হোলীগীতৰ মাতত উখল-মাখল সত্ৰ নগৰী বৰপেটা
বৰপেটাত কৃষ্ণভক্তিৰ আধাৰত ৰচিত হোলীগীতৰ যথেষ্ট জনপ্ৰিয়তা আছে ৷ দৌল উৎসৱৰ সময়ত সমগ্ৰ অঞ্চলত উঠে হোলী গীতৰ সুৰৰ মূৰ্চনা ।

Published : March 2, 2026 at 5:09 PM IST
বৰপেটা: দৌল মহোৎসৱক লৈ সৃষ্টি হোৱা হোলীগীতৰ সুৰত এতিয়া উখল-মাখল সত্ৰ নগৰী বৰপেটা । বৰপেটাৰ আকাশ বতাহে এতিয়া কেবল কৃষ্ণভক্তিক আধাৰ কৰি ৰচিত হোলীগীতৰ সুৰৰ মূৰ্চনা ।
বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলীগীত পৰিৱেশনৰ নানান অনষ্ঠান । সোমবাৰে বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত ২৬ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলীগীত প্ৰতিযোগিতা ।
২০টাৰো অধিক দলে এই কাৰ্যসূচীত হোলীগীত পৰিৱেশন কৰে । বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাবৰ বাকৰিত ।


প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয় । সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে । তেওঁ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশিস বাণী দিয়ে ।

ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায় ।


এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট (বেহৰবাৰী আউট পোষ্টৰ মোহন )আৰু গায়িকা চুইটি দাস ৷ দুয়োগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে ।

অভিনেতা দ্বীপজ্যোতি কেওঁটে কয় "সৰুৰে পৰা শুনি আহিছো বৰপেটাৰ দৌলৰ কথা ৷ আজি মোৰ সৌভাগ্য হ'ল যে বৰপেটাৰ ৰাইজিং ক্লাবৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাইছো ৷" সকলোকে দৌলৰ শুভেচ্ছা জনায় সকলোৰে জীলন ৰঙীন হোৱাৰ কামনা কৰে শিল্পীগৰাকীয়ে ৷
গায়িকা চুইটি দাসে কয় "বাট বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাই খুব ভাল লাগিছে ৷ হোলীৰ যিটো এই অনুষ্ঠান অসমৰ ভিতৰত বৰপেটাতে বেগেকৈ উদযাপন কৰা হয় ৷ এই ভিন্ন অনুভৱ আমি গুৱাহাটীত থাকি কেতিয়াও নাপাওঁ ৷"

