গুৱাহাটীত মাটিৰ তলেৰে হ’ব বিদ্যুৎ যোগান, মনোহৰ লাল খট্টৰৰ সৈতে শক্তি তথা নগৰ উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক
নতুন দিল্লীত কেন্দ্ৰীয় শক্তি, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

By PTI
Published : August 26, 2026 at 8:56 PM IST
গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰি ৰাজ্যখনৰ শক্তিৰ প্ৰয়োজনীয়তা, বিদ্যুতৰ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নৰ অগ্ৰাধিকাৰ সন্দৰ্ভত আলোচনা কৰে ।
এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে অসমৰ শক্তি খণ্ডত গ্ৰাহক সমৰ্থক সংস্কাৰ প্ৰৱৰ্তন কৰাৰ সমান্তৰালকৈ শক্তি স্বাৱলম্বিতা অৰ্জনৰ সন্দৰ্ভত কেন্দ্ৰীয় শক্তি, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী খট্টৰক মুখ্যমন্ত্ৰী শৰ্মাই অৱগত কৰে ।
Grateful to Hon’ble Union Minister Shri @mlkhattar Ji for his time earlier today.
— Himanta Biswa Sarma (@himantabiswa) August 26, 2026
Assam is undertaking an ambitious effort to achieve energy self-sufficiency while advancing pro consumer reforms. The Hon’ble Minister assured us of the Ministry’s wholehearted backing for this… pic.twitter.com/NEd2WsWift
আলোচনাত অসমৰ দীৰ্ঘম্যাদী বিদ্যুতৰ প্ৰয়োজনীয়তা আৰু কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰৰ পৰা ৰাজ্যৰ বিদ্যুৎ আৱণ্টনৰ অধিক যুক্তিসংগত ব্যৱহাৰ সুনিশ্চিত কৰাৰ উপায়সমূহ সামৰি লোৱা হয় ।
বৈঠকত নিৰ্ভৰযোগ্যতা, সুৰক্ষা আৰু নগৰীয়া শক্তি আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মাটিৰ তলেৰে কেবল সংযোগৰ প্ৰস্তাৱকে ধৰি গুৱাহাটীৰ বিদ্যুৎ বিতৰণ নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় ।
গেছ ভিত্তিক বিদ্যুৎ কেন্দ্ৰৰ বাবে গেছৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণকে ধৰি অসমত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ উন্নত ব্যৱহাৰৰ বিষয়েও দুয়োগৰাকী নেতাই আলোচনা কৰে ।
এক্সত এটা পোষ্টত ড৹ শৰ্মাই কয়, ‘‘অসমে গ্ৰাহক সমৰ্থক সংস্কাৰ আগুৱাই নিয়াৰ সমান্তৰালভাৱে শক্তিৰ স্বাৱলম্বিতা অৰ্জনৰ অভিলাষী প্ৰচেষ্টা হাতত লৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰচেষ্টাৰ বাবে মন্ত্ৰালয়ৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে ।’’
असम के माननीय मुख्यमंत्री श्री @himantabiswa जी से आज आवास पर सौहार्दपूर्ण भेंट हुई। इस अवसर पर प्रदेश से जुड़े महत्वपूर्ण ऊर्जा एवं शहरी विकास संबंधी विषयों पर विस्तृत चर्चा हुई।
— Manohar Lal (@mlkhattar) August 26, 2026
बैठक में राज्य की दीर्घकालिक विद्युत आवश्यकताओं, केंद्रीय विद्युत उत्पादन केंद्र से प्राप्त होने… pic.twitter.com/7m8BYLrUmz
শৰ্মাই লগতে কয় যে ৰাজ্যৰ ক্ৰমবৰ্ধমান নগৰায়ন আৰু উদীয়মান উন্নয়নৰ প্ৰয়োজনীয়তাক বিবেচনা কৰি স্বাস্থ্যসেৱা, ক্ৰীড়া আৰু জলবায়ু স্থিতিস্থাপক আন্তঃগাঁথনিৰ ওপৰত কেন্দ্ৰিত এক সংহত নগৰীয়া স্থান গঢ়ি তোলাৰ লক্ষ্যৰে নগৰ প্ৰত্যাহ্বান পুঁজিৰ অধীনত অসমৰ প্ৰস্তাৱৰ ওপৰত দুয়োৰে মাজত ইতিবাচক আলোচনা হৈছিল ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক্সত নিজৰ পোষ্টত কয় যে এই বৈঠকত অসমৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ শক্তি আৰু নগৰ উন্নয়ন বিষয়সমূহৰ ওপৰত বিশদ আলোচনা কৰা হয় ।
তেওঁ কয় যে, এই আলোচনাত ৰাজ্যখনৰ দীৰ্ঘম্যাদী বিদ্যুতৰ প্ৰয়োজনীয়তা, কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰৰ পৰা আবণ্টিত শক্তিৰ যুক্তিসংগতকৰণ, গুৱাহাটীত বিদ্যুৎ বিতৰণ শক্তিশালী কৰাৰ বাবে মাটিৰ তলেৰে কেবলিং আৰু গেছ ভিত্তিক বিদ্যুৎ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ উন্নত ব্যৱহাৰ আৰু মূল্য নিৰ্ধাৰণ আদি বিষয়সমূহ সামৰি লোৱা হৈছে ।
নগৰ প্ৰত্যাহ্বান পুঁজি সন্দৰ্ভত লালে কয় যে অসমৰ প্ৰস্তাৱৰ ওপৰত আলোচনা অনুষ্ঠিত কৰা হৈছে, ৰাজ্যখনৰ বৰ্ধিত নগৰায়ন আৰু উন্নয়নৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰা হৈছে ।
খট্টৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত অসমৰ শক্তি আৰু নগৰ আন্তঃগাঁথনি সবলীকৰণ আৰু সম্ভৱপৰ সকলো সহযোগিতা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । এই বৈঠকত ৰাজ্যখনৰ বহনক্ষম, স্থিতিস্থাপক আৰু গ্ৰাহকমুখী শক্তি আৰু নগৰ আন্তঃগাঁথনি আগুৱাই নিয়াৰ বাবে কেন্দ্ৰ আৰু অসম চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰা হয় বুলি বিবৃতিটোত আৰু কোৱা হৈছে ।
লগতে পঢ়ক: আপোনাৰ এনেকুৱা আচৰণৰ কথা হিমন্ত বিশ্ব শৰ্মাজীক লগাই দিম... ! পৱন খেড়াক ৰিজিজুৰ ধমক

