ETV Bharat / state

ৰাজ্যজুৰি পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান; ধুবুৰীত স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভাৰম্ভ

ধুবুৰীত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ৰাজ্যিক পৰ্যায়ৰ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

national polio day 2026
ধুবুৰীত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ৰাজ্যিক পৰ্যায়ৰ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 8:25 PM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী : সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস বা ৰাষ্ট্ৰীয় পলিঅ' দিৱস ৰূপায়ণ কৰা হৈছে । ধুবুৰীত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ৰাজ্যিক পৰ্যায়ত ৩ দিনীয়াকৈ আয়োজন হ'বলগীয়া পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ উচ্চ প্ৰশংসা কৰে । তেওঁ দাবী কৰা মতে অসমত প্ৰতিষেধক প্ৰদান কাৰ্যক্ৰম ৯৯ শতাংশৰো অধিক ডিজিটেল হৈ পৰিছে ।

তেওঁ কয়, "এই ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে প্ৰথম স্থানত আছে । মই স্বাস্থ্য কৰ্মী, আশাকৰ্মী, জিএনএম আৰু এএনএমসকলক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।" স্বাস্থ্য কৰ্মীসকলৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি অসমত ৯৫ শতাংশ মাতৃ-শিশুক টীকাকৰণ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে ৰাজ্যৰ ২৪ হাজাৰ স্বাস্থ্য কেন্দ্ৰত প্ৰায় ৫২ হাজাৰ স্বাস্থ্য কৰ্মীয়ে এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিব ।

ৰাজ্যজুৰি পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান (ETV Bharat)

এই অনুষ্ঠানত ধুবুৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাস, ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অংকুমণি শইকীয়াকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে ।

মৰিগাঁও : ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰাষ্ট্ৰীয় পলিঅ' দিৱস ৰূপায়ণ কৰা হৈছে । মৰিগাঁও জিলাৰো মুঠ ১,৪১,৩৪৫ গৰাকী ৫ বছৰৰ তলৰ শিশুক পলিঅ'ৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰখা হৈছে ।

ৰাজ্যজুৰি পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান (ETV Bharat)

মৰিগাঁও জিলাত ৯১৩ টা বুথৰ জৰিয়তে এই অভিযান চলোৱা হ'ব । অভিযান সফল কৰিবলৈ ৩,৪২২ গৰাকী কৰ্মী নিয়োগ কৰা হৈছে । দেওবাৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ শৈলেন্দ্ৰ বৰ্দ্ধন বৰাই এটি শিশুক পলিঅ' প্ৰতিষেধক খুৱাই এই অভিযানৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডাঃ নিৰঞ্জন কোঁৱৰকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া, স্বাস্থ্য কৰ্মী উপস্থিত থাকে । ইফালে ধিং সমষ্টিৰ আসোম গাঁও স্বাস্থ্য উপকেন্দ্ৰত বিধায়ক মেহবুব মুক্তাৰে এটি শিশুক পলিঅ' প্ৰতিষেধক খুৱাই অভিযানৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক :

নতুন ৰূপত উজলি উঠিব জিএমচিএইচ: নিৰ্মাণকাৰ্যৰ বুজ লৈ নক্সা সলনিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ