ETV Bharat / state

'ৰৈ ৰৈ বিনালে'ৰ লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা

অন্ধ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ উপভোগ জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' । ছবিখনৰ লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা ।

Housefull Talkies will use a part of the profits from the movie 'Roi Roi Binale' for the treatment of one cancer patient
'ৰৈ ৰৈ বিনালে'ৰ লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 9:20 AM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী ।‌ প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী উঠিছে । কেৱল অসমতে নহয় বিশ্বৰ ভিন্ন প্ৰান্তৰত জুবিন গাৰ্গ ন্যায়ৰ দাবীত বিভিন্নজনে সাব্যস্ত কৰিছে প্ৰতিবাদ ।

ইয়াৰ মাজতে জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে'ক লৈ ব্যাপক চৰ্চা লাভ কৰিছে । শুকুৰবাৰে ছবিগৃহলৈ আহিবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন বোলছবিক লৈ ৰাজ্যৰ বিভিন্ন ছবিগৃহত চলিছে ব্যাপক প্ৰস্তুতি ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ নগৰৰ একমাত্ৰ ছবিগৃহ 'হাউচফুল টকিজ'ত বোলছবিখনৰ শুভমু্ক্তিক লৈ বিশেষ পৰিকল্পনা হাতত লৈছে ছবিগৃহটোৰ স্বত্বাধিকাৰীৰ লগতে মৰাণৰ শিল্পী সমাজে ৷

'ৰৈ ৰৈ বিনালে'ৰ লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা (ETV Bharat Assam)

ইতিমধ্যে পুৱা ৭ বজাৰ পৰা প্ৰতিদিনে ছয়টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ছবিগৃহত ৷ 'ৰৈ ৰৈ বিনালে'ৰ শুভমুক্তিৰ দিনটোত পুৱা ৬ বজাতে বিশেষ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে ৷ এই অনুষ্ঠানত মৰাণৰ শিল্পী সমাজৰ লগতে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ চল্লিশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ৷

এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ বোলছবিখন উপভোগ কৰাৰ ব্যৱস্থা কৰিছে হাউচফুল টকিজৰ স্বত্বাধিকাৰী দেউকিনন্দন আগৰৱালাই ৷ তদুপৰি শুভমুক্তিৰ দিনটোৰ পৰাই বোলছবিখন চলি থকালৈকে ছবিগৃহত জুবিন গাৰ্গৰ বাবে থাকিব এখন খালি চকী আৰু জ্বলি থাকিব এগছি অক্ষয়বন্তি ৷ 'ৰৈ ৰৈ বিনালে'ৰ লাভৰ টকাৰে মৰাণ অঞ্চলৰ এগৰাকী দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব বুলিও জনালে ছবিগৃহটোৰ গৰাকীয়ে ৷

ইফালে সংবাদমেলত উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে 'ৰৈ ৰৈ বিনালে' প্ৰদৰ্শনৰ সময়ত মৰাণৰ লগতে অসমৰ সকলো ছবিগৃহতে জুবিন অনুৰাগীসকলক শান্তিপূৰ্ণভাৱে আৰু সু-শৃংখলিতভাৱে ছবিখন উপভোগ কৰি জুবিনদাৰ প্ৰতি মৰম-শ্ৰদ্ধা যাচিবলৈ আহ্বান জনায় ৷

'ৰৈ ৰৈ বিনালে'ৰ পৰা লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা:

'ৰৈ ৰৈ বিনালে'ৰ শুভমুক্তিক লৈ বিশেষ আয়োজন কৰা মৰাণৰ হাউচফুল টকিজৰ গৰাকী দেউকীনন্দন আগৰৱালাই কয়, "'ৰৈ ৰৈ বিনালে'ৰ শুভমুক্তিৰ দিনটোত পুৱা ৬ বজাতে বিশেষ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে । টিংখাঙৰ ৰাইজে এখন চকী জুবিন গাৰ্গৰ নামত দিব বিচাৰিছে । ছবিখন চলি থকা লৈকে চকীখন ছবিগৃহত থাকিব । পাছত এই চকীখন সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ নিয়া হ'ব । চিনেমাৰ শেষত এগৰাকী দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসা ব্যৱস্থা কৰা হ'ব ।"

সংবাদ মাধ্যমত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক ত্ৰৈলোক্য চেতিয়াই কয়, "'ৰৈ ৰৈ বিনালে'ৰ শুভমুক্তিৰ দিনটোত বিশেষ উদ্বোধনী অনুষ্ঠানত মৰাণৰ শিল্পী সমাজৰ লগতে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ চল্লিশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব । এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ বোলছবিখন উপভোগ কৰাৰ ব্যৱস্থা কৰা হৈছে ।"

Housefull Talkies will use a part of the profits from the movie 'Roi Roi Binale' for the treatment of one cancer patient
মৰাণ নগৰৰ একমাত্ৰ ছবিগৃহ 'হাউচফুল টকিজ' (ETV Bharat Assam)

শুভাৰম্ভণিৰ পূৰ্বে মৰাণৰ সকলো শিল্পীয়ে পৰিৱেশন কৰিব মায়াবিনী:

'ৰৈ ৰৈ বিনালে'ৰ শুভমুক্তিক লৈ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে কয়, "'ৰৈ ৰৈ বিনালে'ৰ শুভ মুক্তিৰ পূৰ্বে মৰাণৰ শিল্পী সমাজে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ব্যৱস্থা কৰা হৈছে সেয়ে প্ৰথম দৰ্শনীৰ টিকট লাভ কৰাসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ ।‌ চিনেমাখন চলি থকা সময়ত কোনো ধৰণৰ উশৃংখল পৰিৱেশ সৃষ্টি নকৰি লগতে কোনেও যাতে ছবিখনৰ ভিডিঅ' সংগ্ৰহ নকৰে তাৰ বাবে নতুন প্ৰজন্মক আহ্বান জনাইছোঁ । শুভাৰম্ভণিৰ পূৰ্বে মৰাণৰ সকলো শিল্পীয়ে মায়াবিনী পৰিৱেশন কৰিম ।"‌

লগতে পঢ়ক: ডিমৰীয়া হ'ব নাহৰৰ দেশ ! ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিয়পিব নাহৰৰ সুৱাস

জ্যোতিচিত্ৰবনত জুবিন গাৰ্গক সুঁৱৰি শ্ৰদ্ধাঞ্জলি তর্পণ অনুষ্ঠান