ETV Bharat / state

শিক্ষাৰ্থীৰ পিঠিৰ বোজা কমোৱাৰ সিদ্ধান্তক আদৰণি অভিভাৱকৰ

স্কুল বেগৰ ওজন হ্ৰাস কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া কাৰ্যকৰী হোৱা নাছিল ।

Guwahati News
শিক্ষাৰ্থীৰ বেগৰ ওজনক লৈ কঠোৰ শিক্ষা বিভাগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 16, 2026 at 6:08 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: কণ কণ শিক্ষাৰ্থীয়ে ডাঙৰ ডাঙৰ বেগত কিতাপৰ বোজা লৈ বিদ্যালয়লৈ যোৱা সাধৰাণতে দেখা পোৱা যায় ৷ যিটো অভিভাৱকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে ৷ সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেয়ে ৰাজ্যৰ কেইবাখনো জিলাৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন হ্ৰাস কৰাৰ নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয়সমূহৰ কৰ্তৃপক্ষক ৷

সোমবাৰে কামৰূপ মহানগৰ জিলাৰ স্কুল পৰিদৰ্শক দীপিকা চৌধুৰীয়ে জাৰি কৰিছে এক জাননী ৷ চৰকাৰী লগতে ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি ৫ কিলোগ্ৰামৰ অত্যাধিক হ'ব নোৱাৰিব স্কুল বেগৰ ওজন । অত্যধিক বোজাৰ পৰা শিক্ষাৰ্থীক মুক্ত কৰাৰ লক্ষ্যৰে এই নিদেশনা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

শিক্ষাৰ্থীৰ বেগৰ ওজনক লৈ কঠোৰ শিক্ষা বিভাগ (ETV Bharat Assam)

নিৰ্দেশনা অনুসৰি প্ৰথম, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলৰ বেগৰ ওজন ১.৫ কিঃগ্ৰাম, তৃতীয় পৰা পঞ্চম শ্ৰেণীৰ ২-৩ কিঃগ্ৰাম, ষষ্ঠ, সপ্তম শ্ৰেণীৰ ৪ কিঃগ্ৰাম, অষ্টম, নৱম শ্ৰেণীৰ ৪.৫ কিঃগ্ৰাম আৰু দশম শ্ৰেণীৰ ৫ কিঃগ্ৰাম স্কুল বেগৰ ওজন হব লাগিব ।

শিক্ষা বিভাগৰ নিৰ্দেশনাক আদৰণি জনাইছে শিক্ষাৰ্থীৰ অভিভাৱকসকলে । শিক্ষা বিভাগৰ নিৰ্দেশনা অতি শীঘ্ৰে কাৰ্যকৰী হোৱাটো বিচাৰিছে বুলি অভিভাৱকসকলে ব্যক্ত কৰে সংবাদ মাধ্যমৰ সন্মুখত । উল্লেখ্য যে পূৰ্বেও স্কুল বেগৰ ওজন হ্ৰাস কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া কাৰ্যকৰী নহল ।

সংবাদ মাধ্যমৰ আগত এগৰাকী শিক্ষাৰ্থীৰ অভিভাৱকে কয়,"বেগৰ ওজন কম হ'লেই ল'ৰা-ছোৱালীসকলে শান্তি পায় । বস্তাৰ দৰে বেগটো ওলোমাই আনিবলৈ কষ্ট পায় । সৰু ল'ৰা-ছোৱালীৰ বাবে বহুত ভাল । নিৰ্দেশনা দিয়াৰ পিছত কাৰ্যকৰী হৈছেনে শিক্ষা বিভাগে চাব লাগে । পূৰ্বে নিৰ্দেশনা দিছিল যদিও কাৰ্যকৰী কৰা হোৱা নাছিল ৷"

আন এগৰাকী অভিভাৱকে কয়, " বহু ভাল লাগিছে এইটো পদক্ষেপ । এইটো বহু বছৰ ধৰি চলি আছিল ৷ আমি দেখা পাওঁ এটা বহু গধুৰ বোজা এটা লৈ ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ আহে । সময় সলনি হৈছে, যদি এইটো হয় আদৰণীয় পদক্ষেপ হ'ব । এতিয়া ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব ।"

এগৰাকী অভিভাৱকে কয়, " শিক্ষা বিভাগে সোমবাৰে যিটো নিৰ্দেশনা জাৰি কৰিছে ভাল পদক্ষেপ ৷ এতিয়া স্কুল কৰ্তৃপক্ষই মানি চলিব লাগে । পঞ্চম শ্ৰেনীত অধ্যয়নৰত ছাত্ৰই ৫ কেজি ওপৰৰ বেগ লৈ বিদ্যালয়লৈ যাব লাগে । যি সকলে খোজ কাঢ়ি আহে তেওঁলোকৰতো বেছি অসুবিধা হয় । সকলো স্কুলে যদি এই নিৰ্দেশনা মানি চলে তেন্তে ছাত্ৰ-ছাত্ৰীসকলৰ সকাহ হ'ব ।"

এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী কৰ্তৃপক্ষই কয়,"আমি পূৰ্বৰে পৰাই স্কুল বেগৰ ওজন কমাই ৰাখিছো । আমাক শিক্ষা বিভাগৰ পৰা নিৰ্দেশনা দিছে এতিয়া আমি আৰু ভালদৰে চাম । এতিয়া পৰীক্ষা চলি আছে গতিকে এনেই বেগৰ ওজন কম । পৰীক্ষা শেষ হোৱাৰ পিছত এখন মিটিং কৰি পিছলৈ আমি সকলো ভালদৰে চাম । সকলোৱে এইটো মানি চলিব লাগে ।"

শিক্ষা বিভাগৰ নিৰ্দেশনা পিছত কিমান দূৰ কাৰ্যকৰী হয় সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক:ক’লৈ গ’ল চৰাইবাহীৰ দুই বোৱাৰী ? ৩ নাতিনীক বিচাৰি হাবাথুৰি খাইছে আইতাকে