এ ডি আৰ ই : সংৰক্ষিত পদত ভুৱা নথিপত্রৰে চাকৰি ল'লে কোনে কোনে ? চৰকাৰৰ তদন্ত ঘোষণা
আনৰ পিঠাৰে বিহু পাতিবলৈ গৈ এতিয়া ধৰা পৰিছে বহুজন ৷ চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত পদত নিযুক্তিৰ নামত কেলেংকাৰী ৷

Published : February 27, 2026 at 7:13 AM IST
গুৱাহাটী : ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তিক একাংশই জালিয়াতিৰে প্ৰহসনত পৰিণত কৰিছে । ভুৱা নথিৰে এ ডি আৰ ইত শতাধিক যুৱক-যুৱতীয়ে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি চাহ জনজাতিৰ ভুৱা নথিৰে চাকৰিত মকৰল হৈছে ১২৩ গৰাকী প্রাৰ্থী । দল-সংগঠনৰ এই অভিযোগ আৰু আপত্তিৰ পিছত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে । তদন্তত ১২৩ গৰাকী প্রাৰ্থীৰ নথি-পত্র পুনৰীক্ষণ কৰা হৈছিল আৰু পুনৰীক্ষণত ৯৮ গৰাকী প্রাৰ্থীয়ে উপযুক্ত প্ৰমাণপত্র দাখিল কৰিব পৰা নাই । এইসকল প্ৰাৰ্থীয়ে চাহ জনজাতিৰ নথি-পত্রৰে চাকৰি লৈছিল ।
তদন্ত ঘোষণাৰ পাছতে কৰা প্রাথমিক অনুসন্ধানত সন্দেহজনক বহু তথ্য ধৰা পৰাত এ ডি আৰ ইত নিযুক্তিপ্রাপ্ত ৩৮জন প্রার্থীৰ নথিপত্ৰ পুনৰ পৰীক্ষাৰ নিৰ্দেশ জাৰি কৰা হৈছে । চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত পদতে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । অভিযোগ অনুসৰি বহু প্রার্থীয়ে অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ নামত থকা সংৰক্ষিত পদত জাল নথি দাখিলেৰে বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় । চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি অভিযোগ উত্থাপিত হোৱা প্ৰাৰ্থীসকল হৈছে আকাশ কৈৰী (কৃষি), অৰূপ চাহু (কৃষি), ভূমিকা চাহু (পশুপালন), লাল বাহাদুৰ যাদৱ (পৰিৱেশ- বন), সুনির্মল মাহাতো (বিত্ত), ৰজত কৈৰী (মীন), ভাস্কৰ কৈৰী (সাধাৰণ প্ৰশাসন), অজয় কানু (সাধাৰণ প্ৰশাসন), গুদ্দু মাহাতো (সাধাৰণ প্রশাসন), প্রসিদ্ধ দুৱৰা কৰ্মকাৰ (সাধাৰণ প্ৰশাসন), ৰিচ্চা সিং (সাধাৰণ প্রশাসন), সৌভিক কৰ্মকাৰ (সাধাৰণ প্রশাসন), শুভম কৰ্মকাৰ (সাধাৰণ প্ৰশাসন), ৰূপম কানু (খিলঞ্জীয়া-জনজাতি বিশ্বাস), ৰাজীৱ কমল (খিলঞ্জীয়া-জনজাতি বিশ্বাস), ৰোহন ভুলিয়া (জলসিঞ্চন), শংকৰ ভূঞা (জলসিঞ্চন), বিশাল কানু (পঞ্চায়ত-গ্রামোন্নয়ন), কমল কান্ত মাহতো (পঞ্চায়ত-গ্রামোন্নয়ন), ৰূপক সাহা (পঞ্চায়ত-গ্রামোন্নয়ন), মনিষ কুমাৰ সিং (পঞ্চায়ত-গ্রামোন্নয়ন), সুৰজিত ৰয় (পঞ্চায়ত-গ্রামোন্নয়ন), নীতিশ কুমাৰ কৈৰী (শক্তি), প্রবীণ কুমাৰ সিং (শক্তি), সুনীল মাহাট্টো (শক্তি), বাসুদেৱ কুশৱাহা (জনস্বাস্থ্য), ৰীমা মেষ্টন (ৰাজহ), অৰুণ মাহাতো (বিদ্যালয় শিক্ষা), মঞ্জু প্রজাপতি (বিদ্যালয় শিক্ষা), ৰঞ্জন শ্বাহ (বিদ্যাল শিক্ষা), চম্পা কৰ্মকাৰ (বিদ্যালয় শিক্ষা), পার্থপ্রতীম কৰ্মকাৰ (বিদ্যালয় শিক্ষা), প্রিয়ংকা পাটোৱাৰী (বিদ্যালয় শিক্ষা) টানু চাহু (বিদ্যালয় শিক্ষা), সঞ্জয় চৌহান (দক্ষতা আৰু নিয়োগ), বিক্রম প্রজাপতি (পৰিবহণ), মিন্টু পাটোৱাৰী (পৰিবহণ) আৰু বিক্রম মেহতা (জলসম্পদ)।

উল্লেখ্য যে এই প্রার্থীসকলে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে সংৰক্ষিত পদত অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু- অন্যান্য পিছপৰা শ্ৰেণীৰ জাল নথি ব্যৱহাৰেৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা অভিযোগ উত্থাপন হৈছে । এইসকলৰ নথিপত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যপালৰ নিৰ্দেশ মর্মে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে অনুসূচিত জাতি আৰু পিছপৰা শ্রেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকক অধ্যক্ষ হিচাপে লৈ ১০জনীয়া এখন বিশেষ সমিতি গঠন কৰি দিছে । এই সমিতিয়ে সংশ্লিষ্ট প্রার্থীসকলৰ নথিপত্ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে । আনহাতে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক, বিশেষ এডুকেটৰ, স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ লগতে অসম আৰক্ষীৰ কনিষ্ঠবল পদতো কেইবাজনো প্রার্থীয়ে জাল নথিৰে চাহ জনজাতি-আদিবাসীৰ বাবে সংৰক্ষিত পদত নিযুক্তি লাভৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাত উদ্বেগ প্রকাশ কৰিছে আদিবাসী ছাত্র সন্থাই (আছা)। উল্লেখ্য যে চাহ জনগোষ্ঠী জাতীয় সন্মিলনে চাহ জনগোষ্ঠীয় প্রার্থীক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমতি দিয়ে । তেওঁলোকৰ অনুমতিৰ ভিত্তিত সংশ্লিষ্ট জিলাৰ উপায়ুক্তই প্রমাণপত্ৰ প্ৰদান কৰে । তৎসত্ত্বেও এনে ধৰণৰ অনিয়ম কেনেদৰে সংঘটিত হৈছে বুলি আছাই ক্ষোভ প্রকাশ কৰিছে ।

এই সম্পৰ্কত আছাৰ সাধাৰণ সম্পাদক দেৱেন ওৰাঙে কয়, ‘আমাৰ দীৰ্ঘদিনীয়া দাবী সত্ত্বেও চিনাক্তকৰণৰ ক্ষেত্ৰত এনে ধৰণৰ ঘটনা কেনেদৰে সংঘটিত হৈছে ? এয়া গৰিহণাযোগ্য ।" উল্লেখ্য যে কেইবাটাও সংগঠনে ১২৩ জন প্ৰাৰ্থীৰ বিৰুদ্ধে ভুৱা নথি দাখিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল । অভিযোগসমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে সংশ্লিষ্ট সকলো প্ৰাৰ্থীৰ নথি পুনৰ পৰীক্ষণৰ নিৰ্দেশ জাৰি কৰে । সেই অনুসৰি নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । নথি পৰীক্ষণৰ সময়ত ২৫ গৰাকী প্ৰাৰ্থী উপস্থিত নথকাত সন্দেহ অধিক গাঢ় হয় । আনহাতে ২১ গৰাকী প্ৰাৰ্থীয়ে পৰ্যাপ্ত আৰু বৈধ নথি-পত্ৰ দাখিল কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সক্ষম হয় । কিন্তু ২৪গৰাকী প্ৰাৰ্থীয়ে সম্পূৰ্ণ নথি দাখিল কৰিব নোৱৰাত তেওঁলোকৰ ভূমিকাক সন্দেহজনক বুলি ধৰা হৈছে । বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সংৰক্ষিত পদত নিয়োগ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু ন্যায় নিশ্চিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । যিসকল প্ৰাৰ্থীয়ে জাল নথিৰে চৰকাৰী চাকৰি লাভৰ চেষ্টা কৰিছে, তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী আইনৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলি বিভাগটোৱে সদৰী কৰিছে । এনেধৰণৰ প্ৰবঞ্চনামূলক ৰাজ্য চৰকাৰে কোনোকাৰণতেই সহ্য নকৰে বুলিও বিভাগটোৱে সদৰী কৰিছে ।

ইফালে এই সন্দৰ্ভত চাহ জনগোষ্ঠী জাতীয় সন্মিলনীৰ সভাপতি ডঃ ভগীৰথ কৰণে কয়, "সন্দেহৰ আৱৰ্তত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত পদত চাকৰি লোৱা ৪৯ গৰাকী প্ৰাৰ্থী । ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ সন্দেহ । নিৰীক্ষণৰ সময়ত ৫৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৪গৰাকী প্ৰাৰ্থীয়েহে দাখিল কৰে সম্পূৰ্ণ নথি । সংশ্লিষ্টসকলে আত্মপক্ষৰ সমৰ্থনৰ বাবে এসপ্তাহৰ বাবে লাভ কৰিব সুযোগ । নিৰ্দিষ্ট সময়ত নথি দাখিলত ব্যৰ্থ হ'লে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে ।"

তেওঁ লগতে কয়, "বিভিন্ন বিভাগত নিযুক্তি পোৱা ১২৩ জনৰ বিৰুদ্ধে অভিযোগ আছিল । তেওঁলোকক মতা হৈছিল আৰু নথিপত্র নিৰীক্ষণ কৰা হৈছিল । নিৰীক্ষণ কৰাৰ পাছত দেখা পালো যে ৯৮ জনে তেওঁলোকৰ লাগতিয়াল তথ্য পাতি দিব নোৱাৰিলে। মাত্র ২৫ জনেহে দিব পাৰিলে । নিযুক্তি পোৱা ৫৩ জন প্ৰাৰ্থীৰ পৰীক্ষণ কৰাত ৪ জনকহে বৈধ হিচাপে চিনাক্ত কৰিব পাৰিলো । বাকী ৪৯ জনেই উপযুক্ত প্ৰমাণ পত্র দিব নোৱাৰিলে । বাচনি হৈ আছিল ৭০ জন আৰু তেওঁলোকৰ মাত্র ২১ জনেহে বৈধ নথিপত্র জমা দাখিল কৰিব পাৰিলে । বাকীসকলে নোৱাৰিলে । যিসকলক বাতিল কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব । মুখ্যমন্ত্রীয়েও এই কথা কৈছে । তেওঁলোকে ৰাজ্য চৰকাৰৰ কোনো চাকৰিতে আৱেদন কৰিবলৈ দিয়া নহ'ব । আমিও চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৱেদন জনাম । যাতে কোনেও ভৱিষ্যতে চাহ বাগিচাৰ নামত থকা আসনবোৰ গ্ৰহণ কৰিব নোৱাৰে ।"
লগতে পঢ়ক: অসম বিধানসভা নিৰ্বাচন আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি : প্ৰাৰ্থিত্বৰ দৌৰত বহু প্ৰভাৱশালী নেতাৰ সন্তান

