ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ, এজনক আটক
ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । লগতে আটক এই বেহাৰে জড়িত এজন লোক ।

Published : May 25, 2026 at 8:23 AM IST
ধুবুৰী: ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অবাধে চলি আছে বৰবিহ ড্ৰাগছৰ বেহা । আৰক্ষী প্ৰশাসনে নিষিদ্ধ নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ মাজতেই একাংশ সমাজ বিৰোধী চক্ৰই নিজৰ ঘৰৰ পৰাই অব্য়াহত ৰাখিছে এই বেহা । ইয়াৰ মাজতেই আৰক্ষীয়ে ধুবুৰীত অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । লগতে আটক কৰিলে এই বেহাৰে জড়িত এজন লোকক ।
এই অভিযানৰ বিষয়ে সদৰী কৰিছে ধুবুৰী জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঃ অনুপ জ্যোতি বৰাই । আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, নিচাজাতীয় ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এক অভিযান চলায় । ধুবুৰীৰ ঝগৰাৰপাৰত আনোৱাৰ হুছেইন নামৰ এজন ড্ৰাগছ বেপাৰীৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।
অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চহৰখনৰ সমীপৱৰ্তী ঝগৰাৰপাৰ অঞ্চলত অভিযান চলায় । জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাৰ নিৰ্দেশত এই অভিযান চলাই আনোৱাৰ হুছেইন নামৰ লোকজনৰ বাসভৱনৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে ।"

অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঃ বৰাই কয় যে এই অভিযানত আৰক্ষীয়ে ১২৬০ টা নিচাজাতীয় টেবলেট আৰু ৩১ টা কফ চিৰাপৰ বটলৰ লগতে নগদ ২০ হেজাৰ টকা জব্দ কৰে । এই সংক্ৰান্তত আনোৱাৰ হুছেইনক আটক কৰি তদন্ত অব্য়াহত ৰখা বুলিও কয় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

ইপিনে, জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা ড্ৰাগছৰ দৰে বৰবিহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্য়াহত ৰাখিব বুলি উল্লেখ কৰি অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঃ বৰাই কয়, "আমাৰ ফালৰ পৰা চেষ্টা অব্য়াহত ৰাখিছোঁ ।"
লগতে পঢ়ক: কাছাৰত ড্ৰাগছ বিৰোধী অভিযান: প্ৰায় ২ কোটি মূল্যৰ কফ চিৰাপসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

