ব্যাহত ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা: উদ্বিগ্ন মন্ত্রী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক, বিকল্প ব্যৱস্থা ই এম আৰ আই কৰ্তৃপক্ষৰ
প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি চালকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ।

Published : December 4, 2025 at 12:15 AM IST
গুৱাহাটী: ৰাজ্যত ব্যাহত জৰুৰীকালীন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা । চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট তথা কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই । প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি চালকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ।
আনহাতে, চালকসকলৰ লগতে ইমাৰ্জেন্সি ৰেছপনছ চাৰ্ভিছ আৰু ইমাৰ্জেন্সি মেডিকেল টেকনিচিয়ানৰ প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়েও কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে । যাৰ ফলত বিগত তিনিদিন ধৰি ব্যাহত হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা ।
অৱশ্যে ১০৮ মৃত্যুঞ্জয় সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছে বন্ধ হ'বলৈ দিয়া নাই ১০৮ মৃত্যুঞ্জয় সেৱা । ইফালে ১০৮ মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলে কৰি থকা কৰ্মবিৰতিৰ ফলত যাতে অসমৰ স্বাস্থ্যখণ্ডত কোনো ধৰণৰ প্ৰভাৱ নপৰে, সেই বিষয়ে আলোচনা কৰিবলৈ বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে দিছপুৰৰ নিজ কাৰ্যালয়ৰ সভাকক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে জিলা আয়ুক্তসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত মিলিত হয় ।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালকে জানিবলৈ দিয়ে যে বৰ্তমান ৰাজ্যখনত জি ভিকে ই এম আৰ আইৰ অধীনত চলাই থকা এই জৰুৰীকালীন এম্বুলেন্সৰ সেৱাৰ ৭৯৯ খনৰ ভিতৰত ৩৫৭ খনে এম্বুলেন্সে সেৱা আগবঢ়ায় আছে ।
মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এম্বুলেন্স সেৱা এটা জৰুৰীকালীন সেৱা । ইয়াৰ লগত মানুহৰ জীৱন-মৃত্যুৰ কথা জড়িত হৈ থাকে, সেয়ে এই সেৱা অব্যাহত ৰাখিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ কৰ্মচাৰী সকলৰ কৰ্মবিৰতিৰ বাবে যাতে জিলাসমূহত জৰুৰীকালীন এম্বুলেন্স সেৱা কোনো কাৰণতে ব্যাহত নহয়, সেই দিশত চোকা নজৰ ৰাখিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে ।’’
তেওঁ ৰাজ্যখনৰ বিভিন্ন জিলাত থকা এম্বুলেন্সসমূহৰ কিমানখন এম্বুলেন্সে সেৱা আগবঢ়াই আছে, সেই বিষয়ে জিলা আয়ুক্তসকলৰ পৰা বিতংভাবে বুজ লয় । জিলা আয়ুক্তসকলক এই সময়ত সংবেদনশীল হৈ মানুহৰ জীৱনৰ কথা চিন্তা কৰি কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । তেওঁ স্থানীয়ভাৱে চালক নিয়োগ কৰি হ’লেও জিলাসমূহত থকা সকলো এম্বুলেন্স চলোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে । তেওঁ লগতে কাইলৈৰ ভিতৰত এই ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জি ভিকে ই এম আৰ আই কৰ্তৃপক্ষক নতুন চালক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায় ।

এই ভিডিঅ' কনফাৰেন্স মাধ্যমেৰে অনুষ্ঠিত পৰ্যালোচনা সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীকে ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ।
উল্লেখ্য যে, ১০৮ মৃত্যুঞ্জয় সেৱাৰ চালক আৰু কৰ্মচাৰীৰ প্ৰতিবেদৰ পাছতে এই সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছে বন্ধ হ'বলৈ দিয়া নাই ১০৮ মৃত্যুঞ্জয় সেৱা । এই সন্দৰ্ভত ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছৰ এইচ আৰ হেড সিদ্ধাৰ্থ লস্কৰে কয়, ‘‘ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছ অসমে Emergency Medical Technicians (EMTs) আৰু Pilot সকলক অতিৰিক্ত সময়ৰ মজুৰি নাপোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে । নিযুক্তিপত্ৰৰ চৰ্তাৱলী আৰু প্ৰচলিত শ্রম আইনৰ অনুসৰণ কৰি অতিৰিক্ত সময়ৰ মজুৰি যথাযথভাৱে প্ৰদান কৰা হৈছে । সেৱা নিশ্চিতকৰণৰ প্ৰথম দিনৰ পৰাই ই এম টি আৰু চালকসকলে নিয়মিত মজুৰিৰ উপৰিও নূন্যতম মজুৰিৰ দ্বিগুণ হাৰত দুই ঘণ্টা অতিৰিক্ত সময়ৰ মজুৰি লাভ কৰি আহিছে অৰ্থাৎ প্ৰতিদিনৰ ১০ ঘণ্টাৰ মজুৰিৰ সৈতে ২ ঘণ্টা বিশ্রাম/বিৰতি ব্যৱস্থা । অসম শ্রম আয়ুক্তৰ অনুমোদিত Standing Order আৰু নিযুক্তিপত্ৰৰ নিয়ম অনুসৰি EMT আৰু Pilot সকলে ১০ ঘণ্টা কাৰ্যকৰী কৰ্তব্য পালন কৰিব লাগে আৰু ২ ঘণ্টা বিশ্রাম/বিৰতি লাভ কৰিব পাৰে । যাৰ ফলত ছিফ্ট সময় ১২ ঘণ্টা হয় । অতিৰিক্ত সময়ৰ মজুৰি প্ৰতি মাহত বেতনসহ নিয়মিতভাৱে প্রদান কৰা হয় । ২০১৮ চনৰ ২৭ ছেপ্তেম্বৰত অসম চৰকাৰ, EMRI ব্যৱস্থাপনা আৰু কৰ্মচাৰী সংগঠনৰ মাজত অনুষ্ঠিত ত্রিপক্ষীয় বৈঠকত ১০ ঘণ্টা কার্যকৰী কৰ্ম আৰু ২ ঘণ্টা বিশ্রামসহ ১২ ঘণ্টা ছিফ্ট প্রয়োগ কৰাৰ বাবে চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছিল । অতিৰিক্ত মজুৰি নোপোৱাৰ অভিযোগ বিভ্রান্তিকৰ আৰু অপ্রামাণিক ।’’

তেওঁ লগতে কয়, ‘‘সংগঠনৰ সদস্যসকলে দাখিল কৰা লেখ আবেদনৰ ভিত্তিত বিষয়টো বর্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । সেইকাৰণে আদালতৰ চূড়ান্ত ৰায় অহাৰ আগলৈকে অতিৰিক্ত মজুৰি নোপোৱাৰ বিষয়ত একপক্ষীয় সিদ্ধান্ত লোৱাটো গ্ৰহণযোগ্য নহয় । আন্দোলনৰ মাজতো মঙলবাৰে প্রায় ২৫০ খন এম্বুলেন্স সফলভাৱে সক্ৰিয় আছিল আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত জীৱন ৰক্ষাৰ কাম অব্যাহত ৰাখিছে । বিশেষকৈ মাজুলীৰ বোট এম্বুলেন্সত এক সুৰক্ষিত শিশু জন্ম ই এম আৰ আই দলৰ অক্লান্ত সেৱা অন্যতম নিদৰ্শন । এক দায়িত্বশীল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে ই এম আই আয়ে নিজৰ সেৱা অব্যাহত ৰাখিছে । আন্দোলনকাৰী কৰ্মচাৰীসকল বাৰম্বাৰ অনুৰোধৰ পাছতো কর্তব্যলৈ ঘূৰি নহাৰ বাবে জনসাধাৰণক প্ৰয়োজনীয় জৰুৰী স্বাস্থ্য সেৱাৰ প্ৰদান কৰাৰ বাবে ই এম আৰ আয়ে নতুন এম্বুলেন্স কৰ্মচাৰী নিয়োগ, প্রশিক্ষণ আৰু সংস্থাপনৰ কাম ৰাজ্যজুৰি আৰম্ভ কৰিছে । এ এম আৰ আয়ে অসমবাসীক আশ্বাস দিয়ে যে ১০৮ মৃত্যুঞ্জয় জৰুৰী সেৱা অব্যাহত থাকিব আৰু প্ৰতিজন নাগৰিকলৈ সময়মতে সেৱা প্ৰদান নিশ্চিত কৰিব ।’’
ইফালে গুৱাহাটীৰ চচলত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । আন্দোলনকাৰী পাঁচ শতাধিক কৰ্মচাৰীক জি ভিকে ই এম আৰ আই কৰ্তৃপক্ষই চাকৰিৰ পৰা অব্যাহতি দিয়া বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: পাহাৰবাসীক ভূমিপট্টা দিয়াৰ কোনো আগ্রহ নাই চৰকাৰৰ: নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

