খহনীয়াৰ কবলত আয়ুষ্মান আৰোগ্য মন্দিৰ-বিদ্য়ালয়; দলং নিৰ্মাণ নকৰিলে বিধায়কক দিব প্ৰত্য়ুত্তৰ
মান-অসমৰ শেষ ৰণথলীৰ সমীপতেই মানাহ নদীৰ ওপৰত নাই দলং ।

Published : February 8, 2026 at 5:30 PM IST
জনীয়া: মান-অসমৰ শেষ ৰণথলী হাদিৰাচকীৰ সমীপৱৰ্তী ফুলৰা আৰু চতলালৈ যোৱা হাপাচৰ মানাহ নদীৰ ওপৰত আছে এখন সাঁকো । যুগ যুগ ধৰি এই সাঁকোখনে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক । দৈনিক মৰণক শৰণ দি সাঁকোৰে যাতায়াত কৰিবলগীয়া হৈছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজ ।
পুৰণা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ১৫ বছৰীয়া কাৰ্যকালত নৈখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ বাবে ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে নাপালে সুফল । বৰপেটা জিলাৰ নৱগঠিত ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা পুৰণা বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত এখন সাঁকোৱে দীৰ্ঘদিন ধৰি ৰাইজক জ্বলা-কলা খুৱাইছে ।
উল্লেখ্য যে জিলাখনৰ দক্ষিণ প্ৰান্তত অৱস্থিত মান-অসমৰ শেষ ৰণথলী হাদিৰাচকীৰ সমীপৱৰ্তী ফুলৰা আৰু চতলালৈ যোৱা পথত হাপাচৰ গাঁৱত মানাহ নদীৰ ওপৰত এখন পকী দলং নথকাত যুগ যুগ ধৰি যমৰ যাতনাত ভুগিবলগীয়া হৈছে জনসাধাৰণে ।
ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহ আৰু কাঠেৰে এখন সাঁকো নিৰ্মাণ কৰিছে যদিও বৰ্তমান সাঁকোখন জহি-খহি গৈছে । যাৰ ফলত দৈনিক হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰীয়ে নৈখন ইপাৰৰ পৰা সিপাৰলৈ মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে । কেইবছৰমান পূৰ্বে হাপাচৰ গাঁৱত মানাহ নদীত নদীবান্ধৰ বাবে চৰকাৰে ১৬০০ মিটাৰ কামৰ বাবদ ৩ কোটি ৫০ লাখ টকা আবণ্টন দিয়ে যদিও ৮০০ মিটাৰ কামহে কৰে । বাকীথকা কামখিনি নকৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । কাম সম্পূৰ্ণ নকৰা বাবেই খহনীয়াই কালৰূপ ধাৰণ কৰাত গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে ।

বৰ্তমান খহনীয়াৰ কবলত হাপাচৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, হাপাচৰ এম ই স্কুল, হাপাচৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বহু পৰিয়ালৰ ঘৰ-দুৱাৰ । কিছুদিন পূৰ্বে বিধায়ক শ্বেৰমান আলী আহমেদে হাপাচৰ অঞ্চলত পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ৫ লাখ টকা আবণ্টন দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে কোনো টকা আবণ্টন দিয়া নাই বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
এই সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে কয়, "বিধায়কগৰাকীয়ে কৈ থাকে মানাহ নদীৰ ওপৰত এখন পকী দলং অনুমোদন হৈছে । অতি শীঘ্ৰেই কাম আৰম্ভ হ'ব বুলি মাজে সময়ে কৈ থাকে। বিধায়ক শ্বেৰমান আলী আহমেদে সমষ্টিটোত প্ৰায় সংখ্যক কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে । আধা কাম কৰি বাকী টকা আত্মসাৎ কৰিছে । লগতে কেৱল আধাৰশিলাৰ ৰাজনীতিহে কৰি আছে ।"

বিগত ১৫ বছৰ কাৰ্যকালত বিধায়ক শ্বেৰমান আলী আহমেদে এখন পকী দলং নিৰ্মাণ কৰি দিব নোৱাৰাত ক্ষুব্ধ ৰাইজে তেওঁৰ নিচিনা প্ৰাৰ্থী আৰু নালাগে বুলি কয় । আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলিও একাংশ লোকে বিধায়কক সকীয়াই দিছে ।

