ETV Bharat / state

মণিকূটৰ পৰা ওলাল দৌল গোবিন্দ মহাপ্ৰভু ; বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ

মণিকূট গৃহৰ পৰা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাই ওলোৱাৰ পিছত মঠৰ চোতালত অধিবাস ।

Barpeta Satra Doul Mahotsav
বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 9:45 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : আৰম্ভ হ'ল বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ সোমবাৰৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱৰ প্ৰথমদিনা গোন্ধ সভা বা বহ্নুৎসৱ ৷ বহ্নুৎসৱ উপলক্ষে সোমবাৰে সত্ৰৰ মণিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক কীৰ্তনঘৰৰ মণিকূট গৃহৰ পৰা বাহিৰ উলিয়াই অনা হয় ৷

দৌল গোবিন্দ মহাপ্ৰভুক পূব দুৱাৰ আৰু কলীয়া ঠাকুৰ গোঁসাইক উত্তৰৰ দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷ পূজাৰীৰ মহাস্নান, গায়ন-বায়নৰ খোল-তাল-ঘোষাৰ সুৰ আৰু ঢুলীয়াৰ ঢোলৰ ছন্দত বৰপেটা সত্ৰ পবিত্ৰ ক্ষেত্ৰত পৰিণত হৈছে ৷

বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ (ETV Bharat Assam)

দৌল গোবিন্দ মহাপ্ৰভু আৰু ক'লীয়া ঠাকুৰ গোঁসাইৰ মহাস্নান সম্পন্ন হোৱাৰ পিছতেই সন্ধিয়া দুয়োজনা গোঁসাইক সত্ৰৰ টুপৰ চোতালত মেজি পুওৱাই যোগমোহন গৃহত ৰখা হ'ব ৷ ইয়াৰ পিছতে নিশা নিৰ্দিষ্ট ক্ষণ অনুসৰি দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দৌলগৃহত আৰোহণ কৰা হ'ব ৷

Barpeta Satra Doul Mahotsav
বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ (ETV Bharat Assam)

যোগমোহন গৃহৰ পৰা দৌলগৃহত সাতপাক প্ৰদক্ষিণ কৰাই দুয়োজনা গোঁসাইক দৌলৰ চৌদালাত আৰোহণ কৰা হ'ব আৰু কাইলৈ পুৱা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুড়ি ছটিয়াই গোঁসাইক দৌলৰ সেৱা জনাব ৷ সত্ৰীয়া ৰীতি, পৰম্পৰা অনুসৰি সত্ৰৰ বুঢ়াসত্ৰীয়াই ফাকুগুড়ি ছটিয়াই গোঁসাইক দৌলৰ সেৱা জনোৱাৰ পিছতে ভক্তসকলে দৌলৰ ওপৰত থকা দুয়োজনা গোঁসাইক সেৱা জনাব ৷

Barpeta Satra Doul Mahotsav
বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ (ETV Bharat Assam)

এই সন্দৰ্ভত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে কয়, "আজিৰে পৰা দৌল মহোৎসৱ আৰম্ভ হ'ল । মণিকূটৰ পৰা লৈ অহা হৈছে আৰু মণিকূটৰ পৰা লৈ অহা হয় গায়ন-বায়নেৰে । কাৰণ আমাৰ গুৰু দুজনাৰ মূল সৃষ্টিৰে গায়ন-বায়নেৰে আগভাগ লোৱা হয় । সেই কাৰণে গোঁসাই দুজনাক মণিকূটৰ পৰা লৈ আহোঁতেও গায়ন-বায়নেৰে লৈ আহিছে ।"

Barpeta Satra Doul Mahotsav
বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ (ETV Bharat Assam)

উল্লেখ্য যে বৰপেটা সত্ৰত মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে ভৰদৌল পালন কৰা হ'ব ৷ ইয়াৰ পিছত শুকুৰবাৰে পালন কৰা হ'ব সুঁৱেৰী উৎসৱ ৷

লগতে পঢ়ক : ফাকুৱাৰ সমান্তৰালকৈ কাইলৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ… জ্যোতিষশাস্ত্ৰবিদে কি কয়
আবিৰৰে আনৰ জীৱন ৰঙীণ কৰাৰ প্ৰয়াস এজাক বিশেষভাৱে সক্ষম শিশু-কিশোৰীৰ