্ভত বন বিষয়াই কয়, "নিৰ্বাচনত চিআৰপি ব্যস্ত থকাৰ সময়ত শিল মাফিয়াই চলাইছিল এই খনন । বিধায়কৰ উপস্থিতিত আজি এখন আমাৰ বৈঠক হ'ল চিডিচিৰ তৎপৰতাত ৷ নিৰ্বাচনৰ সময়ত সেনা নাছিল ৷ এতিয়া চিআৰপিএফ ঘূৰি আহিছে ৷ গতিকে এতিয়া আমি ভাল একশ্যন ল'ব পাৰিম ।"

ASSAM NAGALAND BORDER
দৈয়াং নৈৰ বুকুত অবৈধ শিল খনন (ETV Bharat Assam)

তেওঁ লগতে কয়, "আপোনালোকে উচ্ছেদৰ সময়ত দেখিছে । একেবাৰে ভিতৰৰ জাগাত তামোল গছ কাটি থকা অৱস্থাত মোক নগাই আগুৰি ধৰিছিল যে আমাৰ এৰিয়াত তামোল কিয় কাটিব বুলি । তেওঁলোকে মানে ঘৰটো ভাঙিব দিয়ে, তামোল কাটিব নিদিয়ে । সেইখিনি তেওঁলোকৰ গাঁও বুলি কয় । এতিয়া নেফানীৰ ওচৰত, খেৰবাৰীৰ ওচৰত সেইখিনি গাঁও তেওঁলোকে পূৰ্বতেও তেওঁলোকৰ নাগালেণ্ডৰ গাঁও বুলি কয়।"

ASSAM NAGALAND BORDER
দৈয়াং নৈৰ বুকুত অবৈধ শিল খনন (ETV Bharat Assam)

আনহাতে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰাই কয়, "যিসকল অসাধু ব্যৱসায়ী, দুষ্টচক্ৰই শিলৰ ব্যৱসায়ৰ নামত অসমৰ মানচিত্ৰ তথা অসমৰ ভূখণ্ডৰ প্ৰতি ভাবুকি আনিছে, সেই ব্যৱসায়ীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ জিলা প্ৰশাসন, মহকুমা প্ৰশাসন বা বন বিভাগ কি কাৰণে কুম্ভকৰ্ণৰ নিদ্ৰাত আছে ? কোনো কাৰণতে যাতে অসমৰ ভূ-খণ্ড, অসমৰ মানচিত্ৰ যাতে পৰিৱৰ্তন নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত প্ৰশাসনে ৷ "

লগতে পঢ়ক: শিৱসাগৰত আৰক্ষীৰে প্ৰচণ্ড গুলীয়াগুলী, গুলীবিদ্ধ দুই দুৰ্বৃত্ত