ভাৰত বনাম দক্ষিণ আফ্রিকা টেষ্ট ছিৰিজ মেচ চাবলৈ যোৱাৰ আগতে জানি লওক পথ নিৰ্দেশনা
ভাৰতVSদক্ষিণ আফ্রিকা টেষ্ট ছিৰিজ দ্বিতীয় টেষ্ট মেচ চাবলৈ আপুনিও যাব নেকি? ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে জানি লওক যান বাহন আৰক্ষীয়ে জাৰি কৰা পথ নিৰ্দেশনা৷

Published : November 22, 2025 at 9:06 AM IST
গুৱাহাটী : গুৱাহাটীত ক্ৰিকেটৰ জ্বৰ ৷ আজিৰ পৰা ২৬ নৱেম্বৰ লৈ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত বনাম দক্ষিণ আফ্রিকা টেষ্ট ছিৰিজ দ্বিতীয় টেষ্ট মেচ । ইতিমধ্যে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে দক্ষিণ আফ্রিকাই ৷
এই সময়ছোৱাত সাধাৰণ ৰাইজৰ, বিশেষকৈ শিশু, ছাত্র-ছাত্রী, বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ নিৰাপত্তা আৰু সুচল চলাচল তথা এম্বুলেন্স, ফায়াৰ টেণ্ডাৰ, স্কুল বাছ আদি জৰুৰীকালীন বাহনৰ সুচল যাতায়াত সুনিশ্চিত কৰাৰ উদ্দেশ্যে তলত উল্লেখিত দিনকেইটাত বাহন চলাচলৰ সন্দৰ্ভত যান বাহন আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে ।
- বাহন চলাচলৰ নিয়মাৱলী :
১) প্রতিদিনে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সকলোধৰণৰ বাণিজ্যিক মালবাহী বাহন আৰু লেহেমীয়া গতিৰ বাহনসমূহৰ চলাচল বি.কে. কাকতি পথ, এ.কে. আজাদ পথ, এ.কে. দেৱপথ, কুলা বসুমতাৰী পথ (বর্ষাপাৰা ষ্টেডিয়াম পথ), ড৹ ভূপেন হাজৰিকা পথ, মৰা-ভৰলু পথ, ৰাজীৱ গান্ধী পথ (জ্যোতিকুছি পর্যন্ত), এফ.এ. পথ, ধপলীয়া পথ, বিষ্ণুপুৰ পথ, আৰ.কে.চি. পথ, বিৰুবাৰী-জি.এম.চি. পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় পথ (দক্ষিণগাঁও তিনিআলিৰ পৰা লালগণেশলৈ) সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে ।

২) এ.কে. আজাদ পথত পুৱা ৬ বজাৰ পৰা একমুখী যাতায়াত কার্যকৰী হ'ব (লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলিলৈ)। লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলি অভিমুখে সকলো বাহনে চলাচল কৰিব পাৰিব কিন্তু চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লালগণেশ অভিমুখে কোনো বাহন যাব নোৱাৰিব ।
৩) পুৱা ৬ বজাৰ পৰা কেৱল কাৰ পাছ থকা বাহনকহে লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলি অভিমুখে যাবলৈ অনুমতি দিয়া হ'ব । কাৰ পাছ নথকা বাহনসমূহক লখৰা চাৰিআলিৰ পৰা আর্য নগৰ অভিমুখে অহাৰ সময়ত লালগণেশ তিনিআলিৰ পৰা হায়াত হাস্পতাল হৈ পণ্ডিত দীনদয়াল উপাধ্যায় পথেৰে যাবলৈ দিয়া হ'ব ।

৪) কুলা বসুমতাৰী পথ (বর্ষাপাৰা পথ) পুৱা ৬ বজাৰ পৰা কেৱল কাৰ পাছ থকা বাহনৰ বাবে একমুখী (বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ) কৰা হ'ব । ধীৰেনপাৰা তিনিআলিৰ পৰা বর্ষাপাৰা তিনিআলি অভিমুখে কোনো বাহন যাব নোৱাৰিব ।
৫) ড্রপ-অফ পাছ থকা বাহনসমূহে যাত্রীক বর্ষাপাৰা তিনিআলি বা ধীৰেনপাৰা তিনিআলিত নমাই দি নির্দিষ্ট পার্কিং স্থানত বাহন ৰখাব লাগিব ।
৬) মৰা ভৰলু পথত অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামৰ ফালে বা এফ.এ. পথৰ ফালে কোনো বাহনে চলাচল কৰিব নোৱাৰিব ।
৭) ড৹ ভূপেন হাজৰিকা পথত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰ পৰা শ্যাম মন্দিৰলৈকে বাহন চলাচলৰ অনুমতি থাকিব, তাৰ পৰা বনবাসু পথৰ মাজেৰে এ.কে. দেৱ পথৰ গণেশপাৰা তিনিআলিলৈ যাবলৈ দিয়া হ'ব । ষ্টেডিয়ামৰ ফালৰ পৰা ড৹ ভূপেন হাজৰিকা পথেৰে কোনো বাহন আহিব নোৱাৰিব ।
৮) বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলি (কুলা বসুমতাৰী পথ), চাইকেল ফেক্টৰীৰ পৰা লালগণেশ তিনিআলি (এ.কে. আজাদ পথ) আৰু আমবাৰী তিনিআলিৰ পৰা চম্পাৱতী হাইস্কুললৈ (এ.কে. দেৱ পথ) পথৰ দুয়োপিনে কোনো বাহন ৰখাবলৈ অনুমতি দিয়া নহ'ব ।
৯) এ.কে. দেৱ পথত চম্পাৱতী হাইস্কুলৰ পৰা গড়চুক তিনিআলি পর্যন্ত আৰু কনকলতা পথত দক্ষিণগাঁও তিনিআলিৰ পৰা এন ই এফ কলেজ অভিমুখে একে ফালে একে লাইনত সমান্তৰাল পার্কিঙৰ অনুমতি দিয়া হ'ব ।
১০) ভি আই পি কাৰ পাছ থকা বাহনসমূহে গেট নং ১বি (1B) ৰে এ চি এ ষ্টেডিয়ামৰ ভিতৰত সোমাই খেল সম্পূর্ণ নোহোৱা পর্যন্ত বাহিৰলৈ ওলাব নোৱাৰিব ।
১১) খেল শেষ হোৱাৰ পাছত ষ্টেডিয়ামৰ ভিতৰত ৰখা বাহনসমূহ ধীৰেনপাৰা তিনিআলি বা বর্ষাপাৰা তিনিআলিৰ ফালে ওলাব পাৰিব । বর্ষাপাৰা তিনিআলিৰ পৰা বিৰুবাৰী বা লালগণেশৰ ফালে আৰু ধীৰেনপাৰা তিনিআলিৰ পৰা গড়চুক বা ফটাশিল আমবাৰীৰ ফালে যাব পাৰিব । বাহিৰ ওলোৱাৰ সময়ত বর্ষাপাৰা বা ধীৰেনপাৰাৰ পৰা কুলা বসুমতাৰী পথত কোনো বাহন সোমাব নোৱাৰিব ।
- বাহনৰ পার্কিং ব্যৱস্থা :
খেল চাবলৈ অহা দৰ্শকৰ বাহন পাৰ্কিং বাবে কেইবাটাও স্থান নিৰ্ধাৰণ কৰিছে যানবাহন আৰক্ষীয়ে । সেই স্থানবোৰ হৈছে
চম্পাৱতী ফিল্ড, ফটাশিল আমবাৰীৰ আৰ চিটি আৰ চি ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গড়চুক তিনিআলি (একপিনে ৰাস্তাৰ কাষত এক লাইন পার্কিং), দতালপাৰা ফিল্ড, আমবাৰী ৰংপথাৰ ফিল্ড, গণেশপাৰা ফিল্ডত পাৰ্কিং ব্যৱস্থা কৰা হৈছে । আনহাতে এ.কে. আজাদ পথেৰে অহা বাহনৰ বাবে বিশালমেৰেজ হ’ল (চাইকেল ফেক্টৰীৰ ওচৰত), বোলিং মিল ফিল্ড পার্কিং, দক্ষিণগাঁও-সাউকুছি পথ পাৰ্কিং ব্যৱস্থা কৰা হৈছে ।
- বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশ গেট (২২, ২৩, ২৪, ২৫ আৰু ২৬ নৱেম্বৰ ): ষ্টেডিয়ামত প্ৰৱেশৰ বাবে মুঠ ৬খন গেট থাকিব
১) গেট নং ১এ (1A)- দল আৰু পি এম অ' এ-ৰ বাবে
২) গেট নং ১বি (1B)- কাৰ পাছ থকা আৰু ধাৰাভাষ্যকাৰৰ বাবে
ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰে এ.কে. আজাদ পথৰ পৰা বৰ্ষাপাৰা তিনিআলি হৈ বর্ষাপাৰা ষ্টেডিয়াম
৩) বর্ষাপাৰা পথত গেট নং ২
বর্ষাপাৰা তিনিআলিৰে প্ৰৱেশ
৪) আৰ.জি. বৰুৱা পথত গেট নং ৩
বর্ষাপাৰা তিনিআলি হৈ আৰ.জি. বৰুৱা পথেৰে প্ৰৱেশ
৫) বোলিং মিল পথত গেট নং ৪
লালগণেশ তিনিআলিৰ পৰা ৰোলিং মিল তিনিআলি হৈ প্ৰৱেশ
৬) ড৹ ভূপেন হাজৰিকা পথত গেট নং ৫ আৰু ৬
ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰে আই এছ বি টি হৈ ভূপেন হাজৰিকা পথেৰে প্ৰৱেশ
উল্লেখ্য যে, এই নিষেধাজ্ঞাৰ ফলত ফায়াৰ টেণ্ডাৰ, এম্বুলেন্স, জীৱন ৰক্ষাকাৰী ঔষধ বহনকাৰী বাহন, অক্সিজেন চিলিণ্ডাৰ বহনকাৰী বাহন, স্কুল বাছ, গাখীৰ কঢ়িওৱা বাহন, স্থানীয় বাসিন্দা আদিৰ চলাচলত কোনো বাধা নাথাকিব ।

