ETV Bharat / state

ৰাণীত বনৰীয়া হাতীৰ বাবে বন বিভাগে কৰিছে নেপিয়াৰ ঘাঁহৰ খেতি

ৰাণী বনাঞ্চলত ৫ জুলাইৰ পৰা ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ কৰিছে ।

Forest department Human elephant conflict prevent goal
হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ অনন্য প্ৰয়াস বন বিভাগৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 6, 2026 at 7:40 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অসম-মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে প্ৰায়ে ৰাণীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলটোৰ গাঁওসমূহত প্ৰৱেশ কৰি মানুহৰ ঘৰৰ চৌহদত থকা ভঁৰাল ভাঙি ধান খাই তহিলং কৰাৰ লগতে বহুত অনিষ্ট কৰে । আনকি বিভিন্ন সময়ত হাতী-মানুহৰ সংঘাত হোৱাও দেখা যায় ।

হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে এইবাৰ বন বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । হাতীৰ খাদ্য এই সমস্যাৰ মূল কাৰণ হৈছে । সেয়ে বন বিভাগে ৰাণীত হাতী অহা যোৱা কৰা পথ আৰু বিচৰণ ক্ষেত্ৰসমূহত হাতীৰ প্ৰিয় খাদ্য নেপিয়াৰ ঘাঁহ ৰোপণ কৰিছে ।

ৰাণীত বন বিভাগে কৰিছে নেপিয়াৰ ঘাঁহৰ খেতি (ETV Bharat)

বন বিভাগৰ এক সূত্ৰই জনোৱা মতে নেপিয়াৰ ঘাঁহৰ আন এটা নাম হৈছে এলিফেণ্ট গ্রাছ । এই ঘাঁহ হাতীৰ প্ৰিয় খাদ্য । গতিকে এই ঘাঁহৰ খেতি কৰি হাতীৰ খাদ্যৰ অভাৱ পূৰণ কৰাৰ বাবে বিভাগীয়ভাৱে প্রচেষ্টা চলোৱা হৈছে । যাতে হাতীৰ খাদ্যৰ অভাৱ পূৰণ কৰি হাতীক জনাঞ্চল বা মানুহৰ বসতি অঞ্চললৈ অহা কাৰ্য ৰোধ কৰি হাতী-মানুহৰ সংঘাত নিৰাময় কৰিব পাৰি ।

আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ বাবে বিখ্যাত ৰাণী বনাঞ্চলত ৫ জুলাইৰ পৰা ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ কৰিছে । ৫ জুলাইৰ বিয়লি ৰাণীৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ মেঘালয় সীমান্তৱৰ্তী নালাপাৰাত ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মনৰ নেতৃত্বত বনকৰ্মীৰ দলে স্থানীয় বাসিন্দাৰ সহযোগত নেপিয়াৰ ঘাঁহৰ ৰোপণ আৰম্ভ কৰিছে ।

Forest department Human elephant conflict prevent goal
হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ অনন্য প্ৰয়াস বন বিভাগৰ (ETV Bharat)

এই কাৰ্যসূচীত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা গোটৰ আঞ্চলিক বন বিষয়া ভগৱান কলিতাৰ উপৰিও ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নালাপাৰা, শুকুৰবৰীয়া, চেঁচা আদি খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়াসকল উপস্থিত থাকে । আঞ্চলিক বন বিষয়া ৰজী বৰ্মনে জানিবলৈ দিয়া মতে নেপিয়াৰ ঘাঁহৰ এই ৰোপণ কাৰ্যসূচী বাৰিষাৰ দিনকেইটাত চলি থাকিব ।

বন বিভাগৰ মূল লক্ষ্য হৈছে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে যাতে খাদ্যৰ বাবে গাঁৱত প্ৰৱেশ নকৰে । যদি বন বিভাগে নেপিয়াৰ ঘাঁহৰ খেতি কৰি বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ পূৰণ কৰিব পাৰে তেন্তে অসমত চলি থকা হাতী-মানুহৰ সংঘাত কিছু হ'লেও দূৰ হ'ব বুলি আশা কৰা হৈছে ।

Forest department Human elephant conflict prevent goal
ৰাণীত বন বিভাগে কৰিছে নেপিয়াৰ ঘাঁহৰ খেতি (ETV Bharat)

ইফালে একাংশ বিশেষজ্ঞই সদৰী কৰা অনুসৰি এই নেপিয়াৰ ঘাঁহত থাকে অধিক চেলুলজ বা শৰ্কৰা আৰু জাইলন । কিম্বনৰ (Fermentation) বাবে প্ৰয়োজনীয় শৰ্কৰালৈ ভাঙি যায় বাবে জৈৱ ইন্ধন প্ৰস্তুত কৰাত সহায় হয় । সেয়ে নেপিয়াৰ ঘাঁহৰ পৰা হাতীৰ খাদ্য উৎপাদনৰ লগতে জৈৱ ইন্ধনত ব্যৱহাৰ কৰাৰো সুবিধা আছে । আনকি ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰত জৈৱ ইন্ধন প্রকল্প নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া বাঁহ, নেপিয়াৰ ঘাঁহ আদি উৎস উদ্ভিদৰ প্রয়োজন হৈ পৰিছে ।

লগতে পঢ়ক :

অভাৱেই আবিষ্কাৰৰ মূল ! পানী বাঢ়িলে ওপৰলৈ, কমিলে তললৈ নামি যোৱা কলিযুগৰ খুঁটাবিহীন ‘ৰামসেতু’