ETV Bharat / state

কেৰেলা বিক্ৰী কৰি মটৰ চাইকেল কিনা এজন কৃষক; মাহে উপাৰ্জন কৰে ডেৰ লক্ষাধিক টকা

৪৫ বিঘা ভূমিত ৫০০০ সাঁচি গছ, ৪ বিঘাত ফিচাৰি, ২৫ বিঘাত চাহগছ, কুঁহিয়াৰ, কল খেতি কৰি স্বাৱলম্বী হোৱা কৃষকজন ।

Haren Kalita of Namati Sivasagar self-reliant through farming
কেৰেলা বিক্ৰী কৰি মটৰ চাইকেল কিনা এজন কৃষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 12:38 PM IST

3 Min Read
Choose ETV Bharat

আমগুৰি : ধৈৰ্য, একাগ্ৰতা আৰু কষ্টসহিষ্ণুতাৰ বলত কৃষিকৰ্ম কৰিলে জীৱনত সফলতা লাভ কৰাতো সম্ভৱ । এজন চিকিৎসক, অধ্য়াপকতকৈ এজন কৃষকৰ উপাৰ্জন কোনো কাৰণতেই কম নহয় । কৃষিকৰ্ম কৰি জীৱনত সফলতা আৰু গ্লেমাৰ বিচাৰি পাইছে এজন খেতিয়কে ।

জীৱনৰ ৪০ টা বসন্ত কৃষিকৰ্মত সমৰ্পণ কৰি আজিৰ দিনটোত এজন সফল খেতিয়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে । শিৱসাগৰ জিলাৰ নামতিৰ মিছাজানৰ এইজন কৃষকৰ নাম হৰেণ কলিতা । ৬৫ বছৰতো চিৰতৰুণ ব্যক্তিজনৰ কৃষিয়েই একমাত্ৰ সাধনা । অসম আন্দোলনৰ সময়ৰ পৰাই ২৫ বছৰীয়া যুৱকজনে হাতত কোৰ-দা লৈ কৃষিকৰ্মত মনোনিৱেশ কৰিছিল । কৃষিৰ জৰিয়তে তেওঁ আত্মনিৰ্ভৰ কৰিবৰ কাৰণে নিজকে সাজু কৰে ।

কেৰেলা বিক্ৰী কৰি মটৰ চাইকেল কিনা এজন কৃষক (ETV Bharat Assam)

কি কি খেতি কৰে ?

১৯৮৫ চনত কেৰেলা বিক্ৰী কৰি লৈছিল ইএইচদি মটৰ চাইকেল । আজিৰ দিনত সফল খেতিয়ক হিচাপে প্ৰতিষ্ঠা কৰা হৰেণ কলিতাই ১৯৮৫ চনত কেৰেলা বিক্ৰী কৰি লৈছিল এখন মটৰ চাইকেল । সেই সময়ত মটৰ চাইকেলখনৰ দাম আছিল ১৮ হাজাৰ ৬৯২ টকা ।

Haren Kalita of Namati Sivasagar self-reliant through farming
নামতিৰ মিছাজানৰ হৰেণ কলিতাৰ বাগিচা (ETV Bharat Assam)

পৰ্যায়ক্ৰমে হৰেণ কলিতাই সৰ্বমুঠ ৪৫ বিঘা ভূমিত ৫০০০ সাঁচি গছ, ৪ বিঘাত ফিচাৰি, ২৫ বিঘাত চাহগছ, কুঁহিয়াৰ, জালুক, তামোল, কল খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে । যোৱা ৪০ বছৰ ধৰি কৃষিকৰ্মৰ সৈতে জড়িত ব্যক্তিজনে ৪০ টা পৰিয়ালক নিজৰ কৃষি পামত কৰ্মসংস্থাপন দিয়াৰ লগতে গ্ৰামাঞ্চলৰ বুকুত এখন মিনি পাম গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

Haren Kalita of Namati Sivasagar self-reliant through farming
৪৫ বিঘা ভূমিত ৫০০০ সাঁচি গছ (ETV Bharat Assam)

অসমত কেৱল দুই শতাংশ পথাৰতহে পানীৰ ব্যৱস্থা :

সফল খেতিয়ক হৰেণ কলিতাই কয়, "অসমত কৃষিৰ বাবে উপযুক্ত পৰিৱেশ আছে যদিও পানীৰ অভাৱৰ বাবে কৃষকৰ উৎপাদন নহয় ।" পাঞ্জাৱ আৰু অসমৰ কৃষিপথাৰৰ আকাশ-পাতাল পাৰ্থক্য বুলি প্ৰকাশ কৰি তেওঁ কয়,"অসমত কেৱল দুই শতাংশ পথাৰতহে পানীৰ ব্যৱস্থা আছে ।" ১৯৮৫ৰ পৰা ৮৭ চনৰ ভিতৰত ডিব্ৰুগড়লৈ যোৱা হিৰণ্য নামৰ বাছখনত কেৰেলা কঢ়িওৱা বুলি উল্লেখ কৰি কলিতাই কয় যে বাছখনে তেওঁৰ কেৰেলা কঢ়িয়াই কঢ়িয়াই বাছৰ বডি পৰ্যন্ত ভাগি গৈছিল । বৰ্তমানৰ নৱপ্ৰজন্ম কৃষিকৰ্মৰ প্ৰতি অনীহা অহা বুলি তেওঁ কয় ।

Haren Kalita of Namati Sivasagar self-reliant through farming
নামতিৰ মিছাজানৰ হৰেণ কলিতাৰ বাগিচাৰ ভিতৰচ'ৰা (ETV Bharat Assam)

কৃষিকৰ্ম কৰিবৰ কাৰণে উপযুক্ত ব্যৱস্থা নিদিয়া, চৰকাৰে প্ৰকৃত কৃষকক সহায় নকৰা, পানীৰ ব্যৱস্থা নকৰা, সহজলভ্য ধন বিচাৰি ফুৰাৰ কাৰণেই যুৱপ্ৰজন্ম কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী নহয় বুলি কয় হৰেণ কলিতাই । জীৱনৰ ৬৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো পূৰ্ণোদ্যমে খেতিত মনোনিৱেশ কৰি এজন সফল খেতিয়কৰূপে পৰিচিত হোৱা নামতি মিছাজানৰ হৰেণ কলিতাৰ বৰ্তমান মাহেকীয়া আয় ডেৰ লক্ষাধিক টকা ।

লগতে পঢ়ক:ঊণ সূতাৰে বিকাশ কৰিছে প্ৰতিভা, আৰ্জিছে পৰ্যাপ্ত ধন

চিয়াং নৈৰ পাৰত নীৰৱে চলিছে সেউজ বিপ্লৱ: পথাৰ ভৰিছে আলু-গোমধান-সৰিয়হ-তিল-মাকৈৰে