ETV Bharat / state

সত্ৰৰ ১৫,২৮৮ বিঘা মাটিত বেদখল: উদাসীন ভকতক আৰ্থিক সাহাৰ্য প্ৰদান আৰম্ভ কৰি ক'লে মুখ্যমন্ত্ৰীয়ে

৮৩ বছৰীয়া বুঢ়াভকতে ক'লে- "এয়া সপোনৰো অগোচৰ আছিল "।

Himanta Biswa Sarma has started providing financial assistance to Udasin Bhakat
উদাসীন ভকতক আৰ্থিক সাহাৰ্য প্ৰদান আৰম্ভ কৰি ক'লে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 4:55 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যৰ উদাসীন ভকতলৈ এক জানুৱাৰীত মাহেকীয়া ভাট্টা আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ঘোষণা অনুসৰি এদিনৰ পিছতেই দুই জানুৱাৰী, শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে ছয় শতাধিক উদাসীন ভকতলৈ ৰাজ্য চৰকাৰে আগবঢ়ালে আৰ্থিক সাহাৰ্য ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয় লোকসেৱা ভৱনত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই তেওঁলোকক চেক প্ৰদান কৰি আঁচনিখনৰ শুভাৰম্ভণি কৰে ৷

উদাসীন ভকতক আৰ্থিক সাহাৰ্য প্ৰদান আৰম্ভ (ETV Bharat Assam)

'উদাসীন ভকতলৈ আৰ্থিক সাহাৰ্য' আঁচনিৰ অধীনত মাহে ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ এই আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ’ব । শুকুৰবাৰে দুপৰীয়া এই চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “সত্ৰীযা সংস্কৃতিৰ অবিচ্ছেদ্য অংশ হ’ল বুঢ়াভকতসকল ৷ উদাসীন ভকতলৈ আৰ্থিক সাহাৰ্য নৱবৰ্ষৰ দ্বিতীয়টো দিনতে আমাৰ চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথমখন আঁচনি ৰাজ্যৰ সমাজ আৰু সাংস্কৃতিক জীৱনৰ মেৰুদণ্ডসদৃশ সত্ৰৰ সেৱাত উছৰ্গা কৰিবলৈ পাই ধন্য অনুভৱ কৰিছো । সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনিলৈ আমি প্ৰয়াস কৰিছো গুৰুজনা প্ৰদত্ত অসম পৰিচায়ক সংস্কৃতিক সুৰক্ষিত কৰিবলৈ... ৷”

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, “লোকসেৱা ভৱনত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতলৈ আমি আৰ্থিক সাহায্য প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰো ৷ সত্ৰ সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা পৰম শ্ৰদ্ধাৰ উদাসীন ভকতসকলে আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৱদানেৰে আমাক ঋণী কৰি আহিছে ৷ এয়া সেই মহৎ অৱদানক স্বীকৃতি তথা তেখেতসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে আমাৰ যৎকিঞ্চিৎ প্ৰয়াস মাথোঁ ৷“

Himanta Biswa Sarma has started providing financial assistance to Udasin Bhakat
উদাসীন ভকতক আৰ্থিক সাহাৰ্য প্ৰদান আৰম্ভ কৰি ক'লে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

সত্ৰৰ ১৫,২৮৮ বিঘা মাটিত বেদখল:

অসমৰ সত্ৰসমূহৰ সংকটৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ ভাষণত উল্লেখ কৰে যে কেৱল বৰপেটা জিলাতেই ৭০০০ বিঘাৰো বেছি সত্ৰৰ মাটি বেদখলকাৰীৰ কৱলত আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ সত্ৰ সমূহৰ ১৫,২৮৮ বিঘা মাটি বেদখলকাৰীৰ কৱলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ কেৱল বৰপেটা জিলাতেই ৭১৩২ বিঘা মাটি বেদখলকাৰীৰ কৱলত আছে ৷ আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছো আৰু চলাই যাম ৷”

সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব :

সত্ৰৰ সংৰক্ষণ আৰু বিত্তীয় সংকট মোচনৰ বাবে গঠন কৰা সত্ৰ আয়োগৰ কাম আৰু ভূমিকাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আজি অসমৰ সত্ৰসমূহ আৰ্থিক সংকটৰ সন্মুখীন হৈ আহিছে । তাৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰি আহিছো । সত্ৰ আয়োগৰ হাতত বিত্তীয় অধিকাৰ থাকিব ৷ প্ৰয়োজনত সত্ৰসমূহলৈ বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰো অধিকাৰ তেওঁলোকৰ থাকিব ৷ সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব । যদি কোনোবা সত্ৰৰ মাটি দখল কৰিছে তেন্তে সত্ৰ আয়োগত অভিযোগ দিয়াৰ লগে লগে আয়োগে উচ্ছেদৰ অনুমতি দিব পাৰিব । অৰ্থাৎ সংৰক্ষণ আৰু সত্ৰ সমূহক বিত্তীয় ক্ষমতা এই দুয়োটা দিশতে সত্ৰ আয়োগে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ।”

Himanta Biswa Sarma has started providing financial assistance to Udasin Bhakat
উদাসীন ভকতক আৰ্থিক সাহাৰ্য প্ৰদান আৰম্ভ কৰি ক'লে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

৮৩ বছৰীয়া বুঢ়াভকতৰ আশা :

আনহাতে এই অনুষ্ঠানত চেক গ্ৰহণ কৰাৰ পিছত আৱেগিক হৈ পৰে যোৰহাটৰ ৮৩ বছৰীয়া সোণাৰাম শৰ্মা নামৰ বুঢ়াভকতগৰাকী । বুঢ়াভকতগৰাকীয়ে কয়, “মোৰ ৮৩ বছৰ হৈছে ৷ মই কেতিয়াও ভবা নাছিলো যে কেতিয়াবা এই উপেক্ষিত ভকত সকলে আৰ্থিক সাহাৰ্য পাবনে ? এয়া সপোনৰো অগোচৰ আছিল । যুগ যুগ বাগৰি গ’ল সত্ৰবোৰ জহিখহি গ’ল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সত্ৰ আয়োগ গঠন কৰিলে । আয়োগে বহু বেদখল হোৱা ভূমি উদ্ধাৰৰ বাবে আগবাঢ়িলে ৷ সত্ৰক পুনৰ ঠন ধৰি উঠাত সাৰ পানী যোগালে । ”

লগতে পঢ়ক:উদাসীন ভকতলৈ মাহিলী আৰ্থিক সাহাৰ্য: চৰকাৰৰ সিদ্ধান্তক আদৰণি সত্ৰ সমাজৰ

পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ: ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে পৰিকল্পনাৰ চমক