ETV Bharat / state

কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

তিনিমহলীয়া কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ উদ্বোধন ৷

KAMRUP METROPOLITAN DC OFFICE
কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ উদ্বোধন (HIMANTA BISWA SARMA X)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 8:55 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বুধবাৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰত নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্রায় ১২,৭০০ বর্গমিটাৰ এলেকা সামৰি ৮১.২০ কোটি টকা ব্যয়েৰে জিলা আয়ুক্তৰ সংহত কার্যালয় ভৱনটো নিৰ্মাণ কৰা হৈছে ।

তিনিমহলীয়া ভৱনটো ভবিষ্যতে প্রয়োজন অনুসৰি আৰু দুটা মহলালৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থাও ৰখা হৈছে । সেউজ শক্তিক প্রাধান্য দি এই ভৱনত ৩৫০ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি ব্যৱস্থা সংস্থাপন কৰা হৈছে, য'ত অতিৰিক্ত আৰু ১০০ কিলোৱাট বিদ্যুৎ সংযোজন কৰাৰ সুবিধাও মুকলি ৰখা হৈছে ।

উদ্বোধনী অনুষ্ঠানত প্রদান কৰা ভাষণত মুখ্যমন্ত্রী শর্মাই কয়, "পাণবজাৰত থকা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো যথেষ্ট সৰু আছিল আৰু ব্ৰহ্মপুত্র নদীপাৰ মুকলি কৰাৰ স্বাৰ্থত ইয়াক সাময়িকভাৱে হেঙেৰাবাৰীলৈ স্থানান্তৰ কৰা হৈছিল । 'বিকাশৰ বাবে এদিন' কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাত প্রায় ২ হাজাৰ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীযা ৭ টা প্ৰকল্পৰ শিলান্যাস কৰা হৈছিল ২০২৩ চনত ৷"

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ইতিহাস বৰ্ণনা কৰি মুখ্যমন্ত্রীয়ে কয়,"১৯৫৪ চনত তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত পাণবজাৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়টো ১৯৫৬ চনৰ ১২ জুনত উদ্বোধন কৰা হৈছিল । এই কাৰ্যালয়ৰ পৰা পৰিচালিত জিলাখন পৰৱৰ্তী সময়ত বিভক্ত হৈ কামৰূপ, কামৰূপ মহানগৰ, বৰপেটা, নলবাৰী আৰু বজালী জিলা গঠন হ'ল ।"

তেওঁ লগতে কয়,"এই ধৰণৰ কাৰ্যালয়ৰ জৰিয়তে বিষয়া-কর্মচাৰীসকলৰ বাবে কাম কৰাৰ এটা সুন্দৰ পৰিৱেশ গঢ় দিবলৈ বিচৰা হৈছে । এই কার্যালয়ত জ্যেষ্ঠ নাগৰিকসকলে যাতে উপযুক্ত আদৰ-সন্মান পাই তাক নিশ্চিত কৰিব লাগিব ৷ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ৰ সকলো বিভাগৰ এটা সংহত কার্যালয় নিৰ্মাণৰ পদক্ষেপ লোৱা হ'ব ৷"

উদ্বোধনী অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্রী শর্মাক কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ মহাপেছখানাত উপলব্ধ কামাখ্যা দেৱালয়ৰ আটাইতকৈ পুৰণি এখন ভূমি নথি উপহাৰ হিচাপে প্রদান কৰে জিলা আয়ুক্তই । ১৯০৪-০৫ চনৰ এই নথি হৈছে অবিভক্ত কামৰূপ জিলাৰ ৰামছা ৰাণী মৌজাৰ অন্তৰ্গত কামাখ্যা পাহাৰ ৰাজহ গাঁৱৰ লা-খেৰাজ ১ নং পট্টাৰ জমাবন্দী ।

লগতে পঢ়ক: ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বুকু কঁপাই তোলা এক ঘটনা: নলঘূলিৰ স্বাধীনতা যুঁজৰ এক অখ্যাত অধ্যায়