ETV Bharat / state

জুবিন গাৰ্গৰ হত্যাকাৰীক আদালতে কঠোৰ শাস্তি প্ৰদান কৰিব : মুখ্যমন্ত্ৰী

এছ আই টিয়ে অভিলেখ সংখ্যক দিনত অভিযোগনামা দাখিল কৰা বুলি মখ্য়মন্ত্ৰীৰ মন্তব্য় ।

Himanta Biswa Sarma in Kokrajhar
অৰুণোদয় ৩.০ কেন্দ্ৰীয় শুভাৰম্ভণী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 12, 2025 at 8:43 PM IST

3 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৮৪ দিনৰ পিছত শুকুৰবাৰে ন্যায়ালয়ত অসম আৰক্ষীৰ চি আই ডিৰ বিশেষ তদন্তকাৰী দলে দাখিল কৰিলে অভিযোগনামা দাখিল । ইয়াৰ পিচতেই এই অভিযোগনামা সন্দৰ্ভত মন্তব্য় কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰিবলৈ অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতেই এছ আই টিয়ে অভিলেখ সংখ্যক দিনত অভিযোগনামা দাখিল কৰা বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰীয়ে ।

আদালতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব :

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰিবলৈ অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতেই এছ আই টিয়ে অভিলেখ সংখ্যক দিনত আজি গুৱাহাটী আদালতত জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট দাখিল কৰিছে ৷ জুবিন গাৰ্গৰ হত্যাকাৰীক উপযুক্ত শাস্তি দিবলৈ চৰকাৰে লোৱা দায়িত্ব পালন কৰি এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বীট মতেই আদালতে সুন্দৰভাৱে শুনানি গ্ৰহণ কৰি দোষী সকলক উপযুক্ত শাস্তি প্ৰদান কৰিব ৷"

অৰুণোদয় ৩.০ কেন্দ্ৰীয় শুভাৰম্ভণী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ন্যায় প্ৰক্ৰিয়াক ৰাইজে সন্মান জনাব লাগিব :

"জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বহুকেইজন ব্যক্তিক অভিযুক্ত কৰিছে ৷ এই ক্ষেত্ৰত অপৰাধীৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰা আদালতে নিৰপেক্ষভাৱে বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি দোষী সকলক উপযুক্ত শাস্তি প্ৰদান কৰিব ৷ আদালতৰ এই ন্যায় প্ৰক্ৰিয়াক ৰাইজে সন্মান জনাব লাগিব ৷" এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

বিটিচি সচিবালয়ৰ গ্ৰীণ ফিল্ডত শুকুৰবাৰে অৰুণোদয় ৩.০ কেন্দ্ৰীয় শুভাৰম্ভণী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিচত মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় ৷

বিটিচি বিধান পৰিষদৰ আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত :

আনহাতে বিটিচি প্ৰদেশীয় বিধান পৰিষদত আক্ৰমণ চলোৱা ঘটনাত জড়িত ব্যক্তিক চিনাক্ত কৰিবলৈ ন্যায়মূৰ্ত্তি হীৰেন্দ্ৰ নাথ শৰ্মাক দায়িত্ব অৰ্পণ কৰা বুলি প্ৰকাশ কৰি মুখ্য়মন্ত্ৰীয়ে কয়, "বিটিচি বিধান পৰিষদত তাণ্ডৱ চলোৱা ঘটনাৰ সৈতে জড়িত থকা ব্যক্তিসকলক ন্যায়িক তদন্তৰ জৰিয়তে উপযুক্ত শাস্তিৰ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এগৰাকী বিশেষ ন্যায়মূৰ্তিক দায়িত্ব অৰ্পণ কৰিছে ।"

আনহাতে কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ গ্ৰীণ ফিল্ডত আজি ১,২০,৮৫৪ গৰাকী হিতাধিকাৰীক প্ৰত্যক্ষভাৱে আঁচনিৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মতেই দৰিদ্ৰ মহিলাক ডিচেম্বৰ মাহৰ অৰুণোদয়ৰ ধন প্ৰদনাৰ উপৰি ১৩ আৰু ১৭ তাৰখিত লাখপতি বাইদেউসকলক দহ হাজাৰ টকাৰ দিয়া হ’ব বুলি ঘোষণা কৰে ৷

ইপিনে, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ অনুৰোধ মৰ্মে আৰু ৫০ হাজাৰ হিতাধিকাৰী বঢ়াই মুঠ ৪ লাখ ৫০ হাজাৰ মহিলাৰ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে বুলিও কয় ।

Himanta Biswa Sarma in Kokrajhar
অৰুণোদয় ৩.০ কেন্দ্ৰীয় শুভাৰম্ভণী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

শনিবাৰে পুনৰ লাখপতি বাইদেউসকলক দহ হাজাৰ টকা ১৩ গোসাঁইগাঁৱত বিতৰণ কৰিব ৷ একেদৰে ১৭ ডিচেম্বৰত দোতমাত লাখপতি বাইদেউ সকলে জানুৱাৰী মাহৰ ভিতৰতে দহ হাজাৰ টকাৰ ব্যৱস্থা কৰিব ৷ তদুপৰি ইমান দিনে নিযুত মইনা আঁচনিৰে ছোৱালী সকলৰ বাবে পঢ়াৰ খৰচৰ ব্যৱস্থা কৰিছে ৷ জানুৱাৰী মাহত বাবু আঁচনি আহিব বুলিও ঘোষণা কৰে মুখ্য়মন্ত্ৰীয়ে ৷

একেদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অৰুণোদয় পালে মহিলাৰ উন্নতিত সহায়, ঘৰ চলোৱাত সহায় হ’ব বুলি কয় ৷ উক্ত অনুষ্ঠানত জয়ন্ত মল্লবৰুৱা, সাংসদ জয়ন্ত বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, ৰবিৰাম নাৰ্জাৰী, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, মৃত্যুঞ্জয় নাৰ্জাৰী, মুনমুন ব্ৰহ্ম, প্ৰকাশ বসুমতাৰী আদি উপস্থিত থাকে ।

লগতে পঢ়ক:বিটিচিৰ সচিবালয়ৰ আক্ৰমণত কোন জড়িত আছিল ?

ৰাজ্যৰ ৩৮ লাখ+ মহিলাক সামৰি মুকলি হ'ল অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ