অমৰেন্দ্ৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ'-উপাচাৰ্যৰ দায়িত্ব
আই আই টি গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰ’-উপাচাৰ্যৰ দায়িত্ব প্ৰদান ৷ তিনিজনীয়া তদন্ত কমিটী গঠন, তিনিমাহ সময় নিৰ্ধাৰণ ।

Published : January 1, 2026 at 1:11 PM IST
তেজপুৰ : বছৰৰ প্ৰথম দিনটোতে তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিছে এক সুখৰ বতৰা । বিশ্ববিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰিবলৈ নিযুক্তি দিয়া হৈছে নতুন প্ৰ’-উপাচাৰ্য (সম-উপাচাৰ্য) । আই আই টি গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰ’-উপাচাৰ্যৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷
বিগত ১০২ দিনৰ বিভিন্ন ধৰ্মঘট, প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ভাৰত চৰকাৰে ৩১ ডিচেম্বৰত জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ'-উপাচাৰ্য হিচাপে নিযুক্তি দিছে ।

প্ৰ’-উপাচাৰ্য ঘোষণা
উচ্চ শিক্ষা বিভাগৰ শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা আনুষ্ঠানিক আদেশ অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমৰ্থক উপাচাৰ্যৰ দায়িত্ব অধ্যাপক দাসে গ্ৰহণ কৰিব । সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে অমৰেন্দ্ৰ দাসক নিযুক্তি দিয়া হৈছে ।
শিক্ষা মন্ত্ৰণালয়ৰ আদেশত উল্লেখ আছে যে অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসৰ সম-উপাচাৰ্য হিচাপে সেৱাৰ চৰ্তসমূহ তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন, বিধি আৰু অধ্যাদেশৰ দ্বাৰা পৰিচালিত হ’ব । ৩১ ডিচেম্বৰ, ২০২৫ তাৰিখৰ এই নিৰ্দেশ তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক/ভাৰপ্ৰাপ্ত পঞ্জীয়কলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ প্ৰতিলিপি আই আই টি গুৱাহাটী, বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি), এছ’চিয়েচন অব ইণ্ডিয়ান ইউনিভাৰ্ছিটিজ (এ আই ইউ) আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ।
এই নিযুক্তিৰ জৰিয়তে উত্তৰ-পূবৰ অন্যতম প্ৰধান কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ত শৈক্ষিক নেতৃত্ব আৰু প্ৰশাসনিক শাসন ব্যৱস্থা শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ সংকট আঁতৰাবলৈ কেন্দ্ৰৰ তদন্ত সমিতি গঠন
ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত স্থাপন হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চলি থকা পৰিস্থিতি আৰু অভিযোগসমূহ পৰীক্ষা কৰিবলৈ ভাৰত চৰকাৰে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰিছে । উচ্চ শিক্ষা বিভাগৰ শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি, তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন, ১৯৯৩ৰ ৯নং ধাৰাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
তিনিজনীয়া সমিতিৰ সভাপতিত্বত থাকিব মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এন লোকেন্দ্ৰ সিং । আন সদস্যসকলৰ ভিতৰত আছে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জগদীশ কুমাৰ পাটনায়ক আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ সম্পাদক অধ্যাপক মণীষ আৰ যোশী । এই কমিটীয়ে প্ৰয়োজনীয় বুলি বিবেচিত বিশেষজ্ঞসকলকো সহযোগিতা কৰিব পাৰে ।
এই নিৰ্দেশ অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙক সকলো চৰকাৰী কৰ্তব্যৰ পৰা নিজকে আঁতৰাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ছুটীত যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁ ছুটীত থাকিব । তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ কার্যালয়ত পূর্বে দাখিল কৰা তথ্য-প্রৱেশ সমিতিৰ প্রতিবেদনৰ তথ্য আৰু পৰামর্শৰ সন্দর্ভত বিশদ আৰু বিস্তৃত অনুসন্ধানৰ দায়িত্ব কমিটীখনক দিয়া হৈছে ৷
ইয়াৰ উপৰি বিশ্ববিদ্যালয়ৰ বিভিন্ন কৰ্মীয়ে পদত্যাগ আৰু অভিযোগ গ্ৰহণকে ধৰি বৰ্তমানৰ সংকটৰ সৃষ্টি কৰা পৰিস্থিতিৰ মূল্যায়ন কৰা হ’ব বুলি উল্লেখ কৰা হৈছে । এই তিনিজনীয়া তদন্ত কমিটীৰ পেনেলে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰিব আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব । লগতে প্ৰাসংগিক নথিপত্ৰ, যোগাযোগ আৰু ৰেকৰ্ডসমূহ পৰীক্ষা কৰিব ।
তদন্তৰ বাবে প্ৰাসংগিক বুলি বিবেচিত আন যিকোনো বিষয়ো ইয়াৰ পৰিসৰৰ ভিতৰত পৰিব । এই কমিটীক অতি সোনকালে আৰু কাৰ্যালয়ৰ স্মাৰক-পত্ৰ জাৰি কৰা তাৰিখৰ পৰা সৰ্বাধিক তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে । এই ক্ষেত্ৰত ইউ জি চিয়ে সকলো সচিবালয়ক সহায় আগবঢ়াব । আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সম্পূৰ্ণ সহযোগিতা আৰু প্ৰয়োজনীয় নথি-পত্ৰ আৰু সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে ।
এই নিৰ্দেশৰ প্ৰতিলিপি তদন্ত সমিতিৰ সকলো সদস্য, তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু উপাচাৰ্য, অসমৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে ।
প্ৰতিবাদৰ সূত্ৰপাত
উল্লেখ্য যে যোৱা ২০২৫ বৰ্ষৰ ২২ ছেপ্টেম্বৰৰ পৰা উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ প্ৰতি অৱমাননা কৰাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচীৰ সূত্ৰপাত হৈছিল ।
তদন্ত কমিটীক লৈ ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া
মুঠ ১০২ দিন প্ৰতিবাদৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ত ছাত্র সমাজৰ হৈ বিশ্ববিদ্যালয়ৰ ছাত্র নিপু বৰুৱাই কয়, "এই সিদ্ধান্তৰ বিষয়ে আমি এতিয়াও সম্পূৰ্ণৰূপে বুজিব পৰা নাই । কাৰণ এই প্ৰ’-উপাচাৰ্য নিযুক্তিৰ পিছত এক্টিং উপাচাৰ্যগৰাকী অচল হৈ পৰিব নেকি । তাৰ লগতে চৰকাৰে যি তাদান্তকাৰী কমিটী গঠন কৰি দিছে তাতো কিছু সন্দেহৰ অৱকাশ আছে । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ মেজিষ্ট্ৰেট ইনকুৱাৰী, অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ দ্বাৰা ইনকুৱাৰী কৰিছিল, সেয়া আজিও ৰাজহুৱা নহ'ল ।"
তেওঁ লগতে কয়, "ইয়াৰ পূৰ্বে তিনিজনীয়া ফেক্ট ফাইণ্ডিং কমিটী আহিছিল, তাৰো একো তথ্য পোহৰলৈ নাহিল । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় শিক্ষা সচিব আহি প্ৰতিশ্ৰুতি প্ৰদান কৰি গ'ল, তাৰ খবৰ সকলোৱে জানে ।"
আনহাতে, কেন্দ্ৰীয় উচ্চ শিক্ষা সচিবৰ দলৰ যৌথ সচিব সৌম্য গুপ্তাই ডিচেম্বৰ মাহৰ ৫ তাৰিখে বিশ্ববিদ্যালয় ভ্ৰমণৰ সময়ত এক উচ্চ পৰ্যায়ৰ তদন্ত বিশেষকৈ ৰাষ্ট্ৰপতি পৰ্যায়ৰ তদন্তৰ বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলি বৰুৱাই কয় । তেওঁ লগতে কয়, "আমি বিশ্ববিদ্যালয়ৰ ছাত্র সমাজেও ৰাষ্ট্ৰপতি পৰ্যায়ৰ তদন্ত বা উচ্চতম ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত ন্যায়াধীশৰ অধীনত এক তদন্ত হোৱাটো বিচাৰিছিলোঁ ।"

