ETV Bharat / state

ভয়ংকৰ জলাশয়ত পৰিণত সমগ্ৰ গুৱাহাটী : নলাত পৰি প্ৰাণ গ'ল মহিলাৰ, স্কুল-কলেজ সকলো বন্ধ

প্ৰায় প্ৰতিটো অঞ্চলে প্ৰভাৱিত । মালিগাঁৱত এগৰাকী মহিলাৰ মৃত্যু ।

Guwahati Flood
কৃত্ৰিম বানত পুনৰ ডুবিল গুৱাহাটী (fb@MohitJajodia)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 7:43 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । দেওবাৰে সন্ধিয়াৰে পৰা হোৱা অবিৰত বৰষুণৰ ফলত গুৱাহাটীৰ প্ৰায় প্ৰতিটো অঞ্চলেই কৃত্ৰিম বানৰ কবলত পৰিছে । বেলতলা, হাতীগাওঁ, ৰুক্মিণী গাওঁ, পাঞ্জাবাৰী, ছয়মাইল, গণেশগুৰি, কাহিলীপাৰা, জু-ৰোড, চানমাৰি, গান্ধীবস্তি, আমবাৰী, জি এছ ৰোড, মালিগাঁও, যোৰাবাটকে ধৰি বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । একপ্ৰকাৰ স্তব্ধ হৈ পৰে গুৱাহাটী ।

তাৰ মাজতে মালিগাঁৱত শোকাৱহ ঘটনা সংঘটিত হয় । নিশা পায়েল নাথ নামৰ আজাৰাৰ এগৰাকী মহিলা উন্মুক্ত নলাত সোমাই যায় । প্ৰায় ৪ ঘণ্টা ধৰি মহিলাগৰাকী সন্ধানহীন হৈ থাকে । পিছত অচেতন অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় ।

কৃত্ৰিম বানত পুনৰ ডুবিল গুৱাহাটী (fb@MohitJajodia)

ততাতৈয়াকৈ তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভাগীয় কৰ্তৃপক্ষই নলাৰ ঢাকনি খুলি থোৱাৰ বাবেই মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'লে বুলিও সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে ।

Guwahati Flood
মালিগাঁৱত উন্মুক্ত নলাত পৰি প্ৰাণ গ'ল আজাৰাৰ মহিলাৰ (ETV Bharat)

দেওবাৰৰ কৃত্ৰিম বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ অধীনস্থ কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক জৰুৰী আদেশ জাৰি কৰি ২০ এপ্ৰিলত (সোমবাৰ) সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰে । জৰুৰী নিৰ্দেশনাত প্ৰশাসনে উল্লেখ কৰিছে যে ১৯ এপ্ৰিলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত পানী জমা হৈ জনজীৱন ব্যাহত কৰিছে ।

Guwahati Flood
কৃত্ৰিম বানৰ বাবে সোমবাৰে গুৱাহাটীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান (ETV Bharat)

এই পৰিস্থিতিত শিক্ষাৰ্থী, শিক্ষক তথা কৰ্মচাৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান সোমবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্তই এই আদেশ জাৰি কৰি নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । লগতে অতি দৰকাৰী নহ'লে ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈও পৰামৰ্শ দিছে । ইফালে কৃত্ৰিম বানৰ কবলত পৰা অঞ্চলবোৰত প্ৰশাসনে উদ্ধাৰ আৰু সাহায্যৰ ব্যৱস্থা কৰিছে বুলিও জনোৱা হৈছে ।

উল্লেখ্য যে দেওবাৰে সন্ধিয়া ধাৰাসাৰ বৰষুণৰ পিছতে হোৱা কৃত্ৰিম বানত মহানগৰবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ঘণ্টা ঘণ্টা ধৰি ৰাজপথত যান-বাহন আবদ্ধ হৈ পৰে । বহু লোক কৰ্মস্থলীতে দুপৰ নিশালৈ আবদ্ধ হৈ থাকিবলগীয়া হয় ।

লগতে পঢ়ক :

জয়-পৰাজয়ৰ অংকত বহিল বিৰোধী শিবিৰ : নিৰ্বাচনোত্তৰ পৰ্যালোচনাত সমবেত সকলো প্ৰাৰ্থী