৯২ খন পতাকা উত্তোলনেৰে আৰম্ভ ঐতিহাসিক নলবাৰীৰ ৰাস মহোৎসৱ
জিলাখনৰ ৯২ গৰাকী বিশিষ্ট ব্যক্তিয়ে নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ।

Published : November 5, 2025 at 1:48 PM IST
নলবাৰী: শৰতৰ স্নিগ্ধ জোনাকত প্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ উখল-মাখল ৰাজ্য । বুধবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰাস মহোৎসৱ । উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰতো ১৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ । ৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে ৯২ খন পতাকা উত্তোলনেৰে নলবাৰীৰ ৰাস মহোৎসৱ আৰম্ভ হৈছে । ইয়াৰে হৰি মন্দিৰৰ মূল পতাকা উত্তোলন কৰে নলবাৰী হৰি মন্দিৰৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
ইয়াৰ পিছতে জিলাখনৰ ভিন্ন অনুষ্ঠানৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিয়ে ৰাস মহোৎসৱৰ ৯২ খন পতাকা উত্তোলন কৰে । ইফালে সন্ধিয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হ'ব মুখ্য অতিথিসকলক । ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল কিন্তু বিহাৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব নোৱাৰে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অৱগত কৰিছে ।
এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ৰাস মহোৎসৱ । সেয়ে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি নলবাৰী ৰাস মহোৎসৱত বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব । জুবিন গাৰ্গৰ ৫২ বছৰ বয়সত মহাপ্ৰয়াণ হোৱা হেতুকে ৫২ ফুট উচ্চতাৰ গীটাৰ নিৰ্মাণ কৰা হৈছে ৰাসথলীত । গীটাৰখনৰ ওপৰতে এটা বিশাল টুপীও ৰখা হৈছে । লগতে এইবাৰৰ নলবাৰী ৰাস হৈ পৰিব জুবিনময় । তোৰণসমূহত ভিন্নৰঙী আলোকসজ্জাৰে জিলিকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি । আনহাতে ৬ নৱেম্বৰৰ সন্ধিয়া একেলগে ৮ হাজাৰ শিল্পী তথা অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ ২০ টা কালজয়ী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । গৰ্ডন খেলপথাৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান । য'ত উদ্বোধক হিচাপে উপস্থিত থাকিব বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী ।

আনহাতে নলবাৰীৰ ৰাস মহোৎসৱত আনবাৰৰ দৰে এইবেলিও থাকিব পুতলা ৰাস, জীৱন্ত ৰাস । সমান্তৰালকৈ অসমৰ আগশাৰীৰ ৫ খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰে নাট মঞ্চস্থ কৰিব । নাটৰ শেষত ভ্ৰাম্যমাণ মহোৎসৱ বঁটাও প্ৰদান কৰা হ'ব বুলি জনাইছে আয়োজকে । আনহাতে এইবাৰ গ্ৰন্থমেলা, বাণিজ্য মেলা, নলবেইৰা হাট থাকিব নলবাৰীৰ ৰাসত । আনহাতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি নলবাৰী ৰাসত ১৩-১৭ নৱেম্বৰলৈ ভূপেন্দ্ৰ সংগীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব । ইফালে বিশিষ্ট বাঁহীবাদক প্ৰয়াত দীপক শৰ্মালৈও বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব নলবাৰী ৰাস মহোৎসৱ সমিতিয়ে ।

মুঠৰ ওপৰত ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় বৰ্ণিল আৰু আধ্যাত্মিক কাৰ্য্যসূচীসমূহ । এই সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাই কয়, "বিভিন্ন কাৰ্যসূচীৰে আমি নলবাৰী ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছো আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিছো । মই ভাবো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নলবাৰী ৰাসে ভক্তপ্ৰাণ ৰাইজক আৰু ধৰ্মীয় পৰ্যটকসকলক আকৰ্ষিত কৰিব ।"
লগতে পঢ়ক :মহানায়কলৈ শ্ৰদ্ধাঞ্জলি জনাই ৫২ ফুট উচ্চতাৰ গীটাৰেৰে দৰ্শনাৰ্থীক আদৰিবলৈ সাজু নলবেইৰা

