ETV Bharat / state

সোমবাৰে ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প: মুখ্যমন্ত্ৰী

প্ৰকল্পৰ সৰ্বোচ্চ উচ্চতাত থকা গুৰু আসনৰ পৰা অভিৰ্ভাৱ ক্ষেত্ৰ প্ৰত্যক্ষ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ।

Batadrava Than Redevelopment Project
সোমবাৰে মুকলি হ’ব বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 8:02 PM IST

|

Updated : December 28, 2025 at 8:10 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: সোমবাৰে মুকলি হ’ব বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্প । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপত ২২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পটো পৰিদর্শন কৰে । মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে দিনৰ ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী বটদ্ৰৱাত উপস্থিত হৈ প্ৰকল্পটো উদ্বোধন কৰিব বুলি সংবাদ মাধ্যমক সদৰি কৰে ।

বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

বটদ্ৰৱা প্ৰকল্পত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অভিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধন কৰি প্ৰকল্পৰ সৰ্বোচ্চ উচ্চতাত থকা গুৰু আসনৰ পৰা অভিৰ্ভাৱ ক্ষেত্ৰ প্ৰত্যক্ষ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । তাৰ পাছত নাটঘৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সন্মুখত আইসকলে পৰিবেশন কৰিব দিহানাম । গোটেই পথছোৱা শংকৰী কলাকৃষ্টি আৰু গায়ন বায়নেৰে এক আধ্যাত্মিক পৰিবেশ সৃষ্টি হ’ব ।”

Batadrava Than Redevelopment Project
সোমবাৰে মুকলি হ’ব বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্প (ETV Bharat Assam)

বটদ্ৰৱা প্ৰকল্পটো কাইলৈ শুভ উদ্বোধন কৰিব যদিও ৰাইজৰ বাবে মুকলি কৰিবলৈ আৰু এটা মাহ প্ৰয়োজন হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰিচালনা কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । আনহাতে বৃন্দাবনী বস্ত্ৰভাগি বটদ্ৰৱালৈ অনা হ'ব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “বৃন্দাবনী বস্ত্ৰ বটদ্ৰৱা প্ৰকল্পলৈ আনিব পৰা নাযাব । বৃন্দাবনী বস্ত্ৰ উষ্ণতাত আনিব নোৱাৰি । বিশেষ বিমানেৰে বিশেষ বাহনেৰে বিশেষভাবে সুসজ্জিত মিউজিয়ামলৈ অনা হ’ব । বৃন্দাবনী বস্ত্ৰ সূৰ্যৰ সৈতে কোনোধৰণে সম্পৰ্কিত হ’ব নোৱাৰিব । কাৰণ এইখন বস্ত্ৰ সাধাৰণ বস্ত্ৰ নহয়, ৬০০ বছৰ পুৰণি বস্ত্ৰ ।"

লগতে পঢ়ক: ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প, পৰিদর্শন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত মুকলি হ'ব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ

Last Updated : December 28, 2025 at 8:10 PM IST