হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ আৰক্ষী আয়ুক্তালয়ৰ ফেচবুক পোষ্ট
অহা ১৮ অক্টোবৰত উলুবাৰী উৰণ সেতুৰ তলত আয়োজন হ'বলগীয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ ফেচবুক পোষ্ট ।

Published : October 17, 2025 at 6:18 PM IST
গুৱাহাটী : অহা ১৯ অক্টোবৰ তাৰিখে অসমীয়া প্ৰাণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ এমাহ হ'ব । ১৮ আৰু ১৯ অক্টোবৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । আজি (শুকুৰবাৰ) কিছুসময়ৰ পূৰ্বে মহানগৰীত অনুষ্ঠিত হ'বলগীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ সামাজিক মাধ্যমযোগে এক পোষ্ট কৰে গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ে ।
গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ে ফেচবুক পোষ্টযোগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় তাৰ বাবে অনুৰোধ জনায় আয়োজক সমিতিক । লগতে উক্ত অনুষ্ঠানৰ বাবে কোনোধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ বা সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱা বুলিও উল্লেখ কৰে পোষ্টটোত ।
আৰক্ষী আয়ুক্তালয়ে ফেচবুক পোষ্টটোৰ কয়,
''আমাৰ দৃষ্টিগোচৰ হৈছে যে, কোনোধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ বা সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাকৈ অহা ১৮ অক্টোবৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত উলুবাৰী উৰণ সেতুৰ তলত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আমাৰ অতিকৈ আদৰৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমাৰ অনুমতি ল'ব লাগিব বুলি কোনো কথা নাই । কিন্তু সেয়ে হ’লেও আমি এইটোও নিশ্চিত কৰিব লাগিব যে, এই অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় । এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ লতাশিল, চানমাৰি আদি মুকলি ফিল্ডত আয়োজন কৰিব পৰা যায় । আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহ এনে হোৱা উচিত যাতে ইয়াৰ দ্বাৰা প্ৰেম, একতা আৰু সমন্বয়ৰ সোপান ৰচিত হয় আৰু সমূহ ৰাইজৰ বাবে কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয় ।''
আনহাতে ১৮ অক্টোবৰৰ তাৰিখে পুৱা ৯ বজাৰ পৰা গুৱাহাটীৰ জোনালীতস্থিত "ডিজি মিউজিক"ত শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলী জনাই নাম-প্ৰসংগ কৰা হ'ব । ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰটো বিভিন্ন দল সংগঠনে আয়োজন কৰিছে শ্ৰাদ্ধাঞ্জলি অনুষ্ঠানৰ ।
অৱশ্যে উলুবাৰী উৰণ সেতুৰ তলত কোনে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে এই কথা বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই ।

