ভাৰাত লৈ বিক্ৰী কৰিছিল ৮০ খনৰো অধিক বাহন; আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক গাড়ী চোৰ ৰূপজ্যোতি !
মহানগৰীত গাড়ী চুৰি চক্ৰৰ নতুন জাল । বেংকৰ শীৰ্ষ বিষয়াৰ পৰিচয়ৰে প্ৰৱঞ্চনা ।

Published : January 16, 2026 at 4:59 PM IST
গুৱাহাটী : বেংকৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দিয়াৰ পিচত গাড়ী ভাৰাত লৈ সেইবোৰ চোৰাংভাৱে বিক্ৰী কৰি আছিল এটা চক্ৰই । ইয়াৰ মাজতেই ৰমৰমীয়া বেহা চলাই থকা দুধৰ্ষ চোৰৰ মাষ্টাৰমাইণ্ড অৱশেষত আৰক্ষীৰ জালত পৰিল । ৮০খনৰো অধিক বাহন বহিঃৰাজ্যত বিক্ৰী কৰিছিল এই চোৰটোৱে । মহানগৰীত বাহৰ পাতি এইদৰে গাড়ী চুৰিৰ বেহা চলাই থকাৰ তথ্য় আৰক্ষীয়ে লাভ কৰাৰ পিচতেই জালত পৰিল মহাপ্ৰৱঞ্চক ৰূপজ্যোতি দাস ।
মহানগৰীত গাড়ী ভাৰাত লৈ বিক্ৰী কৰা চক্ৰৰ মাষ্টাৰমাইণ্ডক হাতীগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ৷ হাতীগাঁও আৰক্ষীৰ জালত পৰা মহাপ্ৰৱঞ্চকটো হৈছে কমলপুৰৰ ৰূপজ্যোতি দাস ৷ দীৰ্ঘদিন ধৰি ৰূপজ্যোতিয়ে এইচ এছ বি চি বেংকৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দি গাড়ী চুৰি চক্ৰৰ নেতৃত্ব দি আহিছিল ৷
অভিযুক্তক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে বেংকৰ কাৰণে গাড়ী ভাৰাত লোৱা দেখুৱাই ডেৰশৰো অধিক বাহন প্ৰৱঞ্চনাৰে অৰুণাচলত বিক্ৰী কৰিছিল ৰূপজ্যোতিয়ে ৷ ৮০খনৰো অধিক বাহন বিক্ৰী কৰিছিল বহিঃৰাজ্যত । চুৰি চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ১২খনকৈ বাহন ৷
এই ঘটনাটো পোহৰলৈ অহাৰ পিচতেই গুৱাহাটী আৰক্ষী জিলাৰ মধ্যমণ্ডলৰ উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "১ জানুৱাৰীত শিৱসাগৰৰ নাজিৰাৰ মণ্টু গোস্বামীৰ এখন এজাহাৰ পৰিছিল যে তেওঁৰ গাড়ীখন কোনোবাই ভাৰাত লোৱাৰ পিছত নোহোৱা হৈ আছে ৷ তাৰ পিছত তদন্তত আমি গম পালো যে ৰূপজ্যোতি দাস ইয়াত ভেটাপাৰাত আছিল । ঘৰ কমলপুৰত । মানুহৰ পৰা গাড়ী ভাৰাত লৈ অকচনত পোৱা গাড়ী বুলি কৈ তৃতীয় পক্ষক বিক্ৰী কৰে । ৮০খন গাড়ীৰ ভিতৰত এতিয়ালৈকে আৰক্ষীয়ে ১২খন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷"
গুৱাহাটী আৰক্ষী জিলাৰ মধ্যমণ্ডলৰ উপ-আৰক্ষী আয়ুক্তই পুনৰ কয়, “এতিয়ালৈকে তেওঁ এনেকৈ ৮০খন গাড়ী বিক্ৰী কৰাৰ হিচাব এটা পাইছো । তদন্তকালত এতিয়ালৈকে আমাৰ ১২ খন গাড়ী উদ্ধাৰ হৈছে । অৰুণাচলৰ পৰা ৮খন আৰু অসমৰ পৰা চাৰিখন উদ্ধাৰ কৰা হৈছে ৷ হাতীগাঁও আৰক্ষীক জোনাই আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীয়ে সহায় কৰিছে ।”
“তেওঁৰ ছিষ্টেমটো হ’ল প্ৰথমে নিজকে এইচ এছ বি চি বেংকৰ বিষয়া বুলি পৰিচয় দি কয় বেংকৰ কামত গাড়ীসমূহ ব্যৱহাৰ হ’ব ৷ ভাৰাত লৈ প্ৰথমে কিছুদিন পইচা দি থাকে ৷ পিছত ফাইনেন্সৰ পৰা টনা অকচনৰ গাড়ী বুলি কৈ বাহৰিৰ ৰাজ্য়ত বিক্ৰী কৰি দিয়ে । গুৱাহাটীৰ বাহিৰলৈ পঠিয়াই দিয়ে ।” এইদৰে কয় মধ্যমণ্ডলৰ উপ-আৰক্ষী আয়ুক্ত ডেকাই ।

