অসমত নতুনকৈ কিমান কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে : সদনত উত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই
বান-খহনীয়া ৰোধত কিমান সফল জলসম্পদ বিভাগ ? আগন্তুক সময়ত পৰিকল্পনা কি ? সদনত কি উত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই ?

Published : November 26, 2025 at 3:35 PM IST
গুৱাহাটী : বিগত চাৰি বছৰত ৰাজ্যত ১১০০ কিলোমিটাৰ মথাউৰি পকীকৰণ কৰা হৈছে । ইয়াৰ ফলত গ্ৰাম্য পথ যোগাযোগত বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ বুধবাৰে দ্বিতীয় দিন সদনত এই কথা সদৰী কৰে জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই । সদনত বিধায়ক দিগন্ত বৰ্মনে খহনীয়াৰ প্ৰসংগত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে এই কথা উল্লেখ কৰে ।
মন্ত্রীগৰাকীয়ে কয়,"মথাউৰি পকীকৰণৰ কাম চলি থাকিব আৰু ই এটা অবিৰত প্ৰক্ৰিয়া । জলসম্পদ বিভাগৰ দায়িত্ব লোৱাৰ সময়ত অসমৰ প্ৰায় চাৰে এঘাৰশ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰা হৈছিল । বিগত চাৰি বছৰত ইয়াৰে প্ৰায় ৯.৫ কিলোমিটাৰ মথাউৰি নতুনকৈ নিৰ্মাণ কৰা হৈছে । আনহাতে আৰু ৭০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ বাবে এই বিত্তীয় বৰ্ষতে অনুমোদন দিয়া হ'ব । বাকী থকাখিনিৰ বাবে কাম আৰম্ভ কৰা হ'ব ।"
মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে,"ইয়াতে কিছুমান কথা থাকে । মথাউৰিৰ বাবে মাটি এৰি দিয়াৰ কথা আছে । আমি এটা নতুন নিয়ম কৰিছিলোঁ যে আমি মথাউৰি নিৰ্মাণ কৰি দিম । কিন্তু মাটি অধিগ্ৰহণৰ বিপৰীতে মাটিৰ মূল্য নিদিও । মাটিৰ মূল্য দিবলৈ গ'লে খৰচ বহু বেছি হৈ যায় । আনহাতে মথাউৰি নিৰ্মাণৰ ফলত সেই লোকসকলেই উপকৃত হ'ব । সেই ধৰণে মাটি এৰি দিয়াত প্ৰায় ৯.৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হয় । বাকীখিনি এই বিত্তীয় বৰ্ষতে নিৰ্মাণ কৰা হ'ব ।"
মন্ত্রীগৰকীয়ে লগতে কয়,"অসমৰ দুটা সমস্যা । এটা হৈছে বানপানী আৰু আনটো হৈছে গৰাখহনীয়া । আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে বানপানী নাইকিয়া কৰা আৰু যাৰ বাবে ৯.৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে । যাৰ ফলত এতিয়া বানপানীৰ প্ৰকোপ কমিছে । আগতে মথাউৰি নথকা স্থানেৰে পানী সোমাই গৈছিল । আমাৰ দুটা প্ৰকল্প চলি আছে । ৱৰ্ল্ড বেংকৰ সাহায্যত বেকী আৰু বুঢ়ীদিহীং প্ৰকল্প । এডিবিৰ প্ৰকল্প হৈছে ব্ৰক্ষ্মপুত্রৰ সৈতে সংযুক্ত । আমি পোৱা পুঁজিৰ প্ৰায় ৭০ শতাংশ বিগত চাৰি বছৰত খৰচ কৰা হৈছে ।"
বিগত সময়ত কৰা কামৰ খতিয়ান দাঙি ধৰি তেওঁ কয়,"খহনীয়া ৰোধৰ বাবে আমাৰ কৰিবলগীয়া বহুখিনি কাম আছে । বানপানী ৰোধৰ আমি কাম কৰিছোঁ আৰু খহনীয়া ৰোধৰ বাবেও আমি কাম কৰিম । এইবাৰ আমি বানপানী ৰোধৰ বাবে কাম কৰিলোঁ । অহাবাৰ আমাৰ চৰকাৰ হ'ব আৰু খহনীয়া ৰোধৰ বাবে আৰু কাম কৰিম ।"

আনহাতে বিধায়ক আব্দুল ছোবাহান আলী সৰকাৰৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়,"নতুনকৈ নিৰ্মাণ কৰা মথাউৰিসমূহ জিঅ' মেগা টিউব দি বনোৱা হৈছে । এই মথাউৰিসমূহ ৫০-১০০ বছৰলৈকে ভাঙিব নোৱাৰে । ৭০ বছৰত অসমত মথাউৰি নিৰ্মাণ কৰা হৈছিল চাৰি হাজাৰ কিলোমিটাৰ আৰু চাৰে চাৰি বছৰত মথাউৰি নিৰ্মাণ কৰা হৈছে এহাজাৰ কিলোমিটাৰ । পাৰ্থক্য এইখিনিয়েই ।"
তেওঁ লগতে কয়,"একেদিনাই মথাউৰি আৰু গৰাখহনীয়া শেষ কৰাটো সম্ভৱ নহয় । আমি পৰ্যায়ক্ৰমে কাম কৰি গৈ আছোঁ । প্ৰত্যেক বছৰে আমি দুই-আঢ়ৈ হাজাৰ কোটি টকা খৰচ কৰি আহিছোঁ । এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আমাক ৰিজাৰ্ভাৰ নিৰ্মাণৰ বাবে ৬৯৫ কোটি টকা দিছে । প্ৰথমতে সকলোৱে হাঁহিছিল । সুফল নোপোৱালৈকে সকলোৱে হাঁহিবই । আমি বহুত কাম কৰিছোঁ ।"

