ETV Bharat / state

কালিকা লাগিছে নেকি কুমাৰ ভাস্কৰ বৰ্মা উৰণসেতুত ? নিৰুদ্দিষ্ট পুত্ৰৰ ন্যায় বিচাৰি হাবাথুৰি এহাল পিতৃ-মাতৃৰ

২৯ জুনৰ দিনা কুমাৰ ভাস্কৰ বৰ্মা উৰণসেতুত কি হৈছিল ? ভাস্কৰ বৰ্মা উৰণসেতুৰ পৰা নিৰুদ্দিষ্ট সুৰজিৎ ৰাজবংশীৰ অসহায় পিতৃ-মাতৃৰ ন্যায়ৰ দাবী ।

Kumar Bhaskar Varma flyover
নিৰুদ্দিষ্ট পুত্ৰৰ ন্যায় বিচাৰি হাবাথুৰি এহাল পিতৃ-মাতৃৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 8:37 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : যোৱা ২৯ জুনৰ দিনা ঘৰৰ পৰা ওলাই গৈ গুৱাহাটীৰ ফটাশিল আমবাৰীৰ সুৰেন ৰাজবংশীৰ পুত্ৰ সুৰজিৎ ৰাজবংশী সন্ধানহীন হৈ পৰিছিল । এতিয়া নিৰুদ্দিষ্ট পুত্ৰৰ ন্যায় বিচাৰি অসহায় হৈ পৰিছে পিতৃ-মাতৃ । বাৰে বাৰে আৰক্ষীৰ ওচৰলৈ যোৱাৰ পাছতো সহায় নোপোৱাৰ অভিযোগ সুৰজিৎ ৰাজবংশীৰ পিতৃ-মাতৃৰ ।

  • ২৯ জুনৰ নিশা কি হৈছিল

২৯ জুনৰ নিশা শেষবাৰৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা উৰণসেতুৰ ওপৰত নিৰুদ্দিষ্ট সুৰজিৎ ৰাজবংশীক দেখা গৈছিল । পিতৃ-মাতৃৰ হাতত ইয়াৰে চিচিটিভি ভিজুৱেল মজুত আছে । কিন্তু দুমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত সুৰজিতৰ সম্ভেদ নোপোৱাত পুত্ৰৰ ন্যায় বিচাৰি সোমাবাৰে কুমাৰ ভাস্কৰ বৰ্মা উৰণসেতুৰ ওপৰত অনশনত বহে পিতৃ-মাতৃ ।

নিৰুদ্দিষ্ট পুত্ৰৰ ন্যায় বিচাৰি হাবাথুৰি এহাল পিতৃ-মাতৃৰ (ETV Bharat Assam)
  • জীয়াই আছেনে সুৰজিৎ ৰাজবংশী

ইফালে সন্ধানহীন সুৰজিৎ ৰাজবংশীৰ মৃত্যু হোৱা বুলি দাবী কৰে পিতৃ সুৰেন ৰাজবংশীয়ে । ইফালে ২৯ জুনৰ পৰা নিৰুদ্দিষ্ট পুত্ৰৰ মৃতদেহ আজিও বিচাৰি নাপাই ক্ষোভ প্ৰকাশ কৰে সুৰেন ৰাজবংশীয়ে ।

পিতৃয়ে জনোৱা অনুসৰি, "আনদিনাৰ দৰে ২৯ জুনৰ দিনাও কামত ওলাই গৈছিল সুৰজিৎ । নিশা প্ৰায় ১ বজালৈ ঘৰলৈ উভতি নহাত মাকে তালৈ ফোন কৰে । সেই সময়ত সুৰজিতে আধাঘণ্টাৰ ভিতৰত ঘৰলৈ গৈ আছোঁ বুলি মাকক জনাইছিল ।"

তেওঁ লগতে কয়, "আধাঘণ্টাত ঘৰ নাপাওঁতে পুনৰ ফোন কৰিছিল মাকে । তেতিয়া তাৰ ফোনটো অফ পাইছিল । মাকে যেতিয়া তাক ফোন কৰিছিল তেতিয়া সি লগৰকেইটাৰ লগত পাৰ্টীত আছোঁ বুলি জনাইছিল ।"

  • ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

ইয়াৰ উপৰিও পিতৃয়ে কয়, "যি স্থানত পাৰ্টী কৰিছিল তাৰে ১০০ মিটাৰ দূৰত্বত বাইক আৰু হেলমেট পৰি আছিল । কিন্তু সেই স্থানৰ পৰা কেনেকৈ সি উৰণসেতু পালে সেইটো এটা ডাঙৰ প্ৰশ্ন ।"

Kumar Bhaskar Varma flyover
নিৰুদ্দিষ্ট সুৰজিৎ ৰাজবংশী (ETV Bharat Assam)

আনহাতে, এই সমগ্ৰ ঘটনাৰ লগত সুৰজিতৰ দুজন বন্ধু আৰু এগৰাকী যুৱতী জড়িত থকাৰ সন্দেহ কৰি পিতৃয়ে কয়, "এগৰাকী যুৱতী আৰু দুজন ল'ৰা এই ঘটনাটোৰ লগত জড়িত বুলি আমি সন্দেহ কৰিছোঁ । যুৱতীগৰাকীয়ে প্ৰেমৰ জালেৰে সুৰজিতক ফচাইছিল । এই সকলোবোৰ তথ্য আমি আৰক্ষীক দিছোঁ যদিও আজিলৈ আৰক্ষীয়ে তেওঁলোকক কোনো সোধা-পোছাই কৰা নাই ।"

আনহাতে, ঘটনা সংঘটিত হোৱাৰ দিনা পুৱা ঘৰৰ পৰা কিছুদূৰৈত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল সুৰজিতৰ বাইক আৰু হেলমেট । সকলো তথ্য আৰক্ষীক যোগান ধৰাৰ পাচতো আৰক্ষীয়ে সহযোগ নকৰাৰ অভিযোগ তোলে সুৰজিতৰ দুৰ্ভগীয়া পিতৃয়ে ।

  • মেধাৱী ছাত্ৰ আছিল সুৰজিৎ, নাছিল বদ অভ্যাস : পিতৃৰ দাবী

ইফালে পুত্র সন্দৰ্ভত ৰাজবংশীয়ে কয়, "মোৰ পুত্র পঢ়াত ভাল আছিল । সি সোণাৰামৰ পৰা লেটাৰ নম্বৰসহ প্রথম বিভাগত মেট্রিক পাছ কৰিছিল । হায়াৰ ছেকেণ্ডাৰীতো পাণ্ডু কলেজৰ পৰা লেটাৰ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হৈছিল । শেহতীয়াভাৱে আৰক্ষী, চিআৰপিএফতো ইণ্টাৰভিউ দিছিল আৰু ৰে'লৱেতো ইণ্টাৰভিউ দিছিল । সি অমায়িক, ভদ্র ল'ৰা আছিল । তাৰ লগত কি এনেকুৱা হ'ল, কি এনেকুৱা বেয়া বস্তু খুৱালে, তাৰ লগত কি শাৰীৰিক নির্যাতন কৰিলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন ।"

  • কুমাৰ ভাস্কৰ বৰ্মা উৰণসেতুক লৈ প্ৰশ্ন

ইফালে গুৱাহাটীৰ মাজমজিয়াত থকা কুমাৰ ভাস্কৰ বৰ্মা উৰণসেতুক লৈও প্ৰশ্ন উত্থাপন দুৰ্ভগীয়া পিতৃগৰাকীৰ । তেওঁ কয়, "এছ পি শিংলা কনষ্ট্ৰাকচন প্রাইভেট লিমিটেডে দলংখন বনাইছে । দলঙৰ ইটো পাৰে প্লাষ্টিক আৰু আইনাজাতীয় মেটেৰিয়েল আছে, যাত কোনোৱে ইয়াত উঠিব নোৱাৰে । কিন্তু বাকীফালটো উন্মুক্ত । এমাহ পূৰ্বে ছেলফি তুলিবলৈ গৈ এজন ল'ৰাৰ মৃত্যু হৈছে । মোৰ ল'ৰাৰ মৃত্যু হোৱাৰ আগতে এজনী ছোৱালীৰ মৃত্যু হৈছে । গুৱাহাটীৰ মাজমজিয়াত থকা এই দলংখন সুৰক্ষিত হ'ব লাগিছিল, চৰকাৰে গুৰুত্বসহকাৰে ল'ব লাগিছিল । অনাগত সময়ত যাতে এনে দুর্ভাগ্যজনক ঘটনা নহয় তাৰ বাবে মই চৰকাৰক দাবী জনাইছোঁ । দলংখনৰ নির্মাতা কোম্পানীটোৰ ওপৰত বিহিত ব্যৱস্থা লওক ।"

উল্লেখ্য যে, অনলাইন ডেলিভাৰী বয় হিচাপে কাম কৰা সুৰজিৎ মহানগৰীৰ আৰ জি বৰুৱা মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ আছিল । মধ্যবিত্ত পৰিয়ালৰ হোৱা বাবে পঢ়াৰ সমান্তৰালকৈ সুৰজিতে ডেলিভাৰী বয়ৰ কামো কৰিছিল ।

লগতে পঢ়ক :যোৰহাটত ছলনাময়ী যুৱতীৰ বাবে পুত্ৰই ঘৰতে লুটিলে ৬০ লক্ষাধিক টকাৰ অলংকাৰসহ নগদ ধন
লগতে পঢ়ক :বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ধেমাজিৰ ব্যক্তি; মুখ্যমন্ত্ৰীলৈ সহায়ৰ কাতৰ আহ্বান পৰিয়ালৰ