ETV Bharat / state

২৪ ঘণ্টীয়া এনিমেচন প্ৰতিযোগিতাত আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ শীৰ্ষস্থান

চলিত বৰ্ষৰ প্ৰতিযোগিতাখনৰ বিষয়বস্তু আছিল ‘‘ফ্লিপ ইঅ’ৰ পাৰ্চপেক্টিভ’’ - য’ত অংশগ্ৰহণকাৰীসকলে ২৪ ঘণ্টাত ৩০ ছেকেণ্ডৰ এনিমেটেড চুটি ছবি নিৰ্মাণ কৰিবলগীয়া হৈছিল ৷

Global 24 Hours Animation Contest 2025
আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ দলটো (ANI)
author img

By ANI

Published : October 23, 2025 at 11:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: আই আই টি গুৱাহাটীৰ ছাত্ৰৰ কৃতিত্ব ৷ চলিত বৰ্ষৰ ২৪ ঘণ্টীয়া এক বিশেষ প্ৰতিযোগিতাত উচ্চ শিক্ষানুষ্ঠানখনৰ এটা দলে লাভ কৰিছে প্ৰথম পুৰস্কাৰ ৷ যিটো পুৰস্কাৰ প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় ২৪ ঘণ্টীয়া এনিমেচন চেলেঞ্জৰ বাবে ।

টুন বুম এনিমেচনৰ উদ্যোগত অনুষ্ঠিত এইবাৰৰ এই প্ৰতিযোগিতাত ৩৫ খন দেশৰ ১৮৫ খন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে ।

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক ড৹ মৃগাংক মধুকল্ল্যৰ তত্বাৱধানত অৰিণ বন্দ্যোপাধ্যায়, আদিত্য ৰবি পাৱাৰ, অচিল পাছা আৰু এছ বালাশংকৰৰ দলে ৭৬৪ টা দল আৰু ৩,৮২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰথম পুৰস্কাৰ লাভ কৰে ।

চলিত বৰ্ষৰ প্ৰতিযোগিতাখনৰ বিষয়বস্তু আছিল ‘‘ফ্লিপ ইঅ’ৰ পাৰ্চপেক্টিভ’’ - য’ত অংশগ্ৰহণকাৰীসকলে ২৪ ঘণ্টাত ৩০ ছেকেণ্ডৰ এনিমেটেড চুটি ছবি নিৰ্মাণ কৰিবলগীয়া হৈছিল ৷

আই আই টি গুৱাহাটীত অধ্যয়নৰত দলটোৰ সৃষ্টিশীল ব্যাখ্যা আৰু কাৰিকৰী উৎকৰ্ষতাই সমগ্ৰ বিশ্বৰ শতাধিক অংশগ্ৰহণকাৰীৰ ভিতৰত শীৰ্ষ সন্মান অৰ্জন কৰাত সহায় কৰে ।

ছাত্ৰসকলৰ দলটোক অভিনন্দন জনাই আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহালে কয়, ‘‘এই সাফল্যই আমাৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ সৃষ্টিশীলতাৰ লগতে কঠোৰ পৰিশ্ৰমক প্ৰতিফলিত কৰিছে । এনে পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়ী হোৱাটো আই আই টি গুৱাহাটীত শিক্ষাগ্ৰহণ কৰা বিশ্বমানৰ প্ৰতিভাৰ সাক্ষী ।’’

২৪ ঘণ্টীয়া এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰতিযোগিতা, যিয়ে ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ ওপৰত সময় আৰু চাপৰ বাধাৰ সৃষ্টি কৰে ৷ সমান্তৰালকৈ অংশগ্ৰহণকাৰীসকলক অত্যন্ত সৃষ্টিশীল হোৱাত সহায় কৰে ৷

অংশগ্ৰহণকাৰীসকলক নিৰ্ধাৰণ কৰি দিয়া ২৪ ঘণ্টাৰ সময়ছোৱাৰ মাজনিশা এটা থিম দিয়া হয়, য’ত চূড়ান্ত এনিমেচনলৈকে ষ্ট’ৰীব’ৰ্ডিং অন্তৰ্ভুক্ত হ’ব লাগিব । গাইডলাইন অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ সৃষ্টি কৰা কোনো কলা-কৰ্ম, মডেল বা কণ্টেণ্ট ব্যৱহাৰ কৰিব নোৱাৰে, যাৰ ফলত মৌলিকতা আৰু দক্ষতা বজাই ৰাখিব পৰা যায় ৷

নীতি বহিৰ্ভূত সুবিধা এৰাই চলিবলৈ কোনো দৃশ্য বা শব্দ সৃষ্টিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ ব্যৱহাৰ এইক্ষেত্ৰত কঠোৰভাৱে নিষিদ্ধ । জমা দিয়া পত্ৰসমূহ নিৰ্ধাৰিত সময়ৰ পূৰ্বে আপলোড কৰিব লাগিব; আনকি এক ছেকেণ্ডৰ বাবে পলম হ'লেও সেইবোৰ স্বয়ংক্ৰিয়ভাৱে অযোগ্য ঘোষণা কৰা হ'ব ৷ যিয়ে পেছাদাৰী মানদণ্ডৰ প্ৰতিযোগিতাখনৰ কঠোৰ আৰু প্ৰত্যাহ্বানমূলক প্ৰকৃতিক প্ৰতিফলিত কৰে ।

এইবাৰৰ প্ৰতিযোগিতাখনৰ পৃষ্ঠপোষকতা কৰিছিল প্ৰধান এনিমেচন উদ্যোগসমূহ, যেনে - ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ’, পিক্সাৰ, চ’নী পিকচাৰ্ছ এনিমেচন, নিক’ল’ডিয়ন, ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ এনিমেচন, বেণ্টো বক্স, নেটফ্লিক্স, কাৰ্টুন চেলুন, ইলুমিনেচন, ড্ৰিমৱৰ্কছ, ৱাকম, এক্সপি-পেন, এচিফা হলীউড, এনিমেচন ইজ ফিল্ম ফেষ্টিভেল আৰু টুন বুম এনিমেচন আদিয়ে ।

প্ৰথম পুৰস্কাৰ হিচাপে আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীসকলে টৰণ্ট’ এনিমেচন আৰ্টছ ফেষ্টিভেল ইণ্টাৰনেশ্যনেল (টি এ এ এফ আই) ২০২৬ ৰ ছাত্ৰ পাছৰ লগতে পেছাদাৰী এনিমেচন চফটৱেৰৰ অনুজ্ঞাপত্ৰ, ষ্টুডিঅ’ৰ সদস্যপদ আৰু ডিজনী এনিমেটৰৰ সৈতে মেণ্টৰশ্বিপ অধিবেশনৰ লগতে অন্যান্য সন্মান লাভ কৰিছে ।

লগতে পঢ়ক: বজাৰত চাহিদা নাই iPhone Air ৰ; কোম্পানীয়ে হ্ৰাস কৰিলে 80 শতাংশ উৎপাদন