ETV Bharat / state

ভোটাৰে কি কয়: মাজুলীবাসীয়ে ক’ব নদীদ্বীপত প্ৰকৃততে কিমান উন্নয়ন হৈছে...

সন্মুখত নিৰ্বাচন ৷ মাজুলীত প্ৰকৃততে উন্নয়ন হৈছেনে, এই সম্পৰ্কত ভোটাৰে কি কয় ? এক প্ৰতিবেদন...

Majuli development
মাজুলীবাসীয়ে ক’ব নদীদ্বীপত প্ৰকৃততে কিমান উন্নয়ন হৈছে... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 8:16 PM IST

6 Min Read
Choose ETV Bharat

মাজুলী : সমাগত অসম বিধানসভা নিৰ্বাচন । এই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে শাসক, বিৰোধী উভয়ৰে । নিতৌ ভোটাৰক আকৰ্ষণ কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে শাসক বিৰোধী সকলোৱে । ২০২৬ৰ এই বিধানসভা সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰে নেকি ?

উল্লেখ্য যে, ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত মাজুলী বিধানসভা সমষ্টিতো এটা গুৰুত্বপূৰ্ণ সমষ্টি ৷ কিয়নো এই সমষ্টিৰ পৰাই জয়ী হৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল সৰ্বানন্দ সোণোৱাল । সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই মাজুলীত বহু উন্নয়ন হৈছে বুলি দাবী কৰিছে একাংশ স্থানীয় ৰাইজে । সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই আজিৰ তাৰিখলৈ মাজুলীৰ যথেষ্ট পৰিৱৰ্তন হোৱাৰ কথা এই চৰকাৰে দাবী কৰি আহিছে ।

মাজুলীত কিমান উন্নয়ন হৈছে ? এই সম্পৰ্কত ভোটাৰে কি কয় ? (ETV Bharat Assam)

মাজুলী বুলিয়েই নহয় বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ চুকে-কোণে উন্নয়ন হৈছে বুলি দাবী কৰি আহিছে ৰাজনৈতিক নেতাসকলে । এক কথাত ক’বলৈ গ’লে এই চৰকাৰৰ দিনত উন্নয়নৰ গংগাই অসমৰ প্ৰতিটো সমষ্টিকে চুই গৈছে বুলি দাবী কৰি আহিছে তেওঁলোকে ।

প্ৰকৃততে চৰকাৰে দাবী কৰা মতে প্ৰতিটো সমষ্টিৰ চুকে কোনে উন্নতি হৈছেনে ? চৰকাৰে ঘোষণা কৰা আঁচনিয়ে জনসাধাৰণক ঢুকি পাইছেনে ? এইবোৰৰ বিষয়ে জানিবলৈ আমাৰ ই টিভি, ভাৰতৰ সাংবাদিক গৈছিল মাজুলী বিধানসভা সমষ্টিৰ সাধাৰণ ৰাইজৰ কাষত ।

যোৱা পাঁচটা বছৰত ৰাইজে কি পাইছে, কি পোৱা নাই, মাজুলীৰ স্থানীয় ৰাইজে কি কয়, এই সন্দৰ্ভত আজিৰ আমাৰ প্ৰতিবেদন...

  • স্বাস্থ্য বিভাগ

এই বিধানসভা সমষ্টিৰ দিবাকৰ শইকীয়াই কয়, ‘‘আজিৰ তাৰিখত মাজুলীৰ যথেষ্ট পৰিৱৰ্তন হ’ল ৷ কিন্তু স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আজিৰ দিনটো মাজুলী যথেষ্ট পুতৌ লগা অৱস্থাত আছে । চিকিৎসাৰ অভাৱত ৰোগীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাটো মাজুলীবাসীৰ বাবে অত্যন্ত দুঃখৰ খবৰ ।’’

শইকীয়াই কয়, ‘‘আজিৰ তাৰিখতো মাজুলীত এগৰাকী প্ৰসূতিয়ে চিকিৎসাৰ ক্ষেত্ৰত অনিশ্চয়তাত ভুগিবলগীয়া হয় । মাজুলীৰ স্বাস্থ্য ব্যৱস্থাৰ কেতিয়া উন্নতি হ’ব, আজিৰ তাৰিখত মাজুলীবাসীৰ বাবে এটা ডাঙৰ প্ৰশ্ন ।’’

তেওঁ আৰু কয়, ‘‘চৰকাৰ আহিছে গৈছে ৷ কিন্তু মাজুলীৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । চৰকাৰ যি দলৰেই নহওঁক কিয়, স্বাস্থ্য বিভাগৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক । এই বিভাগটো উন্নত কৰাৰ লগতে আগন্তুক যি চৰকাৰেই নাহক কিয় মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ দাবী মাজুলীৰ প্ৰতিজন লোকৰেই ।’’

  • যাতায়তৰ ক্ষেত্ৰত

যাতায়তৰ দিশত মাজুলী যথেষ্ট উন্নত হ’ল । মাজুলীৰ এগৰাকী স্থানীয় ব্যক্তি, সূৰ্য কুমাৰ ভূঞাই কয়, ‘‘যাতায়তৰ দিশত মাজুলী এতিয়া যথেষ্ট উন্নত হ’ল । আগতকৈ মাজুলীৰ বাটপথৰ যথেষ্ট উন্নয়ন হৈছে, যাৰ বাবে অতি কম সময়তে মাজুলীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাব পৰা হ’ল ।’’

Majuli development
মাজুলীত প্ৰকৃততে কিমান উন্নয়ন হৈছে ? (ETV Bharat Assam)

ভূঞাই কয়, ‘‘ইফালে মাজুলীৰ পৰা মাথাউৰি হৈ ডিব্ৰুগড় যাবলৈও সুচল পথ হোৱাৰ বাবে মাজুলীবাসী যথেষ্ট উপকৃত হৈছে । ইফালে মাজুলীক উত্তৰ অসমৰ লগত সংযোগ কৰিবলৈ যি চেলেক ধুনাগুৰি দলং সম্পূৰ্ণ হোৱাৰ পথত ৷ যিটো মাজুলীবাসীৰ বাবে এটা ভাল খবৰ ।’’

তেওঁ আৰু কয়, ‘‘মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম এটা বছৰতকৈ অধিক সময় বন্ধ হৈ থকাৰ পাছত পুনৰ কাম আৰম্ভ হোৱাৰ দিশটো মাজুলীবাসীৰ বাবে অত্যন্ত ভাল খবৰ । ইতিমধ্যে মাজুলীত ঘাইপথ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে ।’’

যদিও মাজুলীৰ যাতায়ত ব্যৱস্থা উন্নত হৈছে তথাপিও ভকত চাপৰিৰ দৰে স্থানত যাতায়তৰ উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰে ভকত চাপৰিৰ এজন স্থানীয় লোক বুবুল চেকনিধৰাই । এখন দলঙৰ বাবে বিভিন্ন সময়ত চিকিৎসাৰ ক্ষেত্ৰত হওক নাইবা আন কাৰণতে হওক - ভকত চাপৰিবাসী বিপদত পৰে ৷ গতিকে আহি থকা দিনত যাৰেই চৰকাৰ নাহক লাগিলে এই অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ দাবী কৰে বুবুল চেকনিধৰাই ৷

  • চৰকাৰী আঁচনি নিৰ্দিষ্ট লোকৰ মাজতে সীমাবদ্ধ

মাজুলীৰ ভকত চাপৰি অঞ্চলৰ বুবুল চেকনিধৰাই কয়, ‘‘২০২৬ চনৰ পৰা মাজুলীৰ উন্নয়ন হৈছে ৷ কিন্তু এইখন চৰকাৰে যি হিতাধিকাৰী আঁচনি সৃষ্টি কৰিছে, সেই আঁচনিৰ সুবিধা সকলোৱে পাবলৈ সক্ষম হোৱা নাই ।’’

তেওঁ ক্ষোভেৰে কয়, ‘‘এটা শ্ৰেণীৰ লোকে এই আঁচনিৰ সুবিধা অনায়াসে পোৱাৰ বিপৰীতে পাবলগীয়া এক শ্ৰেণীৰ লোকে এই সুবিধা আজি পৰ্যন্ত পোৱা নাই । আহি থকা দিনত চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে ৷’’

আন এগৰাকী মাজুলীৰ স্থানীয় লোক অজিত হাজৰিকাই কয়, ‘‘চৰকাৰী আঁচনিবোৰে দৰিদ্ৰ লোকসকলক যথেষ্ট উপকৃত কৰিছে । যদি চৰকাৰে এই টকাখিনি এটা কামৰ বিনিময়ত দিয়ে তেতিয়া অধিক ভাল হ’ব বুলি ভাবো ।’’

  • বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দাবী

মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ দাবী স্থানীয় ৰাইজৰ । এই বিষয়ত সূৰ্য কুমাৰ ভূঞা আৰু দিবাকৰ শইকীয়াই কয়, ‘‘মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ দাবী মাজুলীবাসীয়ে বহু বছৰ ধৰি কৰি আহিছে ৷ কিন্তু আজিৰ তাৰিখতো মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । গতিকে আগন্তুক দিনত চৰকাৰ যাৰেই নহওক কিয়, মাজুলীয়ে যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পায় ৷’’

  • গৰাখহনীয়া ৰোধত ব্যৰ্থ

মাজুলীত গৰাখাহনীয়া ৰোধত ব্যৰ্থ হৈছে সকলো দলৰ চৰকাৰ । বছৰ বছৰ ধৰি গৰাখহনীয়া ৰোধৰ বাবে কাম কৰি আছে যদিও আজিৰ তাৰিখতো এই খহনীয়া ৰোধ কৰিব পৰা নাই । যাৰ ফলশ্ৰুতিত প্ৰতি বছৰে বিঘাই বিঘাই মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ।’’

মাজুলীৰ ভকত চাপৰিৰ বিভিন্ন অঞ্চলত আৰু শালমৰাত আজিৰ তাৰিখতো ভয়াৱহ খাহনীয়া অব্যাহত আছে । এই খহনীয়াৰ কৱলত পৰি ইতিমধ্যে বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী হেৰুৱাইছে । গতিকে অতি সোনকালে এই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক : বিজেপিৰ লক্ষ্য মহিলা আৰু যুৱ ভোটাৰ : হিতাধিকাৰী সৃষ্টিৰে বহু আঁচনিৰ চমক