প্ৰতিবাদৰ ৮৬ দিন: তেজপুৰ বিশ্ববিদ্যালয়ত ৯ ঘণ্টীয়া অনশন, ১৯ ডিচেম্বৰত গুৱাহাটীত গণ অভিবৰ্তন
উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণ আৰু দুৰ্নীতি-অনিয়মৰ নিৰপেক্ষ তদন্তৰ দাবীত অটল ছাত্ৰ সমাজ ।

Published : December 15, 2025 at 7:26 PM IST
তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণ আৰু দুৰ্নীতি-অনিয়মৰ নিৰপেক্ষ তদন্তৰ দাবীত চলি থকা আন্দোলনে আজি ৮৬ দিন অতিক্ৰম কৰিলে । সোমবাৰেও বিশ্ববিদ্যালয় চৌহদত পুৱা ৯ বজাৰ পৰা ৯ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষক, ছাত্ৰ আৰু কৰ্মচাৰীসকলে ।
দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেখুৱাই অহা উপেক্ষাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে যোৱা ৬ ডিচেম্বৰত উচ্চ শিক্ষা বিভাগৰ সচিবে আগবঢ়োৱা অনানুষ্ঠানিক আশ্বাসসমূহ শীঘ্ৰে আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰাৰ দাবীত এই অনশন ধৰ্মঘট সন্ধিয়া ৬ বজালৈকে চলে । ইয়াৰ পূৰ্বেও আন্দোলনকাৰীসকলে দিনে-নিশাই অৱস্থান ধৰ্মঘট চলাই আহিছে ।
ইফালে, তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালে অহা ১৯ ডিচেম্বৰত গুৱাহাটীত এক বৃহৎ ‘গণ অভিবৰ্তন’ আয়োজন কৰাৰ কথা ঘোষণা কৰিছে । গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত বিয়লি ২ বজাৰ পৰা এই অভিবৰ্তন অনুষ্ঠিত হ’ব । বিশ্ববিদ্যালয়ৰ ছাত্র নিপু বৰুৱাই ই টিভি ভাৰতক কয়, "এই গণ অভিবৰ্তনত তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা দীৰ্ঘসময় ধৰি চলি থকা আন্দোলনৰ দাবী চনদৰ লগতে এই দাবীসমূহৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকা সন্দৰ্ভত জনসাধাৰণক অৱগত কৰা হ’ব । একে সময়তে বিভিন্ন সংগঠন, নাগৰিক সমাজ, গণ মাধ্যম আৰু বৌদ্ধিক মহলৰ দিহা-পৰামৰ্শ আৰু সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে আন্দোলনটোক সামগ্ৰিক ৰূপ দিয়াৰো চিন্তা কৰা হৈছে । "

তেওঁ লগতে কয়, "ইয়াৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব । অতি সোনকালে সিঙক আঁতৰাই নেপেলালে আজি হোৱা ন ঘণ্টীয়া অনশন অনাগত দিনত হয়তো আমৰণ অনশনলৈ ৰূপান্তৰিত হ'ব ।"

বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু আত্মমৰ্যাদা ৰক্ষাৰ স্বাৰ্থত আপোচহীন সংগ্ৰাম চলাই অহা শিক্ষক, ছাত্ৰ, কৰ্মচাৰী সমাজে এই গণ অভিবৰ্তনত জাতীয় সংগঠন, যুৱ-ছাত্ৰ সংগঠন, সচেতন নাগৰিক, গণ মাধ্যম আৰু বৌদ্ধিক সমাজৰ সহযোগিতা কামনা কৰিছে । আন্দোলনকাৰীসকলৰ মতে, ১৯ ডিচেম্বৰৰ এই গণ অভিবৰ্তনে তেজপুৰ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি চলি অহা অন্যায়-অনীতিৰ বিৰুদ্ধে ন্যায়ৰ যুঁজখনক নতুন গতি প্ৰদান কৰিব ।
এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ ছাত্র দেৱাশীষ ভূঞাই কয়, "ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালায়ে বিশ্ববিদ্যালয়ৰ বিষয়ে একেবাৰে গুৰুত্ব দিয়া নাই, তেওঁলোকে এসপ্তাহ পূৰ্বে আশ্বাস প্ৰদান কৰিছিল, উচ্চ শিক্ষা বিভাগে বহুতো আশ্বাস প্ৰদান কৰিছিল যে আমাক এটা গ্ৰহণযোগ্য সমাধান দিব; কিন্তু কাৰ্যতঃ একো কৰা নাই যাৰ বাবে আজি আমি একত্ৰিত হৈ পুৱা ৯ বজাৰ পৰা অনশন ধৰ্মঘট কৰিছো ।"

আন এগৰাকী ছাত্র ৰাজেন দাসে কয়, "যোৱা ৮৫ দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমি ছাত্র-ছাত্ৰীসকলে প্ৰতিবাদ কৰি আহিছো আৰু আজি ৮৬ দিনত ভৰি দিলে । যোৱা ৬ ডিচেম্বৰত বিশ্ববিদ্যালয়লৈ বিনোদ যোশী ,সৌম্য গুপ্তাৰ অধীনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ যি প্ৰতিনিধি দল আহিছিল তেওঁলোকে ৯ ডিচেম্বৰৰ ভিতৰত এক সিদ্ধান্ত দিয়াৰ কথা কৈছিল; কিন্তু আমি একো ৰিজাল্ট নাপালো, সেইবাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছো । এই প্ৰতিবাদী ঠাইত বহুতে পঢ়ি আছে । কিছুমান ছাত্র-ছাত্ৰীয়ে নিজৰ এছাইনমেণ্ট কৰি আছে । কথা হ'ল দুৰ্নীতিগ্ৰস্ত যিগৰাকী উপাচাৰ্য শম্ভূনাথ সিং যেতিয়ালৈকে ইয়াৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব । আমাৰ ইয়াত কোনো হাৰি যোৱা বিধৰ নহয়, কাৰণ আমাৰ এই দাবী মানিব লাগিব আৰু এইটো সকলোৱে বিচাৰিছে ।"

