ETV Bharat / state

মুখ্য়মন্ত্ৰীয়ে ১ লাখ ৯৭ হাজাৰ টকাৰ ঘড়ী উপহাৰ দিলে ভাগিনক

ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে 'জন আশীৰ্বাদ যাত্ৰা' কৰাৰ সময়তেই আগুৰি ধৰিলে ভাগিনে আৰু তাৰ পিছত...

Himanta Biswa Sarma gave a watch as a gift to Bhagin
মুখ্য়মন্ত্ৰীয়ে ঘড়ী উপহাৰ দিলে ভাগিনক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 7:50 PM IST

|

Updated : March 3, 2026 at 10:40 AM IST

3 Min Read
Choose ETV Bharat

বিশ্বনাথ: বিজেপিৰ 'জন আশীৰ্বাদ যাত্ৰা'ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে এই যাত্ৰা কৰাৰ সময়তেই আগুৰি ধৰিলে ভাগিনসকলে । মামাক লগ পাবলৈ পুৱাৰে পৰাই অপেক্ষা কৰি আছিল ভাগিনসকলে ।

গহপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগেই দীৰ্ঘসময় মামাৰ বাবে অপেক্ষা কৰি থকা ভাগিনসকলে চিঞৰি উঠিল ' মামা, মামা' বুলি । মামায়ো ভাগিনৰ মৰম উপেক্ষা কৰিব নোৱাৰি বাহনৰ পৰাই হাত জোকাৰিলে । ভাগিনসকলে বাহনখনৰ ওচৰৰ পৰা মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলালে । তাৰ মাজতেই এজন ভাগিনে ক'লে, "মামা, আপোনাৰ ঘড়ীটো ভাল লাগিছে ।"

মুখ্য়মন্ত্ৰীয়েঘড়ী উপহাৰ দিলে ভাগিনক (ETV Bharat Assam)

এইবাৰ ভাগিনৰ কথাত মামাৰ অন্তৰ গলিল । মামায়ো মৰমৰ ভাগিনক হাতৰ ঘড়ীটো সোলোকাই দিলে উপহাৰ । এই উপহাৰ দি মামাই ক'লে, ‘‘সি ক'লে ঘড়ীটো ভাল লাগিছে, দি দিলো । ঘড়ীটো RADO কোম্পানীৰ । এই ঘড়ীটোৰ মূল্য ১ লাখ ৯৭ হাজাৰ টকা ।’’

উল্লেখ্য় যে গহপুৰৰ পৰা হাৱাজানলৈ যোৱা সময়ত ছয়দুৱাৰ মহাবিদ্যালয় ছাত্র-ছাত্রীয়ে মুখ্য়মন্ত্ৰীক আদৰণি জনায় । ইফালে, এই আদৰণি জনোৱা মুহুৰ্ততে দেখা গ'ল এক ব্য়তিক্ৰমী দৃশ্য । এজন ছাত্রই মুখ্যমন্ত্ৰীৰ হাত ঘড়ীটো ভাল লাগিছে বুলি কোৱাৰ লগতে দিব নেকি বুলি সোধাত ছাত্ৰজনক নিজৰ ঘড়ীটো মুখ্যমন্ত্ৰীয়ে হাতৰ পৰা খুলি ছাত্রজনক ঘড়ীটো দি দিলে । ঘড়ীটো ছাত্ৰজনে পাই উৎফুল্লিত হৈ পৰে । ছাত্ৰজন ছয়দুৱাৰ মহাবিদ্যালয়ৰ দ্বিতীয় সান্মাষিকত অধ্য়য়নৰত । ছাত্ৰজনৰ ঘৰ গহপুৰ সমষ্টিৰ ঘগৰাবস্তিত ।

Himanta Biswa Sarma gave a watch as a gift to Bhagin
মুখ্য়মন্ত্ৰীয়ে ঘড়ী উপহাৰ দিলে ভাগিনক (ETV Bharat Assam)

মুখ্যমন্ত্ৰী শৰ্মাই গ্ৰহণ কৰা জন আৰ্শীবাদ যাত্ৰাৰ অংশ হিচাপ গহপুৰৰ ৰাজ্যিক বাছ আস্থানৰ সন্মুখত উপস্থিত হৈ কয়, "গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় হ'ল, বৰঙাবাৰীত নাৰ্চিং ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে চলি আছে আৰু এইবেলিও যদি আপোনালোকে বিজেপিক ভোট দি জয়যুক্ত কৰে এইবাৰতকৈ চাৰিগুণ কাম কৰিম ।"

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চেংমৰা, কলাবাৰী আৰু হাৱাজানত সহস্ৰাধিক ৰাইজৰ আশীৰ্বাদ লৈ বিহপুৰীয়া সমষ্টিলৈ ৰাওনা হয় । উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে প্ৰায় বিশ সহস্ৰাধিক লোকৰ পৰা আৰ্শীবাদ লোৱাৰ পূৰ্বে পুৱাৰ ভাগত বৰঙাবাৰী ডিপৰাস্থিত মা-কল্যাণী দেৱালয়ত আশীৰ্বাদ লৈ জৰাবাৰীস্থিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৰুবাৰীৰ পৰা গহপুৰ নগৰৰ হৈ হাৱাজানলৈ যোৱা সময়ত গোটেই পথচোৱাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আদৰণি জনোৱা লগতে গহপুৰ সমষ্টিৰ অন্যতম ব্যক্তিগত খণ্ড বিদ্যালয় সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনৰ পাঁচ শতাধিক ছাত্র-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে আদৰণি জনায় ।

লগতে পঢ়ক:

জন আশীৰ্বাদ যাত্ৰাত হাতী-বুলড'জাৰত উঠি ৰাইজে আদৰিলে মুখ্যমন্ত্ৰীক

হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাজপথলৈ আহিছে ৰাইজঃ দিলীপ শইকীয়া

Last Updated : March 3, 2026 at 10:40 AM IST