সুৰাৰ দাম বৃদ্ধি হ'লে খোৱাটো কমিব: মন্ত্রী অতুল বৰা
নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত বিশেষ বৈঠক । সুৰাৰ দাম বৃদ্ধি প্ৰসংগত মন্তব্য বৰাৰ ।

Published : June 14, 2026 at 10:14 AM IST
গুৱাহাটী: "যদিহে মদৰ দাম বাঢ়ে তেতিয়া মদ খোৱাতো কমিব । আমি ৰাজহ হ্ৰাস হোৱা কথাত গুৰুত্ব দিয়া নাই ।" সুৰাৰ মূল্য বৃদ্ধি সন্দৰ্ভত এইদৰে মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়,"অসমত সুৰাপায়ী বহুত আছে, সকলোৱে জানে । বহুতে চুলাই মদ সেৱন কৰে । গতিকে দাম বাঢ়িলে বহুতে ক্ৰয় কৰিব নোৱাৰিব আৰু নাখাব । ৰাজহটো আমাৰ বাবে মূল কথা নহয় । আমি বাকী দিশবোৰো চাব লাগিব ।"
ইফালে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে জিলাখনৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।
উক্ত বৈঠক সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়,"পুনৰ অভিভাৱক মন্ত্রীৰ দায়িত্ব অৰ্পণ কৰিছে । বৈঠকত বিধায়ক বিজয় গুপ্তা আৰু তপন দাস আছিল । বৈঠকত বিভিন্ন বিভাগৰ আঁচনিৰ ৰূপায়ণ সম্পৰ্কে আলোচনা কৰা হয় । কৃত্রিম বানৰ কথাটো পৃথকে বিশদভাৱে আলোচনা কৰিম । আমি এটা টীম হিচাপে কাম কৰিব লাগিব । গুৱাহাটীখন হৈছে ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰ ।"
উল্লেখ্য বৈঠকত বিভাগসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা জনকল্যাণমূলক আঁচনিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, আবকাৰী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, লোক নিৰ্মাণ, স্বাস্থ্য, মহিলা আৰু শিশু উন্নয়ন বিভাগ তথা গুৱাহাটী পৌৰ নিগমে পাৱাৰ পইণ্ট প্ৰেজেণ্টটেশ্যনৰ সহায়ত বিভাগীয় কাম-কাজৰ খতিয়ানসমূহ দাঙি ধৰে ।

অভিভাৱক মন্ত্ৰীগৰাকীয়ে নিৰ্ধাৰিত সময়ত চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তদুপৰি কল্যাণকামী আঁচনিৰ পৰা কোনো হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ প্ৰতি বিষয়াসকলক নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে । বিশেষকৈ বান তথা দুৰ্যোগ ব্যৱস্থাপনা সম্বন্ধীয় সময়ত সংশ্লিষ্ট বিভাগসমূহক অধিক সতৰ্ক হৈ থাকিবলৈ তেওঁ আহ্বান জনায় । এইক্ষেত্ৰত অধিক দায়বদ্ধতাৰে জনসেৱাৰ কামত মনোনিবেশ কৰিবলৈ বিষয়াসকলৰ প্ৰতি তেওঁ পৰামৰ্শ আগবঢ়ায় ।
বৈঠকত নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাস, জিলা আয়ুক্ত স্বপ্নীল পাল, যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকা, অতিৰিক্ত জিলা আয়ুক্তদ্বয় হেমাংগ নবিশ আৰু জোনটি ডেকা, দিছপুৰ সমজিলা আয়ুক্ত বিমান দাস, জালুকবাৰী সম জিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, ডিমৰীয়া সমজিলা আয়ুক্ত কংকন শৰ্মাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

