ETV Bharat / state

ক্ষেত্ৰী আৰক্ষীৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক অভিনন্দন

মহানগৰীৰ ক্ষেত্ৰী আৰক্ষী থানা আৰু নাগৰিক সমিতিৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা ।

Khetri Police
ক্ষেত্ৰী আৰক্ষীৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক অভিনন্দন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 7:50 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: মহানগৰীৰ ক্ষেত্ৰী আৰক্ষী থানা আৰু ক্ষেত্ৰী থানা নাগৰিক সমিতিৰ যৌথ উদ্যোগত থানা চৌহদত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় । শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ক্ষেত্ৰী থানা এলেকাৰ অন্তৰ্গত তিনিটা পৰীক্ষা কেন্দ্ৰৰ মুঠ ২৫ গৰাকী শিক্ষাৰ্থীক এই অনুষ্ঠানত বিশেষভাৱে সন্মানিত কৰা হয় ।

অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক একোখনকৈ প্ৰশস্তি-পত্ৰ আৰু অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । শিক্ষাৰ্থীসকলৰ এই সফলতাত উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ শৈক্ষিক যাত্ৰা অধিক ফলপ্ৰসূ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ক্ষেত্ৰী আৰক্ষীৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক অভিনন্দন (ETV Bharat Assam)

এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তন্ময় নাথ, ক্ষেত্ৰী থানা নাগৰিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰেৰণাদায়ক ভাষণ আগবঢ়ায় । অঞ্চলটোৰ ভালেসংখ্যক অভিভাৱক আৰু গণ্য-মান্য ব্যক্তিও অনুষ্ঠানটোত উপস্থিত থাকে ।

ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথে সংবাদ মাধ্যমৰ আগত কয়, "ক্ষেত্ৰী থানা আৰু নাগৰিক সমিতিয়ে সদায় সমাজৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । আমাৰ থানা এলেকাৰ কৃতী শিক্ষাৰ্থীসকলক শৈক্ষিক ক্ষেত্ৰত অধিক উৎসাহিত কৰাৰ উদ্দেশ্যেই আমি এই ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ । আমি বিচাৰোঁ আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে অধিক সফলতা অৰ্জন কৰি সমাজলৈ গৌৰৱ কঢ়িয়াই আনক ।"

অভিভাৱকসকলে আৰক্ষী আৰু নাগৰিক সমিতিৰ এই ইতিবাচক পদক্ষেপৰ শলাগ লৈছে । এনে ধৰণৰ অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাব গঢ়ি তোলাৰ লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক :মধ্যাহ্ন ভোজনৰ পাছতে অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী, মঙলদৈত হুৱাদুৱা পৰিৱেশ
লগতে পঢ়ক :কথা মতেই কাম, কমাৰগাঁৱৰ তানিষ্ঠাক শপতগ্ৰহণ অনুষ্ঠানলৈ মাতিলে হিমন্ত বিশ্ব শৰ্মাই