গুৱাহাটীত আকৌ ডকাইতিকাণ্ড: গৃহস্থৰ হাত-ভৰি বান্ধি লুটি নিলে লাখ টকা
দিন-দুপৰতে গুৱাহাটীত ডকাইতিৰ ঘটনা ৷ এমাহৰ পূৰ্বেও একেটা ঘৰতে সংঘটিত হৈছিল চুৰিকাণ্ড ৷

Published : June 30, 2026 at 2:15 PM IST
গুৱাহাটী: অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰী । আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই একাংশই গুৱাহাটী মহানগৰীত একাধিক অপৰাধজনিত ঘটনা সংঘটিত কৰি অহা দেখা গৈছে । শেহতীয়া খবৰ অনুসৰি, এইবাৰ দিন দুপৰতে গুৱাহাটীত এক ডকাইতিৰ ঘটনা সংঘটিত হৈছে ।
জানিব পৰা মতে, দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত স্বৰাজ নগৰৰ ১৮ নম্বৰৰ গোলাপী বৰ্মন নামৰ এগৰাকী মহিলাৰ ঘৰত সোমবাৰে দিন-দুপৰতে সংঘটিত হয় এই ডকাইতিৰ ঘটনাটো ৷ অকলশৰীয়া মহিলাগৰাকীক হাত-ভৰি বান্ধি ডকাইতে লুটি লৈ যায় সোণৰ অলংকাৰ, পাট-মুগাৰ কাপোৰ, মোবাইল ফোন, লেপটপ আদিকে ধৰি কেবাহাজাৰো টকা ।
ভুক্তভোগী মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, ঘৰত কাম কৰিবলৈ অহা তিনিজন মিস্ত্ৰীয়ে এই ঘটনাটো সংঘটিত কৰে ৷ কেৱল মহিলাগৰাকীকে নহয়, সেই সময়ত তেওঁৰ ঘৰলৈ অহা আত্মীয়কো হাত-ভৰি বান্ধি হাৰাশাস্তি কৰে ৷ ভুক্তভোগী গোলাপী বৰ্মনৰ ঘৰত লুটপাত চলোৱাৰ লগতে ডকাইতৰ দলটোৱে CCTV কেমেৰাৰ DVR খুলি হাৰ্ড ডিস্কো লগত লৈ যায় ।
গোলাপী বৰ্মনৰ ঘৰত প্ৰায় এমাহৰ পূৰ্বেও আন এক চুৰিকাণ্ড সংঘটিত হৈছিল ৷ এমাহৰ পূৰ্বে তেওঁৰ ঘৰত হোৱা চুৰিকাণ্ডত চোৰে প্ৰায় তিনিলাখ টকাসহ বহু প্ৰয়োজনীয় সামগ্ৰী লৈ গৈছিল ৷

সোমবাৰে হোৱা ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ভুক্তভোগী মহিলাগৰাকীয়ে কয়, ‘‘আবেলি সময়ত এই ঘটনাটো সংঘটিত হয় ৷ সিহঁতে পাছফালৰ পৰা হেঁচা মাৰি ধৰি মোক হাত-ভৰি বান্ধি মাৰিম বুলি কৈছিল । তাৰ পাছতে মই অস্থিৰ হৈ যাওঁ । মোক সেই ঠাইখিনিৰ পৰা টানি পেলাই দিয়াৰ লগতে জোঁৱাইকো তিনিজনে হাত-ভৰি বান্ধিছিল । এই ঘটনাত শৰ্মা (শৰ্মা উপাধিৰ লোকজন হৈছে গোলাপী বৰ্মনৰ ঘৰত কাম কৰা এজন মিস্ত্ৰী) জড়িত হৈ আছে ৷ তেওঁ সকলো জানে । ইতিমধ্যে শৰ্মাক পুলিচে ধৰিছে ।’’
তেওঁ লগতে কয়, ‘‘মই পিন্ধি থকা সোণৰ চেইন, বাকচত থকা পাট-মুগাৰ কাপোৰ, লেপটপ, মোবাইল ফোন, নগদ ৮০ হাজাৰ টকা লৈ যায় ।’’
উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দিছপুৰ আৰক্ষীক অৱগত কৰে ৷ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

