ভোগৰ সামগ্ৰীৰে ভৰিছে মহানগৰী, মহঙা হৈছে নেকি ভোগালী ?
ভোগালী বিহুৰ মেটমৰা খাদ্য সম্ভাৰ লৈ গুৱাহাটীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী । পূৰ্বতকৈ বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ।

Published : January 11, 2026 at 10:38 AM IST
গুৱাহাটী: ভোগৰ বিহু ভোগালীলৈ মাজত মাথো দুটা দিন বাকী । ভোগালী বিহু উপলক্ষে ভোগৰ সামগ্ৰী লাড়ু, পিঠা, চিৰা, দৈ, ক্ৰীম গুৱাহাটী মহানগৰীৰ বজাৰত উভৈনদী হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিহুৰ মেটমৰা খাদ্য সম্ভাৰ লৈ গুৱাহাটীলৈ আহিছে ব্যৱসায়ীসকল ।
মহানগৰীৰ বিভিন্ন স্থানত ভোগালী মেলাত ব্যৱসায়ীসকলে সামগ্ৰীবোৰ বিক্ৰী কৰিছে । কিয়নো অধিকাংশ মহানগৰবাসীয়ে তেওঁলোকৰ নিজৰ ঘৰত এনেধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ চৰ্চা প্ৰায় এৰি দিছে ।
বিহুৰ বজাৰত বিভিন্ন প্ৰকাৰৰ লাড়ু, পিঠা, সান্দহ, চিৰা, জলপান, চুঙা পিঠা আদিয়ে প্ৰাধান্য পাইছে । এইবাৰ ভোগালী বিহুৰ বজাৰত সামগ্ৰীবোৰৰ মূল্যবৃদ্ধি হৈছে । প্ৰতিবিধ সামগ্ৰীৰে ৩০-৪০ টকাকৈ বৃদ্ধি পাইছে । মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন হোৱা দুখনকৈ ভোগালী মেলাত ভোগৰ সামগ্ৰী কিনিবলৈ মহানগৰবাসী ওলাই আহিছে ।

নলবাৰীৰ পৰা গুৰ, বৰা চাউল, জহা চাউল আদিকে ধৰি পিঠা লাড়ু লৈ অহা ব্যৱসায়ী এজনে জনাই, "এইবাৰ প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি হৈছে । প্ৰতি কিলোগ্ৰাম চাউলত ২০-৩০ টকাকৈ বৃদ্ধি হোৱাৰ উপৰি পিঠা লাড়ুৰ পেকেটত ২০-৩০ টকা বৃদ্ধি হৈছে ।" ভোগালী মেলালৈ গুৱাহাটীৰ গণেশ নগৰৰ পৰা অহা এগৰাকী মহিলা ব্যৱসায়ীয়ে কয়, "চাউল, নাৰিকলৰ দাম বৃদ্ধি হোৱাৰ ফলত এইবাৰ পিঠা লাড়ুৰ দাম বৃদ্ধি পাইছে । নাৰিকলৰ পিঠা, লাড়ুৰ দাম প্ৰতি পেকেটত ২০-৩০ টকা বৃদ্ধি পাইছে । কিন্তু গ্ৰাহকৰ সঁহাৰি ভাল পাইছোঁ ।"

ৰামদিয়াৰ পৰা অহা এগৰাকী মহিলা ব্যৱসায়ীয়ে কয়, "গ্ৰাহকৰ সঁহাৰি ভাল পাইছোঁ । প্ৰতি লিটাৰ দৈ ১৫০, ক্ৰীম ৬০০ টকা, পিঠা ৯০ টকা, গুড়ৰ লাড়ু ৬০ টকাকৈ বিক্ৰী কৰিছোঁ । এইবাৰ অলপ দাম বাঢ়িছে । কিয়নো নাৰিকল বজাৰত ২৫০ টকাকৈ কিনিবলগীয়া হৈছে ।"

