লখিমপুৰত নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত; নিহত এজন, আহত কেইবাজনো
গুৱাহাটী পৰা মাজুলী অভিমুখী নৈশ বাছখনে পুৱতি নিশা দলোহাট তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷

Published : May 23, 2026 at 11:09 AM IST
লখিমপুৰ : লখিমপুৰত দলোহাট তিনিআলিত শনিবাৰে পুৱতি নিশা এখন নৈশ বাছ দুৰ্ঘটনাত পতিত হয় ৷ নিয়ন্ত্রণ হেৰুৱাই এজোপা গছত খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে বাছখন ৷ এই দুৰ্ঘটনাত এজন যাত্রীৰ থিতাতে মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০ জন যাত্রী কম-বেছি পৰিমাণে আহত হয় ৷ আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
গুৱাহাটী পৰা মাজুলী অভিমুখী এআৰ ০১ ডব্লিউ ১১৪৪ নম্বৰৰ নৈশ বাছখনে পুৱতি নিশা প্ৰায় চাৰি বজাত দলোহাট তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷ দুৰ্ঘটনাত বাছখনৰ সমুখভাগ প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক অৱগত কৰাৰ লগতে আৱদ্ধ লোকসকলক উদ্ধাৰৰ কাম আৰম্ভ কৰে ৷
পাছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানক সহায় কৰাৰ লগতে আহতসকলক এম্বুলেন্সৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে ৷ মৃত যাত্রীজনকো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ মৃত লোকজনৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ এগৰাকী যাত্ৰী লক্ষ্য নাথ দলেই ঘটনাৰ বৰ্ণনা দি কয়, "বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰায় তিনিশ মিটাৰমানৰ আগতে নিয়ন্ত্রণ হেৰুৱাইছিল ৷ প্ৰায় তিনিশ মিটাৰমান বাছখন অথালি-পথালিকৈ নিয়ন্ত্রণহীনভাৱে আহি পথৰ গাতে লাগি থকা এজোপা গছত খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে ৷ আমি কোনোমতে বাছৰ এটা অংশ ভাঙি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হও ৷"
তেওঁ লগতে কয়, "বাছখনত ৫০ জন মান যাত্রী আছিল ৷ প্ৰায় সকলো খিনিয়েই কম-বেছি পৰিমাণে জখম হৈছে ৷ এজন যাত্রী আমাৰ চকুৰ আগতে মৃত্যু হয় ৷ তেওঁক বাছৰ অংশই চেপা মাৰি ধৰিছিল ৷ আমি তেওঁক উদ্ধাৰ কিবা কৰাৰ চেষ্টা কৰিছিলো ৷ পিছে আমাৰ চকুৰ আগতে তেওঁৰ মৃত্যু হয় ৷" দুৰ্ঘটনাত লক্ষ্য নাথ দলে সৌভাগ্যক্ৰমে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে ।

