বৰঢোল-বৰতালৰ শব্দৰ মাজেৰে পাৰিষদবৰ্গক লৈ ৰজা আহিল দৌললৈ...
ডিমৰীয়াৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাৰে দৌল উদযাপন । দৌলৰ শিৰত গোঁসাই স্থাপন কৰি সমগ্ৰ অঞ্চলৰ কুশল-মংগল কামনা কৰা হয় ।

Published : March 3, 2026 at 8:16 PM IST
সোণাপুৰ: ঐতিহ্যমণ্ডিত ডিমৰীয়াত ৰজাদিনীয়া পৰম্পৰাৰে উদযাপন কৰা হয় দৌল উৎসৱ। মঙলবাৰে ক্ষেত্ৰীৰ ধোপগুৰিত ৰজাদিনীয়া দৌলত পুৱাৰে পৰাই ভক্তৰ সমাগম হয় । সমগ্ৰ ৰাজ্যৰ লগতে ডিমৰীয়াৰ বিভিন্ন প্ৰান্ততো ব্যাপক উৎসাহ-উদ্দীপনাৰে পালন কৰা হয় দৌল উৎসৱ । বিশেষকৈ ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত তথা ৰজাদিনীয়া সুউচ্চ ধোপগুৰিৰ দৌলত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি তিনিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে ।
ধৰ্মীয় ৰীতি-নীতিৰে আৰম্ভণি :
শাস্ত্ৰীয় ৰীতি আৰু পৰম্পৰা অনুসৰি হোলিকা দাহ আৰু কোমাৰা বলিৰে এই উৎসৱৰ শুভাৰম্ভ কৰা হয় । এই উৎসৱত মঙলবাৰে এক গুৰুত্বপূৰ্ণ ক্ষণত ডিমৰীয়াৰ ৰজাৰ উপস্থিতিত মাংগলিক নিয়মেৰে দৌল প্ৰদক্ষিণ কৰা হয় । ইয়াৰ পাছতেই দৌলৰ শিৰত গোঁসাই স্থাপন কৰি সমগ্ৰ অঞ্চলৰ কুশল-মংগল কামনা কৰা হয় ।

ৰজাৰ অংশগ্ৰহণ :
এই পবিত্ৰ অনুষ্ঠানত ডিমৰীয়াৰ ৰজা হলিসিং ৰংহাং তেওঁৰ পাৰিষদবৰ্গৰ সৈতে উপস্থিত থাকে । ইয়াৰ উপৰি অসম পণ্যগাৰ নিগমৰ অধ্যক্ষ ডঃ তপন দাসসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ৰাইজৰ সৈতে এই আনন্দৰ ভাগ লোৱাৰ লগতে আবিৰৰ ৰঙত বুৰ যায় ।

ইয়াৰ সমান্তৰালকৈ ক্ষেত্ৰীৰ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰ সমীপৰ ৰজাদিনীয়া দৌলতো পৰম্পৰা অনুসৰি দৌল উৎসৱৰ আয়োজন কৰা হৈছে । ইয়াত ব্ৰহ্মা-মহেশ্বৰৰ বিশেষ পূজা-অৰ্চনা সম্পন্ন কৰা হয় । আনহাতে হোম-যজ্ঞ, নাম-প্ৰসংগ আৰু কীৰ্তন পাঠে অঞ্চলটোৰ আধ্যাত্মিক পৰিৱেশ অধিক গম্ভীৰ কৰি তোলে । বিশেষকৈ বৰঢোলৰ শব্দই সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।


ফাকুৰ ৰঙত বিলীন ডিমৰীয়াবাসী :
এই পবিত্ৰ ক্ষণত আবাল-বৃদ্ধ-বনিতা সকলোৱে ফাকুৰ ৰং খেলি আনন্দত মতলীয়া হৈ পৰে । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে ইজনে সিজনক ফাকুৰ ৰঙেৰে ৰঞ্জিত কৰি ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে ।

