ETV Bharat / state

বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ, গ্ৰেপ্তাৰ এক

ড্ৰাগছ, অসামাজিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী ।

huge quantity of drugs seized in Kalgachia and jania Barpeta,peddler arrested
বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ, গ্ৰেপ্তাৰ এক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 12, 2026 at 12:58 PM IST

3 Min Read
Choose ETV Bharat

জনীয়া : বৰপেটা জিলাৰ জনীয়াত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈছে । জিলা উপ-আৰক্ষী অধীক্ষক অলংকৃতা শইকীয়াৰ নেতৃত্বত ৰাইজউদ্দিনৰ ঘৰত আৰক্ষীয়ে এই অভিযান চলাই নিচাজাতীয় সামগ্ৰীখনি জব্দ কৰে ।

আৰক্ষীৰ এই অভিযানত ৩৭৮ গ্ৰাম গাঞ্জাৰ লগতে ১৮০টা হোৱাইট ইংক জব্দ । অৱেশ্য়ে আৰক্ষীৰ উপস্থিতিৰ উমান পাই অভিযুক্ত ৰাইজউদ্দিনে পলায়ন কৰে । ইফালে, জনীয়া অঞ্চলত নিচাজাতীয় সামগ্ৰী আৰু অন্যান্য অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত নিশাই ৰাজপথলৈ ওলাই আহি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ, গ্ৰেপ্তাৰ এক (ETV Bharat Assam)

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰাইজউদ্দিন নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায় চলাই পৰিৱেশ বিনষ্ট কৰি আহিছিল । জনীয়াৰ লগতে চৌধুৰী বজাৰ অঞ্চলতো একাংশ লোকৰ বিৰুদ্ধে গাঞ্জা, ড্ৰাগছ, অবৈধ সুৰা আৰু নাৰীদেহ ব্যৱসায়কে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ চলোৱাৰ স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

দীৰ্ঘদিন ধৰি এনে কাৰ্যকলাপ চলি থকাৰ ফলত অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে । এনে অসামাজিক কাৰ্যকলাপত অতিষ্ঠ হৈ নিশাই ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । গাঞ্জা, ড্ৰাগছ, অবৈধ সুৰা আৰু অন্যান্য অসামাজিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ । প্ৰতিবাদকাৰী ৰাইজে প্ৰশাসনক অঞ্চলটোত নিয়মীয়া অভিযান চলাই অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

Protest against Drugs peddlers
নিচাজাতীয় সামগ্ৰীৰ ব্য়ৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

ইপিনে ,কলগাছিয়াৰ আমগুৰিত বৃহৎ পৰিমাণৰ ভাংসহ এজনক এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । নিশা কলগাছিয়া থানাৰ আৰক্ষীয়ে অভিযান চলাই ৮ কেজি ১৬৬ গ্ৰাম ভাং জব্দ কৰাৰ লগতে লালচান আলী নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি, লালচান আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধভাৱে ভাঙৰ ব্যৱসায় চলাই আহিছিল । জব্দ কৰা ভাংখিনি শওপুৰৰ পৰা আনি আমগুৰি গাঁৱৰ কব্বাদ আলীৰ ঘৰত ওজন কৰি থাকোতেই আৰক্ষীয়ে অভিযান চলাই ভাংসহ লালচান আলীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ এই সফল অভিযানৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "আৰক্ষীয়ে দিনৰ ভাগতেই চৌধুৰী মাৰ্কেটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানত নিচাজাতীয় সামগ্ৰীসহ ওজন লোকক গ্ৰেপ্তাৰ কৰিছে । এই লোকজনে অঞ্চলটোত চলাই থকা এনে বেহাৰ বাবেই একাংশ যুৱপ্ৰজন্মই ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে । সেইবাবে দুজনমান ল'ৰাক সময় থাকোতে ভাল হোৱাৰ বাবে আহ্বান জনাইছিলো । সেই কথা কোৱা বাবে মই ইয়াত এখন দোকানৰ সন্মুখত চাহ খাই থকা অৱস্থাতে সেই ল'ৰাজনৰ লগতে তেওঁৰ অভিভাৱক, ড্ৰাগছ ব্য়ৱসায়ীয়ে আহি মোক আক্ৰমণ কৰে । ইয়াৰ পিচতেই ৰাইজে এই কাৰ্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে । "

স্থানীয় ৰাইজৰ অনুসৰি লালচান আলীয়ে অঞ্চলটোৰ বিভিন্ন ঠাইত ভাঙৰ ব্যৱসায় চলোৱাত যুৱ প্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । সেয়েহে ৰাইজে এনে অবৈধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ আৰু ধাৰাবাহিক অভিযান চলাবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:উকীল সন্থাক আহ্বান সচেতন ৰাইজৰ

অসমত ড্ৰাগছৰ ভয়াৱহ ৰূপ: সদনত তথ্য দিলে মন্ত্রী পীযুষ হাজৰীকাই

নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী