নিৰ্বাচনৰ আগতেই মাটিৰ পট্টা পাব চাহ বাগিচাৰ শ্ৰমিক ৰাইজে : মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে
চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচীৰ আৰম্ভণি কৰিলে হিমন্ত বিশ্ব শৰ্মাই ।

Published : February 9, 2026 at 7:40 PM IST
মৰাণ : অসমৰ চাহ জনগোষ্ঠীৰ দুশ বছৰীয়া ইতিহাসত আজি জনগোষ্ঠীটোৰ বাবে আজি এক ঐতিহাসিক দিন । কম মজুৰিত কাম কৰি জীৱন নিৰ্বাহ কৰি ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ভূমিৰ অধিকাৰ লাভ কৰাৰ দিশে আৰু এখোজ আগবাঢ়িলে ।
চাহ বাগিচাৰ ৰাইজ আৰু চাহ জনগোষ্ঠীৰ দল-সংগঠনে দীৰ্ঘদিন ধৰি ভূমিৰ অধিকাৰ বিচাৰি সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ । ইয়াৰ পাছতে চলিত বিধানসভাত অসম চৰকাৰে গ্ৰহণ কৰিলে ঐতিহাসিক সিদ্ধান্ত । চাহ শ্ৰমিকে পাব ভূমিৰ অধিকাৰ । চাহ শ্ৰমিকক চৰকাৰে মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা পাছতে সোমবাৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰে মাটিৰ পট্টা প্ৰদানৰ বাবে আবেদনৰ প্ৰ-পত্ৰ প্ৰদান কৰে ।
ৰাজ্যৰ সকলো চাহ বাগিচাত এই প্ৰ-পত্ৰসমূহ প্ৰদান কৰা কাৰ্যসূচী আজি চাবুৱাৰ এই দিনজয় চাহ বাগিচাৰ পৰাই আৰম্ভণি কৰা হয় । ডিব্ৰুগড় জিলাৰ ১৬৯ খন চাহ বাগিচাৰ ৫৮,৪০১ গৰাকী লোকক ভূমিৰ পট্টা প্ৰদান কৰা লগতে অসমৰ ২০ খন জিলাৰ ৭১১ খন চাহ বাগিচাৰ ৬ লাখ লোকক ভূমিৰ পট্টা প্ৰদান কৰিব অসম চৰকাৰে । চাবুৱাৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মাটিৰ পট্টা পাবলগীয়া চাহ বাগিচাৰ লোকসকলক আজি প্ৰ-পত্ৰসমূহ প্ৰদান কৰা হয় ।



নিৰ্বাচনৰ আগতেই মাটিৰ পট্টা পাব চাহ বাগিচাৰ শ্ৰমিক ৰাইজে:
চাহ বাগিচাৰ লোকসকলৰ মাজত আনুষ্ঠানিকভাৱে আজি মাটিৰ পট্টা প্ৰদানৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আজি অসমৰ বাবে আনন্দৰ দিন । বিধানসভাত আমি চিলিং আইন সংশোধন কৰিছিলো আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাটি চৰকাৰীকৰণ কৰিছিলো । আজি দ্বিতীয়টো পৰ্যায়লৈ আগবঢ়িলো । আজি আমি আৱেদনৰ প্ৰ-পত্ৰ বিতৰণ কৰিলো । প্ৰ-পত্ৰ পূৰণ কৰি বাগিচাৰ ৰাইজে চৰকাৰক দিলে মাটিৰ পট্টা প্ৰদানৰ কাম আৰম্ভ হ'ব । আমি চেষ্টা কৰিম নিৰ্বাচনৰ আগতেই কিছু হ'লেও মাটিৰ পট্টা যাতে দিব পাৰো সেই লক্ষ্যৰে আমি আগুৱাই গৈ কাম কৰি আছো । চাহ বাগিচাৰ শ্ৰমিক ৰাইজে সহযোগিতা কৰিলে নিৰ্বাচনৰ আগতেই মাটিৰ পট্টা পাব ।"

