ETV Bharat / state

লণ্ডনলৈ ৰপ্তানি তেজপুৰৰ লিচু: ঊষা নগৰীত লিচু উৎসৱৰ আয়োজন

তেজপুৰৰ লিচুয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰিছে । ঐতিহাসিক পল্টন পুখুৰীৰ লিচু এইবাৰ প্ৰথম পৰ্যায়ত লণ্ডনলৈ ৰপ্তানি কৰা হৈছে ৷

TEZPUR LITCHI EXPORT
লণ্ডনলৈ ৰপ্তানি তেজপুৰৰ লিচু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 8:36 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : আৰম্ভ হৈছে সুমিষ্ট ফল লিচুৰ বতৰ ৷ লিচুৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে ইতিমধ্যে বিশ্ববিখ্যাত হৈ পৰা তেজপুৰৰ লিচু ৷ তেজপুৰৰ ঐতিহাসিক পল্টন পুখুৰীৰ লিচু এইবাৰ প্ৰথম পৰ্যায়ৰ বিদেশলৈ অৰ্থাৎ লণ্ডনলৈ ৰপ্তানি কৰা হৈছে ৷

পল্টন পুখুৰীৰ পৰিচালক অমিত সাহাই জানিবলৈ দিয়া মতে, তেজপুৰৰ পৰা বিলাতী, ইলাচি আৰু বোম্বেইয়া প্ৰজাতিৰ মুঠ ২৩০ টা লিচু লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰতিটো লিচুৰ মূল্য এইবাৰ ৫০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে ৷ উল্লেখযোগ্য যে পল্টন পুখুৰীৰ লিচু সাধাৰণতে খুচুৰা বিক্ৰী কৰা নহয় ৷

এসময়ত সুদূৰপ্ৰসাৰী চিন্তাৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰ চহৰৰ ঐতিহাসিক পল্টন পুখুৰী পাৰত ৰোপণ কৰা লিচু গছসমূহেই আজি বিশ্বজুৰি পৰিচয় লাভ কৰিছে ৷ পৰৱৰ্তী সময়ত বিভিন্ন লিচু খেতিয়কৰ প্ৰচেষ্টাত তেজপুৰৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা লিচু বাগিচাসমূহ এতিয়া দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী হিচাপে পৰিগণিত হৈছে ৷

তেজপুৰৰ লিচু কেৱল এটা ফল নহয়, ই এতিয়া তেজপুৰ, শোণিতপুৰ জিলাৰ লগতে সমগ্ৰ অসমৰ গৌৰৱৰ প্ৰতীক হৈ পৰিছে ৷ ইতিমধ্যে তেজপুৰৰ লিচুয়ে ভৌগোলিক স্বীকৃতি (জিআই টেগ) লাভ কৰিছে, যিয়ে ইয়াৰ অনন্য সোৱাদ, সুগন্ধি আৰু গুণগত মানক বিশ্বদৰবাৰত স্বীকৃতি প্ৰদান কৰিছে ৷ এই জিআই মৰ্যাদাই তেজপুৰ লিচুক দেশৰ অন্যতম বিশেষ কৃষিজাত সামগ্ৰীৰ মৰ্যাদা দিছে ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেজপুৰৰ লিচুৰ প্ৰশংসা কৰিছে ৷

তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ অংগনা শৰ্মাই কয়, "তেজপুৰৰ বিভিন্ন প্ৰান্তত প্ৰায় ১৫ প্ৰকাৰৰ লিচু পোৱা যায় আৰু সেইসমূহৰ ভিতৰত ইতিমধ্যে বোম্বাইয়া, বিলাতী, ইলাচী, চাহি আৰু পিয়াঁজী লিচুৱে জিআই টেগ লাভ কৰিছে ৷ যাৰ বাবে সেই পাঁচ প্ৰকাৰৰ লিচুৰ নাম সলনি কৰিব নোৱাৰি ৷ তেজপুৰত উপলব্ধ আন ১০ বিধ ভিন্ন প্ৰজাতিৰ লিচু যেনে কাথ বোম্বাই, গ্ৰীণ বিলাতী, ৰঙিয়া, বাংলাদেশী, চাইনা-৩ আদি জাতৰ নাম থলুৱা অসমীয়া নামেৰে নামাকৰণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ৷"

TEZPUR LITCHI EXPORT
লণ্ডনলৈ ৰপ্তানি তেজপুৰৰ লিচু (ETV Bharat Assam)

উল্লেখ্য যে, বিগত বৰ্ষত তেজপুৰ লিচুৰ শতবৰ্ষ উপলক্ষে প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল ‘তেজপুৰ লিচু উৎসৱ’ ৷ এই উৎসৱে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰাৰ লগতে অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ৰ আনুষ্ঠানিক উৎসৱৰ তালিকাতো স্থান লাভ কৰে ৷

প্ৰথম বছৰৰ সফলতাৰ ভিত্তিত এইবাৰো শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ তত্বাৱধানত অহা ৬ আৰু ৭ জুনত আয়োজন কৰা হৈছে ‘তেজপুৰ লিচু উৎসৱ’ ৷ উৎসৱৰ মূল উদ্দেশ্য হৈছে জিআই টেগযুক্ত তেজপুৰ লিচুক দেশ-বিদেশত অধিক প্ৰচাৰ কৰা, কৃষকসকলক বজাৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰা, শস্যোত্তৰ ব্যৱস্থাপনা আৰু ৰপ্তানিৰ ক্ষেত্ৰত কৃষকক সচেতন কৰা আৰু কৃষি উদ্যোগীক উৎসাহিত কৰা ৷

ইয়াৰ উপৰিও উৎসৱত সত্ৰীয়া নৃত্য, লোকসংগীত আৰু লিচুভিত্তিক খাদ্য সংস্কৃতিৰো আকৰ্ষণীয় উপস্থাপন কৰা হ’ব ৷ এইবাৰ উৎসৱত ২০ হাজাৰৰো অধিক দৰ্শনাৰ্থী, ৫০ৰো অধিক প্ৰদৰ্শক, প্ৰায় ৩০ গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন (FPO)ৰ লগতে দেশী-বিদেশী অন্ততঃ ২০ গৰাকী ক্ৰেতাই অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে ৷

শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কৃষি বিভাগ, পৰ্যটন বিভাগ, নাবাৰ্ড আদি বিভিন্ন বিভাগে এই উৎসৱৰ আয়োজনত সহায় আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে ৷ অচিৰেই "ঘৰ ঘৰ লিচু "শীৰ্ষক চৰকাৰী কাৰ্যসূচী শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ লগতে লিচুৰ গুণাগুণ পৰ্যবেক্ষণ কৰি থলুৱা নামাকৰণ কৰিবলৈ সমিতি গঠন কৰা হৈছে ৷

ইফালে, তেজপুৰৰ বিভিন্ন প্ৰান্তত লমালমে লাগি থকা আৰু পকিবলৈ আৰম্ভ কৰা লিচুসমূহে এতিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ জিলা আয়ুক্তক সভাপতি হিচাপে লৈ গঠন কৰা “তেজপুৰ লিচু উৎসৱ আয়োজক সমিতি”য়েও ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে লিচু খেতিয়কসকলৰ মাজতো উৎসাহৰ পৰিবেশ দেখা গৈছে ৷

লগতে পঢ়ক : লিচুক কেন্দ্ৰ কৰি মাৰপিট, পুৰুষ-মহিলাসহ ২২ গৰাকী আহত

ক্ৰিকেটাৰ শচীনলৈ বিশেষ উপহাৰ: বিখ্যাত শ্বাহী লিচু লৈ মুম্বাইত হাজিৰ সুধীৰ