দৌল মহোৎসৱৰ ভৰ দৌল : লোকাৰণ্য় বৰপেটা সত্ৰ
দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক ফাকুগুৰিৰে সেৱা জনালে সত্ৰৰ বুঢ়া সত্ৰীয়াই ।

Published : March 3, 2026 at 4:54 PM IST
বৰপেটা: ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱৰ আয়োজন কৰিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ পাতনি মেলে ৷
বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰ দৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তনঘৰত নিত্য নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাঁইৰ সন্মুখত যোগ মোহন গৃহত ভকতৰ প্ৰসংগ, গায়ন-বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকতসকলে দুয়োজনা গোসাঁইক ফাকুগুৰি দি সেৱা জনায় ৷
দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাঁইক দৌলগৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হ'ব ৷ গোসাঁইক দৌলগৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰখা হ'ব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷


গোসাঁইক ফাকুগুৰি প্ৰদান কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয়, "সত্ৰীয়া পৰম্পৰা অনুসৰি কালি ৰাতিয়ে গোসাঁইক দৌলত উঠোৱা হৈছে ৷ আজি পুৱাৰ পৰা সত্ৰৰ নামঘৰত নিত্য প্ৰসংগ কৰা আৰু যোগমোহন গৃহত নৈমিত্তিক প্ৰসংগ কৰা হৈছে ৷ তাৰ পিছত বুঢ়াসত্ৰীয়াই দৌল গৃহত থকা গোসাঁইক ফাকুগুৰি দিয়ে ৷ বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পিছত বুঢ়াসত্ৰীয়া আজ্ঞা অনুসৰি ভকতসকলে গোসাঁইক ফাকু দি সেৱা জনায় ৷"


লগতে বুঢ়া সত্ৰীয়াই কয় "সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাঁই দৌলত থকাৰ সময়ত কোনেও ৰং নেখেলে ৷ গোসাঁইক দৌলৰ পৰা নমোৱাৰ পিছতহে ৰং খেলে ৷ বৃন্দানবনত দৌল গোবিন্দই ফাকু খেলাৰ আৰ্হিতে স্কন্ধ পুৰাণৰ বিৱৰণ মতে আজি মন্ত্ৰ পাঠ কৰা হয় আৰু গীতৰ মাজেৰে স্কন্ধ পুৰাণৰ মন্ত্ৰৰে গোসাঁইক ফাকু দিয়া হৈছে ৷"

