ETV Bharat / state

হালালী ৰিজ'ৰ্ট: উজ্জ্বল মাটিৰ পৰেশেৰে উজ্জীৱিত বিনোদনৰ সম্ভাৰে হাত বাউলি মাতি আছে

হা-লালী- 'হা' মানে মাটি 'লালী' মানে উজ্জ্বল । এজন খিলঞ্জীয়া যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস । দুই দশক পূৰ্বে পুহি ৰখা সপোনৰ সাকাৰ ৰূপ ।

Halali Resort Dhemaji
হালালী ৰিজ'ৰ্ট: উজ্জ্বল মাটিৰ পৰেশেৰে উজ্জীৱিত বিনোদনৰ সম্ভাৰে হাত বাউলি মাতি আছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 3, 2026 at 8:38 PM IST

8 Min Read
Choose ETV Bharat

জোনাই : এজন খিলঞ্জীয়া যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এখন ৰিজ’ৰ্ট বহু পৰ্যটকৰ বাবে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ব্যতিক্ৰমী ৰূপত গঢ় লৈ উঠা ৰিজ’ৰ্টখনে এতিয়া জীৱিকাৰ সন্ধান দিছে প্ৰায় ৭০- ৮০ টাকৈ স্থানীয় পৰিয়ালক ।

গ্ৰামাঞ্চলত সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত এখন বিশেষ ৰিজ’ৰ্ট- নাম 'হালালী ৰিজ’ৰ্ট' এতিয়া ক্ৰমান্বয়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি গ্ৰামাঞ্চলৰ মনোমোহা পৰিৱেশত বিনোদনৰ সম্ভাৰেৰে পৰিপূৰ্ণ এখন ৰিজ'ৰ্ট ।

বিনোদনৰ সম্ভাৰে পৰ্যটকক হাত বাউলি মাতে

এই ৰিজ'ৰ্টখনত সৰুৰ পৰা ডাঙৰলৈ, বিভিন্ন ৰুচিৰ মানুহৰ বাবে নিজৰ আজৰি সময় কটোৱাৰ বাবে আছে অফুৰন্ত সম্ভাৰ । যাৰ বাবে এতিয়া পৰ্যটকক হালালীয়ে হাত বাউলি মাতে । কণ কণ শিশুৰ বাবে খেল-ধেমালিৰ উদ্যান, নৌকা বিহাৰ, সাঁতোৰা আদিৰ আনন্দ‌ও ইয়াত উপভোগ কৰিব পাৰি । ৰিজ’ৰ্টখনত পাব বিভিন্ন দেশী-বিদেশী থলুৱা খাদ্য‌-ব্যঞ্জনো ।

হালালী ৰিজ'ৰ্ট: স্বত্ত্বাধিকাৰী লীলাকান্ত কছাৰীৰ ভাষ্য (ETV Bharat Assam)

বিভিন্ন প্ৰজাতি চৰাই-চিৰিকটিৰ কোলাহলেৰে মুখৰিত হৈ থকা ৰিজ’ৰ্টখনলৈ অহা প্ৰতিগৰাকী লোকে এই ব্যতিক্ৰমী বিনোদন স্থানখনক প্ৰসংশা কৰাৰ লগতে পুনৰ ইয়ালৈ অহাৰ আশাপালি ইয়াৰ পৰা ওভতে । বৰ্তমান দিনৰ ভাগৰ মনোৰঞ্জনৰ ব্যৱস্থা আছে যদিও পিছলৈ ৰিজ'ৰ্টখনত থকা-খোৱাৰ ব্যৱস্থা কৰি থকা হৈছে ।

ক'ত আছে এই মনোমোহা প্ৰাকৃতিক লীলাভূমি

ধেমাজিৰ চিলাপথাৰৰ জলকীয়া সুঁতি গাঁৱৰ এখন বাৰী এতিয়া জিলিকিছে পৰ্যটনস্থলী হিচাপে । হালালীয়ে যেন বাটৰুৱাক হাত বাউলি মাতি আছে । প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ অন্যতম আকৰ এই হালালী । এজন অসমীয়া খিলঞ্জীয়া যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস । দুটা দশক পূৰ্বে মনত পুহি ৰখা সপোনৰ নাম হৈছে হালালী ৰিজ'ৰ্ট ৷

হালালী ৰিজ'ৰ্ট: স্বত্ত্বাধিকাৰী লীলাকান্ত কছাৰীৰ ভাষ্য (ETV Bharat Assam)

লীলাকান্তৰ সপোনৰ গজালি ক্ৰমাৎ পূৰঠ হৈছে

চিলাপথাৰ জলকীয়া সুঁতি গাঁৱৰ এগৰাকী ভৱিষ্যদৰ্শী যুৱক লীলাকান্ত কছাৰী । পৈতৃকভাৱে লাভ কৰা ৩০ বিঘা ভূমিত প্ৰায় দুটা দশক ধৰি নিজহাতেৰে ৰোৱা গছ-লতিকা, ফলে-ফুলে জাতিস্কাৰ হৈ পৰা ঘৰখনক বৰ্তমান পৰ্যটনস্থলীলৈ পৰ্যৱসিত কৰিছে । হালালী ৰিজ'ৰ্টখনলৈ বিগত এটা বছৰে এই গ্ৰাম্য পৰ্যটনস্থলীলৈ পৰ্যটকৰ আগমন ঘটিছে । ইয়াত নিয়োজিত হৈছে গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৩৬ গৰাকী যুৱক-যুৱতী ।

হালালীৰ অৰ্থ

এক সম্পূৰ্ণ ব্যতিক্ৰমী নাম ৰখা এই হালালী ৰিজ'ৰ্টৰ নামৰ আঁৰতো আছে এক ঐতিহাসিক সমল । এই সন্দৰ্ভত ৰিজ'ৰ্টখনৰ স্বত্ত্বাধিকাৰী লীলাকান্ত কছাৰীয়ে কয়, "ৰিজ'ৰ্টখনৰ নামটো হ'ল হালালী । অৰ্থটো হৈছে 'হা' মানে মাটি, 'লালী' মানে উজ্জ্বল । উজ্জ্বল মাটিৰ দেশ হালালী বুলি এখন ৰাজ্য আছিল শদিয়াত সোণোৱাল কছাৰী জনগোষ্ঠীৰ । সেই নামেৰেই নামকৰণ কৰিলোঁ হালালী ।"

হালালী ৰিজ'ৰ্ট: মেনেজাৰৰ ভাষ্য (ETV Bharat Assam)

কি কি সুবিধা পাব হালালীলৈ আহিলে

শিশুৱে খেলিব পৰাকৈ উদ্যান, বোটানিকেল গাৰ্ডেন, ছুইমিং পুল, জীপ চাইক্লিং, জীপ ক্লাইম্বিং, হালালী পাকঘৰ নামেৰে এখন ৰেস্তোৰাঁ- মুঠৰ ওপৰত এগৰাকী পৰ্যটকক সকলোখিনি সুবিধা দিয়াৰ প্ৰচেষ্টা লীলাকান্ত কছাৰীৰ । মূলতঃ এগৰাকী কৃষক হিচাপে পৰিচয় দি ভালপোৱা লীলাকান্ত কছাৰীয়ে বছৰি ৪ লক্ষাধিক টকাৰ তামোল, ৫-৬ লক্ষাধিক টকাৰ মাছ বিক্ৰী কৰাৰ লগতে ধানখেতিৰ জৰিয়তেও বহুখিনি অৰ্থ উপাৰ্জন কৰিছে ।

কেনেকৈ আহিব হালালী ৰিজ'ৰ্টলৈ; পৰিকল্পনা কেতিয়াৰ

এই সন্দৰ্ভত লীলাকান্ত কছাৰীয়ে কয়, "হালালী ৰিজ'ৰ্টখন চিলাপথাৰ জলকীয়া সুঁতিৰ ১৫ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সমীপত, চিলাপথাৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত । তদুপৰি, গুগলত ছাৰ্চ কৰিও ৰিজ'ৰ্টখনলৈ আহিব পৰিব ।"

Halali Resort Dhemaji
হালালী ৰিজ'ৰ্ট (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই পৰিকল্পনা এদিন দুদিনৰ নহয়, এই পৰিকল্পনা আজিৰ পৰা ২০ বছৰ পূৰ্বৰ । তেতিয়াই মনত পুহি ৰাখিছিলোঁ নিজৰ গৃহভূমিতেই এখন ভাল সৌন্দৰ্যৰে ভৰপূৰ ৰিজ'ৰ্ট গঢ় দিব পাৰিনেকি ? মনত পুহি ৰখা লক্ষ্য-উদ্দেশ্য আগত ৰাখি লাহে লাহে নিজৰ বাৰীতেই ৰোপণ কৰিবলৈ আৰম্ভ কৰিলোঁ বিভিন্ন প্ৰজাতিৰ ফুল-ফল আৰু গছ-গছনি । বহু ঠাইত প্ৰকৃতিয়ে সৃষ্টি কৰা স্থানতে ৰিজ'ৰ্ট কৰে, কিন্তু মোৰ চিন্তা কিছু ব্যতিক্ৰম আছিল । মই নিজে ৰোপণ কৰি প্ৰকৃতিক সৌন্দৰ্য সৃষ্টি কৰি এখন ৰিজ'ৰ্ট খুলিম ।

আৰ্থিক অসুবিধাকো নেওচি দোপতদোপে আগবাঢ়িছে লীলাকান্ত

নিজৰ আৰ্থিক অসুবিধাৰ কথা উল্লেখ কৰি লীলাকান্তই কয়, "মোৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল । সেইকাৰণে লাহে লাহে পৰি থকা ভূমিত আজিৰ পৰা ২০ বছৰ পূৰ্বৰ পৰা এপদ-দুপদকৈ ফুল-ফল বিভিন্ন গছ-গছনি ৰোপণ কৰি প্ৰাকৃতিক সৌন্দৰ্য সৃষ্টি কৰি আজি এবছৰ পূৰ্বে ৰিজ'ৰ্টখন বিশেষ আনুষ্ঠানিকভাৱে নহ'লেও নিজে পূজা-পাঠ কৰি মুকলি কৰিছোঁ । ৰিজ'ৰ্টখনৰ সকলো ফুল, গছ-গছনি একমাত্ৰ মই নিজেই ৰোপণ কৰা । ৰিজ'ৰ্টখনলৈ সোমাবলৈ প্ৰতিগৰাকী পৰ্যটকৰ পৰা ৫০ টকাকৈ অতি কম মূল্যৰ এটা টিকট কাটি সোমাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা সুবিধা প্ৰদান কৰিছোঁ । কিয়নো গছ-গছনি, ফুলবোৰ চোৱাচিতাৰ বাবে কৰ্মচাৰীসকলৰ দৰমহাৰ কথা আছে । ইয়াৰ সমান্তৰালকৈ মীন পালন, হাহঁ পালন কুকুৰা পালন কৰি এই পৰ্যায়ত উপনীত হৈছোঁ ।"

Halali Resort Dhemaji
হালালী ৰিজ'ৰ্টৰ মনোমোহা পৰিৱেশ (ETV Bharat Assam)

সাংস্কৃতিক মনৰো গৰাকী লীলাকান্ত

ইয়াৰ উপৰি লীলাকান্ত কছাৰী সংগীত জগতৰ লগতো জড়িত আছিল যদিও বৰ্তমান এই সংগীত জগতৰ পৰা তেওঁ আঁতৰত আছে । কিন্তু এটা সাংস্কৃতিক মনৰ গৰাকী এইগৰাকী যুৱ উদ্যমী । তেখেত জানিবলৈ দিয়া মতে, "সোণোৱাল কছাৰীসকলৰ কলা-সংস্কৃতি উদ্ধাৰৰ প্ৰচেষ্টা চলোৱাৰ উদ্দেশ্যে এখন 'হালালী' নামেৰে বোলছবি নিৰ্মাণ কৰিছিলোঁ । এইখনে অসমৰ প্ৰথম সোণোৱাল কছাৰীসকলৰ ভিডিঅ' ছবি আছিল ।"

বহু মূল্যৱান গছেৰে পৰিপূৰ্ণ হালালী ৰিজ'ৰ্ট

হালালী ৰিজ'ৰ্টত ৩০ বিঘা ভূমিৰ ভিতৰত প্ৰায় ৫ বিঘা ভূমিত বহু পুৰণি তথা মূল্যৱান গছ-গছনি আছে । চিকামৰলীয়া, চাম কঁঠাল, ৰবাব টেঙা, শিলিখা, হাতিকৈলা, তুলথাগুটি, শিঙৰী, বিভিন্ন প্ৰজাতিৰ বাঁহ, ৰঙা ডিমৰু, বন বগৰী, লেমটেম, পানীহুতা, বৰপাত, যম লাঁখুটি, জামু, লেটেকুকে ধৰি বিভিন্ন প্ৰজাতিৰ প্ৰায় ২ শতাধিক মূল্যৱান গছ-গছনি আছে । এই গছসমূহত আকৌ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰজাতিৰ থলুৱা অৰ্কিডো ৰোপণ কৰিছে । ইয়াৰে কিছুমান নিজেই হোৱা আৰু যিবোৰ নাছিল সেইবোৰ ৰোপণ কৰি বোটানিকেল গাৰ্ডেন আৰু অৰ্কিড পাৰ্কখন কৰা বুলি ৰিজ'ৰ্টখনৰ স্বত্ত্বাধিকাৰী লীলাকান্ত কছাৰীয়ে জানিবলৈ দিয়ে ।

Halali Resort Dhemaji
হালালী ৰিজ'ৰ্টলৈ বিভিন্ন পৰ্যটকৰ সোঁত বৈছে (ETV Bharat Assam)

নৱপ্ৰজন্মলৈ পৰামৰ্শ

তেওঁ নিজে হাতে-কামে লাগি সফলতাৰ শিখৰ বগোৱাৰ সময়তে নৱপ্ৰজন্মলৈও এই সন্দৰ্ভত বিশেষ আহ্বান জনায় । তেওঁ কয়, "আন দহজনলৈ এটাই আহ্বান, আমাৰ বহু লোকৰ ভূমি এনেই পৰি থাকে । তাতে বিভিন্ন মূল্যৱান গছপুলি, ফুল-ফল ৰোপণ কৰি নিজৰ ভূমিকে পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰক । তেতিয়া আপোনাৰ লগতে আন দহজনকো কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব পাৰিব ।

Halali Resort Dhemaji
লীলাকান্ত কছাৰী (ETV Bharat Assam)

হালালী ৰিজ'ৰ্টৰ কৰ্মচাৰীয়ে কি কয়

হালালী ৰিজ'ৰ্টত বৰ্তমান প্ৰায় ৩৬ গৰাকী কৰ্মচাৰী আছে । সকলোবোৰ কৰ্মচাৰী চিলাপথাৰৰ অঞ্চলৰে । কৰ্মচাৰীসকলক নিজে হালালী ৰিজ'ৰ্টতে হাতে-কামে প্ৰশিক্ষণ দি নিয়োগ কৰা হৈছে । লগতে বহিঃৰাজ্যলৈ নোযোৱাকৈ নিজা ঘৰৰ ওচৰতেই থাকি এদল যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বৰ্তমান হালালীত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে কেনেদৰে এটা পৰিয়ালৰ দৰে সকলোৱে লাগি-ভাগি সমগ্ৰ প্ৰকল্পটো চলাই নিয়াৰ চেষ্টা কৰিছে সেই বিষয়ে ব্যক্ত কৰে । হালালীৰ মেনেজাৰগৰাকীয়ে কয়, "আমাৰ স্বত্ত্বাধিকাৰীজন খুব ভাল । সকলো কৰ্মচাৰীৰ সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ কৰে । অসমৰ বহু যুৱক-যুৱতীয়ে এই একেই কাম কৰিবলৈ বহিঃৰাজ্যলৈ যায় । তেওঁলোকলৈ এটাই আহ্বান যে ঘৰ-বাৰী এৰি বহিঃৰাজ্যত গৈ কাম কৰিলেও এই একেই টকা পাব, গতিকে নিজৰ ঠাইতে স্থাপন কৰা ৰিজ'ৰ্টত কাম কৰি আমি খুবেই সুখী ।"

Halali Resort Dhemaji
হালালী ৰিজ'ৰ্টৰ স্বত্ত্বাধিকাৰীৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক কৰবী দলে (ETV Bharat Assam)

তদুপৰি জলকীয়া সুঁতি গাঁওখনক বৰ্তমান এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা লীলাকান্ত কছাৰীৰ দৰে উদ্যমী ব্যক্তিক লৈ গৰ্বিত স্থানীয় ৰাইজ । তেখেতৰ এই ৰিজ'ৰ্টতখনৰ পৰা অকল কৰ্মচাৰীয়েই নহয়, ওচৰে-পাজৰে দোকান-পোহাৰ মেলি প্ৰায় ৭০-৮০ টা পৰিয়ালে ঘৰ চলাবলৈ সক্ষম হৈছে ।

Halali Resort Dhemaji
শিশুৰ বাবে আছে খেল-ধেমালিৰ সঁজুলি (ETV Bharat Assam)

পৰ্যটকৰ আগমন

হালালী ৰিজ'ৰ্টলৈ বৰ্তমান অহা পৰ্যটকসকলৰ ভিতৰত তিনিচুকীয়া, গুৱাহাটী, গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, জোনাই, লখিমপুৰ, তেজপুৰ অন্যতম । আনহাতে, অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন বহিঃৰাজ্যৰ পৰ্যটকৰো আগমন ঘটিছে বুলি কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :লণ্ডনৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰতিধ্বনিত হ’ব অসমৰ বৈষ্ণৱ সংস্কৃতি
লগতে পঢ়ক :অসমৰ মুগা সূতাত ‘চেনেহজৰী’ৰ গাঁঠি...বিশ্বৰ বুকুত নতুন মাত্ৰা লাভ কৰিব সোণালী সূতাই