একালৰ বৃন্দাবন একালত পৰে চন... আপুনিও জানি থওক কেনেকৈ তিলতিলকৈ ধ্বংস হৈ গৈছিল অসমৰ প্ৰথম চেনিকলটো
গোলাঘাটৰ বৰুৱা বামুণ গাঁৱত ১৯৫৮ চনৰ পৰা ৰাজ্যৰ প্ৰথমটো চেনিকলৰ উৎপাদন আৰম্ভ হৈছিল । ১৯৯৬ চনত এই উদ্যোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।

Published : November 8, 2025 at 12:53 PM IST
গোলাঘাট : গোলাঘাট জিলাৰ বৰুৱা বামুণ গাঁৱৰ চেনিকল । অসমৰ ইতিহাসৰ এক পৰিচিত সম্পদ । যি আছিল অসমৰ প্ৰথমটো চেনিকল । এসময়ত অসমৰ অৰ্থনীতি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিছিল এই চেনিকলৰ ওপৰত । মধ্য অসমৰ নগাঁৱৰ পৰা উজনি অসমৰ তিনিচুকীয়ালৈ লাখ লাখ কুঁহিয়াৰ খেতিয়ক লাভাৱান্বিত হ'বলৈ সক্ষম হৈছিল এই চেনিকলটোৰ পৰা । কিন্তু আজি এই চেনিকলৰ অস্তিত্ব কি আপুনি জানেনে ? এসময়ত অসমৰ অৰ্থনীতিত বিপ্লৱৰ সূচনা কৰা এই চেনিকলৰ কেনেকৈ অস্তিত্ব নোহোৱা হ'ল ?
কেতিয়া স্থাপন হৈছিল বৰুৱা বামুণ গাঁৱৰ চেনিকল ?
১৯৫৫ চনত বিষ্ণুৰাম মেধি চৰকাৰৰ দিনত বৰুৱা বামুণ গাঁৱত চেনিকল স্থাপন কৰাৰ বাবে এখন সমবায় সমিতি গঠন কৰা হৈছিল । সেই সমবায় সমিতিৰ নাম আছিল 'অসম সমবায় চেনিকল লিমিটেড' । পৰৱৰ্তী সময়ত ১৯৫৬ চনত এই সমবায় সমিতিয়ে অনুজ্ঞাপত্ৰ লাভ কৰে আৰু ১৯৫৮ চনৰ পৰা এই চেনিকলৰ উৎপাদন আৰম্ভ হয় । প্ৰথম অৱস্থাত চেনিকলটোৰ পৰা লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ পৰা স্থানীয় কুঁহিয়াৰ খেতিয়কৰ লগতে নগাঁৱৰ পৰা তিনিচুকীয়ালৈ কৃষকসকল বিশেষভাৱে লাভাৱান্বিত হৈছিল । অকল ইমানেই নহয়, স্থানীয় কেইবাশ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল ।

চেনিকলটোৰ সংকটৰ কাৰণ
১৯৮০ চনত নিৰ্বাচিত সঞ্চালক মণ্ডলী ভংগ কৰি চৰকাৰে নিজাকৈ চেনিকলটোৰ সঞ্চালক মণ্ডলী গঠন কৰাৰ পাছৰে পৰা এই প্ৰচুৰ সম্ভাৱনা থকা উদ্যোগটোলৈ সংকট নামি আহে । চৰকাৰে নিজৰ হাতলৈ নিয়াৰ পাছৰে পৰা লোকচানৰ সন্মুখীন হয় আৰু প্ৰায় ডেৰ কোটি টকা ঋণৰ বোজা এই উদ্যোগৰ ওপৰত পৰে । প্ৰথম অৱস্থাত এপেক্স বেংকে এই উদ্যোগটোলৈ ঋণ প্ৰদান কৰিছিল যদিও পিছলৈ আৰু ঋণ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাত ১৯৯১ বৰ্ষত এই চেনিকলৰ উৎপাদন প্ৰথমবাৰৰ বাবে বন্ধ হৈ পৰে । সেই সুযোগ গ্ৰহণ কৰি চৰকাৰে ১৯৯২ চনত মুম্বাইৰ এটা ব্যক্তিগত কোম্পানীক এই উদ্যোগ চলাবলৈ দায়িত্ব দিয়ে ।

মুম্বাইৰ গিৰিধাৰীয়াল চাক্সেৰিয়া নামৰ এজন ব্যৱসায়ীয়ে দায়িত্ব লৈ ইয়াৰ নাম সলনি কৰি ব্ৰহ্মপুত্ৰ ছুগাৰ মেনুফেকচাৰিং কোম্পানী নাম দিয়ে । কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সেই সময়লৈকে এই উদ্যোগটোৰ ঋণৰ বোজা ৭ কোটি টকা হয়গৈ । পাছত ১৯৯৬ চনলৈকে ব্যক্তিগত কোম্পানীটোৱে এই চেনিকল চলাই আছিল যদিও পিছত তেওঁলোকেও দায়িত্ব এৰি দিয়ে । যাৰ পৰিপ্ৰেক্ষিতত সেই সময়ত চৰকাৰে এই উদ্যোগটোক ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ।
ইয়াৰ উপৰিও ১৯৮০ চনৰ পৰা ১৯৯২ চনলৈকে মুঠ ৭ জন পৰিচালন সঞ্চালকক নিযুক্তি দিয়া হৈছিল কিন্তু সেইসকলে সমবায়ৰ ২৩,৬৪৬ জন অংশীদাৰৰ সৈতে কোনোধৰণৰ আলোচনা কৰা নাছিল । আনহাতে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে কুঁহিয়াৰ যোগানৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ বাবে ১৯৯৬ চনত এই প্ৰচুৰ সম্ভাৱনা থকা উদ্যোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু তাৰ পাছত এই উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো এখন চৰকাৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে ।

উল্লেখ্য যে বৰুৱা বামুণ গাঁৱৰ ৰে'ল ষ্টেচনৰ পৰা চেনিকলটোলৈ কুঁহিয়াৰ কঢ়িয়াবলৈ ৰে'লপথ স্থাপন কৰা হৈছিল । এই উদ্যোগত ৩৯০ গৰাকী স্থায়ী কৰ্মচাৰী আৰু ৪০০ ৰো অধিক অস্থায়ী কৰ্মচাৰী নিয়োজিত হৈ আছিল । কিন্তু কলটো বন্ধ হৈ পৰাত বহুদিনলৈ নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈছিল । দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হয় । অৱশ্যে এতিয়াও একাংশ কৰ্মচাৰী প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত বুলি অভিযোগ উঠিছে ।
অন্তৰ্ধান চেনিকলৰ সামগ্ৰী
চেনিকলটো বন্ধ হোৱাৰ পাছত ইয়াৰ যন্ত্ৰপাতিসমূহ ৰক্ষণাবেক্ষণ দিবলৈ সেই সময়ত জিলা উপায়ুক্তই এখন কমিটী গঠন কৰাৰ লগতে উক্ত স্থানত এখন এটা ছাউনি স্থাপন কৰি সুৰক্ষাৰ ব্যৱস্থা কৰিছিল । কিন্তু পৰিতাপৰ বিষয় যে সময়ৰ লগে লগে চেনিকলৰ বৃহৎ বৃহৎ যন্ত্ৰাংশ এবিধ এবিধকৈ নাইকীয়া হৈ যায় । আনকি এই উদ্যোগটোৰ কাষত থকা ঘৰ-দুৱাৰ, খিৰিকীৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী চুৰি হ'ল । অৱশ্যে চেনিকলৰ শ্ৰমিকৰ বাবে নিৰ্মাণ কৰা কোৱাৰ্টাৰত এতিয়াও একাংশ পৰিয়ালে বসবাস কৰি আছে । আনহাতে চেনিকলৰ এই বৃহৎ ভূমি কেইমাহমানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি চেনিকলটোৰ মাটি অন্য উদ্যোগক দিয়াৰ কথা ঘোষণা কৰে ।

ইফালে এই মৃত চেনিকলৰ বিষয়ে স্থানীয় ব্যক্তি তথা প্ৰাক্তন সেনা জোৱান পি কে বৰুৱাই কয়, "এই চেনিকল ১৯৫২ চনত স্থাপন হৈছিল আৰু ১৯৫৬ চনত সম্পূৰ্ণ আৰু উৎপাদন আৰম্ভ হয় । পাছত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰৰ দিনত এই উদ্যোগ এজন মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিলে । কিন্তু কি চুক্তিত বিক্ৰী কৰিছিল সেই সম্পৰ্কে মই অৱগত নহয় । চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি ইয়ালৈ আহি গম পালোঁ যে এই মিলটো বিক্ৰী কৰি মাৰোৱাৰী সম্প্ৰদায়ৰ লোকজনো গুচি গ'ল ।"

লোকজনে লগতে কয়, "এই মিলৰ যি যন্ত্ৰাংশ আছিল সেইসমূহ স্থানীয় ৰাইজ আৰু ইয়াৰ কৰ্মচাৰীসকলে ভাঙি বিক্ৰী কৰিলে । ইয়াৰ কৰ্মচাৰীসকলে প্ৰাপ্য অধিকাৰ নোপোৱাৰ বাবে এই উদ্যোগটোৰ সামগ্ৰীসমূহ বিক্ৰী কৰিলে । বৰ্তমান এই মিলৰ কোনো অস্তিত্ব নাই । এই মিলত নগাঁও জিলাৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আদিৰ খেতিয়কে কুঁহিয়াৰ বিক্ৰী কৰিছিল । এই মিলত মোৰ পিতৃয়ে হেড ফিডাৰ হিচাপে চাকৰি কৰিছিল । তেখেতসকলে এই মিলৰ বাবে বহু কষ্ট কৰিছিল । ইয়াৰ উপৰিও তেওঁ কৰ্মচাৰী ইউনিয়নৰ সম্পাদকো আছিল । মাৰোৱাৰী সম্প্ৰদায়ৰ লোকজনে মিলটো লোৱাৰ পাছত ইয়াৰ কৰ্মচাৰীসকল দুভাগত বিভক্ত হৈছিল, এটা কংগ্ৰেছ আৰু এটা অগপ । এই দুই ভাগত বিভক্ত হোৱা কৰ্মচাৰীসকলৰ মইমতালিৰ বাবে এই মিল ধ্বংস হ'ল ।" অৱশ্যে স্থানীয় লোকসকলে এয়াও অভিযোগ কৰিছে যে চৰকাৰী অৱহেলাৰ বাবে আজি অসমৰ এটা অতি গুৰুত্বপূৰ্ণ সম্পদৰ অস্তিত্ব নাইকিয়া হৈ গ'ল ।
লগতে পঢ়ক :কোনে আৰু কেতিয়া স্থাপন কৰিছিল অসমৰ প্ৰথমটো তেলুগু কলনী ?

