ETV Bharat / state

ভয়ংকৰ বায়ু প্ৰদূষণে গ্ৰাস কৰিছে গুৱাহাটীক, মহানগৰীত বায়ুৰ মান সূচকাংক ২৯৪ লৈ বৃদ্ধি

অসমত বায়ু প্ৰদূষণত PM 10 আৰু 2.5 ধূলিকণাৰ মাত্ৰা অধিক । বৰষুণৰ অভাৱে পৰিস্থিতি অধিক জটিল কৰি পেলাইছে৷

GUWAHATI AIR POLLUTION
ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত মহানগৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 9:20 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত গুৱাহাটী মহানগৰী । নির্মাণকার্যৰ ধূলি,যান-বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰি তুলিছে গুৱাহাটীৰ বায়ুমণ্ডল । চলিত মাহত বায়ুৰ মান সূচকাংক বেয়ালৈ গতি কৰিছে ।

ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক ২৯৪ লৈ বৃদ্ধি পাইছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত বায়ুৰ মান সূচকাংক ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ১০০-২০০ ভিতৰত (সন্তোষজনক) আছে যদিও পহিলা ফেব্ৰুৱাৰীৰ পৰা তিনি ফেব্ৰুৱাৰীলৈ আৰু ১২-১৬ ফেব্ৰুৱাৰীলৈ বায়ুৰ মান সূচকাংক ২০০-৩০০ ৰ( বেয়া) ভিতৰত আছে ।

ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত মহানগৰী (ETV Bharat Assam)

১৬ ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক সৰ্বাধিক ২৯৪ লৈ বৃদ্ধি পাইছিল । গুৱাহাটীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰৰ মুখ্য পৰিৱেশ বিজ্ঞানী ড৹ গৌতম কুমাৰ মিশ্ৰই কয়,"জানুৱাৰীৰ পৰা মাৰ্চলৈ শুকান বতৰৰ বাবে প্ৰতি বছৰে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হয় । এইবাৰো তাৰ ব্যতিক্ৰম নহয় যদিও পূৰ্বৰ দুই তিনি বছৰৰ তুলনাত বায়ু মান সূচকাংক উন্নত হৈছে । বায়ুৰ মান সূচকাংক (১০০-৩০০)সন্তোষজনক পৰা বেয়া এইখিনিৰ ভিতৰতে আছে । বৰষুণ হ'লে বায়ুৰ প্ৰদূষণ হ্ৰাস পাব । গুৱাহাটীৰ বিভিন্ন স্থানত হৈ থকা নিৰ্মাণকাৰ্য,যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি উৰি আহিও গুৱাহাটীৰ পৰিৱেশ দূষিত হোৱাত ইন্ধন যোগাইছে ।"

পৰিৱেশ বিজ্ঞানীগৰাকীয়ে পুনৰ কয়,"দুই এজাক বৰষুণ আহিলে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব যদিও মাৰ্চলৈ বায়ুৰ মান সূচকাংক (১০০-৩০০)সন্তোষজনক পৰা বেয়া এইখিনিৰ ভিতৰতে থাকিব । এপ্ৰিলৰ পৰা এই বায়ু প্ৰদূষণৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে । "

GUWAHATI AIR POLLUTION
ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত মহানগৰী (pollution controll board)

তেওঁ লগতে কয়, "মহানগৰীৰ বামুণীমৈদামত বায়ু প্ৰদূষণৰ মাত্ৰা বেছি পোৱা গৈছে । নিৰ্মাণকাৰ্যৰ কাম ঢাকি লৈ কৰা, সময়ে সময়ে দিনটোত পানী ছটিওৱা আদি কামবোৰ বিভাগীয় কৰ্তৃপক্ষই কৰিব লাগে । কিন্তু এইবোৰ নকৰাৰ বাবেও প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । অসমত বায়ু প্ৰদূষণত PM 10 আৰু 2.5 ধূলিকণাৰ মাত্ৰা অধিক । এই ধূলিকণাবোৰ অতি ক্ষতিকাৰক ।‌ সেইবোৰ নাকেৰে সোমাই যোৱাৰ সম্ভাৱনা অধিক । সেয়ে ৰাইজে এই সময়ছোৱাত মাক্স পৰিধান কৰিব লাগে । অযথা ঘৰৰ পৰা বাহিৰত ওলাই আহিব নালাগে ।"

GUWAHATI AIR POLLUTION
ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত মহানগৰী (pollution controll board)

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটীত PM 10 (ধূলিকণা বুলিলে বায়ুত থকা ১০ মাইক্ৰ’মিটাৰ বা তাৰ পৰা সৰু আকাৰৰ ধূলিকণাক বুজায়) ধূলিকণা সাধাৰণতে পথৰ ধূলি,গাড়ীৰ ধোঁৱা, নিৰ্মাণ কাম, কল-কাৰখানাৰ ধোঁৱা আৰু খৰি,গছৰ পাত আদি জ্বলোৱা ধোৱা আদি পৰা সৃষ্টি হয় ।

গুৱাহাটীত PM 10 কৰ পৰা কিমান শতাংশ সৃষ্টি হয় ?

  • ধূলি আৰু নিৰ্মাণ কাৰ্যৰ পৰা :৩২%
  • গাড়ীৰ ধোঁৱাৰ পৰা : ১৯%
  • কল -কাৰখানাৰ ধোৱাৰ পৰা: ১৬%
  • কাঠ, কয়লা বা জৈৱ ইন্ধনৰ ধোৱাৰ পৰা :৯%

আনহাতে PM 2.5 হৈছে বায়ুত থকা অতি সূক্ষ্ম ধূলিকণা, যাৰ ব্যাস ২.৫ মাইক্ৰ’মিটাৰ বা তাতকৈ সৰু । এই ধূলিকণাবোৰ PM 10 তকৈ অধিক সৰু আৰু অধিক ক্ষতিকাৰক । PM 2.5 গাড়ী-মটৰৰ ধোঁৱাই PM ২.৫ ধূলিকণা সৃষ্টিত অধিক অৰিহণা যোগায় । তদুপৰি কল-কাৰখানাৰ ধোঁৱা, কাঠ, কয়লা বা জৈৱ ইন্ধন জ্বলোৱা, নিৰ্মাণ কাম,ৰান্ধনী ঘৰৰ ধোঁৱা আদিৰ পৰা ধূলিকণাৰ সৃষ্টি হয় ।

GUWAHATI AIR POLLUTION
ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত মহানগৰী (pollution controll board)

গুৱাহাটীত PM ২.৫ কৰ পৰা কিমান শতাংশ সৃষ্টি হয় ?

  • গাড়ী-মটৰ পৰা:৫২%
  • নিৰ্মাণ কাৰ্যৰ পৰা: ৪%
  • পথৰ ধূলিৰ পৰা : ১৬%
  • কল- কাৰখানাৰ ধোৱাৰ পৰা:৬%
  • খৰি, গছৰ পাত জাৱৰ আদি জ্বলোৱাৰ পৰা:৩%
  • ব্যৱসায়িক ৰন্ধন আৰু ঘৰৰ পৰা : ১৬%

ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা :

আগন্তুক পাঁচদিনত উত্তৰ পূৰ্বাঞ্চল তথা অসমত বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অসমৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও গুৱাহাটী আৰু গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলবোৰ বতৰ ডাৱৰীয়াহে হৈ থকাৰ সম্ভাৱনা আছে ।

GUWAHATI AIR POLLUTION
ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত মহানগৰী (ETV Bharat Assam)

এই সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড৹ সঞ্জয় অ'নেইল শ্বই কয়, "আজিৰ বতৰ বিজ্ঞানৰ পৰ্যবেক্ষণ অনুসৰি অসমৰ লগতে অৰুণাচল প্ৰদেশ, অসম, মেঘালয় আৰু নাগালেণ্ডৰ কিছুমান স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।" আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ পৰা আগন্তুক সাত দিনত গুৱাহাটী আৰু পাৰ্শ্ৱৱৰ্তী অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । বৰষুণ হোৱাৰ সম্ভাৱনা কম ।

লগতে পঢ়ক:বায়ু প্ৰদূষণৰ পৰা বাচি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

বিশ্ব COPD দিৱস: বিষাক্ত বায়ুৰ ফলত বৃদ্ধি পাইছে হাওঁফাওঁৰ এই ভয়াৱহ ৰোগৰ সম্ভাৱনা, ইয়াৰ পৰা বাচি থকাৰ উপায় কি