ETV Bharat / state

অপৰাধৰ ৰম্যভূমি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ : গ্ৰেপ্তাৰ কাৰাধ্যক্ষ

কাৰাগাৰৰ ভিতৰত চলা অনৈতিক কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰাধ্যক্ষ দেৱকমল বৰাক ।

DEVKAMAL BORA ARRESTED
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰৰ দৃশ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 7:53 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: কাৰাগাৰৰ ভিতৰত অপৰাধমূলক তথা অনৈতিক কাৰ্যকলাপ হোৱাটো নতুন ঘটনা নহয় । তেনে এক ঘটনা পোহৰলৈ আহিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত । গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত চলি আছে অবাধ দুৰ্নীতি-অনিয়ম ।

খোদ কাৰাধ্যক্ষৰ বিৰুদ্ধে কয়দীক বিলাসিতাৰ বাবে নিচাজাতীয় সামগ্ৰীকে ধৰি বিভিন্ন অবৈধ সামগ্ৰীৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে । যি অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক ।

কাৰাগাৰৰ ভিতৰত চলা অনৈতিক কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰাধ্যক্ষ দেৱকমল বৰাক । কাৰাধ্যক্ষ দেৱকমল বৰাৰ বিৰুদ্ধে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নিচাজাতীয় সামগ্ৰীৰ অবাধ সৰবৰাহ চলোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল । আনকি একাংশ কয়দীক ধনৰ বিনিময়ত ৰাজআতিথ্য দিয়াৰো অভিযোগ আছিল । সম্প্ৰতি বৰাক সোধা-পোছা চলাই আছে বশিষ্ঠ আৰক্ষীয়ে ।

DEVKAMAL BORA ARRESTED
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক গ্ৰেপ্তাৰ (ETV Bharat Assam)

উল্লেখ্য যে দেৱকমল বৰাৰ বিৰুদ্ধে থকা অভিযোগৰ তালিকা যথেষ্ট দীঘলীয়া । এবছৰ পূৰ্বে দেৱকমল বৰাই কাৰাধ্যক্ষ হিচাপে যোগদান কৰিছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত । ইয়াৰ পূৰ্বে তেওঁ আছিল লখিমপুৰ কাৰাগাৰত । কিন্তু যোগদানৰ এটা বছৰৰ ভিতৰতে তেওঁ বিশাল সম্পত্তিৰ গৰাকী হ'বলৈ সক্ষম হৈছে ।

২০২১ চনৰ পৰা পৰিণীতা বৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধ্যক্ষা হিচাপে দায়িত্বত আছে । পৰিণীতা বৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ লগতে শদিয়া জে'লৰো দায়িত্বত আছে । বুধবাৰে শদিয়া জে'লৰ পৰাই দিনৰ ভাগত পলায়ন কৰিছিল চাৰিজন কয়দীয়ে । অৱশ্যে তাৰে তিনিজন কয়দীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ।

ইফালে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত বিভিন্ন অনিয়ম আৰু অনৈতিক কাৰ্যৰ ক্ষেত্রত বহু আৰক্ষীও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে । বুধবাৰে কয়দীক নিষিদ্ধ গাঞ্জা যোগান ধৰাৰ অভিযোগত দুজন জোৱান গ্ৰেপ্তাৰ হৈছিল । কাৰাগাৰ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত বুধবাৰে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান কংকন বৰা আৰু দেৱজিত দাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নিচাযুক্ত গাঞ্জা যোগান ধৰাৰ অভিযোগত দুই আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰ কৰা দুই জোৱানৰ পৰা উদ্ধাৰ কৰা হৈছিল নিচাযুক্ত সামগ্ৰী । বশিষ্ঠ আৰক্ষীৰ জেৰাত দুই জোৱানৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য ।

DEVKAMAL BORA ARRESTED
কয়দীক বিলাসী সুবিধা প্ৰদানৰ অভিযোগ (ETV Bharat Assam)

উল্লেখ্য যে কাৰাগাৰ অধীক্ষক প্ৰবীণ কুমাৰ হাজৰিকাই পহিলা ফেব্ৰুৱাৰীৰ দিনা দাখিল কৰা এজাহাৰৰ ভিত্তিতে বশিষ্ঠ থানাত গোচৰ ৰুজু কৰা হৈছিল । সেই গোচৰৰ ভিত্তিতেই অভিযান চলাই আৰক্ষীয়ে কাৰাধ্যক্ষ দেৱকমল বৰাক গ্ৰেপ্তাৰ কৰে । বশিষ্ঠ আৰক্ষীয়ে ৪৭/২৬ নম্বৰৰ গোচৰত সন্নিবিষ্ট কৰিছে BNS ৰ 199, 250, 308 ধাৰা । চৰকাৰী শীৰ্ষ বিষয়া হৈ আইন উলংঘা, আনক ব্যৱহাৰ কৰি ধন ঘটা, অভিযুক্ত-অপৰাধীক সুবিধা দি অপৰাধ লুকুওৱা, ভয়-ভাবুকিৰে অবাধে ধন ঘটা অপৰাধত এতিয়া অভিযুক্ত কাৰাধ্যক্ষ দেৱকমল বৰা ।

কাৰাধ্যক্ষৰ পৃষ্ঠপোষকতাত কাৰাগাৰৰ ভিতৰত জুৱা, গাঞ্জা ড্ৰাগছৰ অবাধ বেহাৰ উপৰি বিলাতী সুৰাৰ পৰা বিলাসিতাৰ পণ্যলৈকে যোগান ধৰাৰ অভিযোগ আছে । টকা দিলে চিগাৰেট, গাঞ্জা, ড্ৰাগছ যোগান ধৰা হয় । তদন্তত সকলো ঘটনা পোহৰলৈ অহাৰ পাছতেই আটক কৰা হৈছিল বিষয়াজনক । বুধবাৰৰ নিশা জেৰা কৰাৰ অন্তত বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয় । ধৃত দেৱকমল বৰাক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱাই আৰু অধিক জেৰাৰ বাবে বশিষ্ঠ আৰক্ষীয়ে পুনৰ জিম্মাত লৈছে ।

গ্ৰেপ্তাৰ হোৱা কংকন বৰা আৰু দেৱজিত দাসৰে দেৱকমল বৰাৰ ডিজিটেল ধনৰ লেনদেনৰ প্ৰমাণ লাভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে । টকা দিলেই ছীমকাৰ্ডসহ ম’বাইল হেণ্ডছেট, বিচনাৰ পৰা কয়দী-হাজোতীয়ে পাইছিল মালিচৰ সুবিধা । কয়দীক ধৰিছিল সুৰা যোগান । আইন উলংঘা কৰি কাৰাধ্যক্ষ দেৱকমল বৰাই কয়দী-হাজোতীক ধনৰ বিনিময়ত বিলাসী জীৱনৰ সকলো ব্যৱস্থা কৰি দিছিল ৷ কাৰাবন্দীক নিয়ন্ত্রণ কৰা কাৰাধ্যক্ষ এতিয়া নিজেই কাৰাগাৰৰ আলহী হ'ব লাগিব ।

উল্লেখ্য যে কাৰাগাৰ হৈছে অপৰাধীৰ শুদ্ধিকৰণ, উপলব্ধি আৰু সমাজলৈ পুনৰ উভতি আহিবলৈ দিয়া এক সুযোগ । কিন্তু কাৰাগাৰ অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱাটো অত্যন্ত চিন্তনীয় বিষয় ৷

লগতে পঢ়ক: কামাখ্যাত সেৱা লৈ কংগ্ৰেছ ওলাল : 'সময় পৰিৱৰ্তনৰ' বাৰ্তা দিব ৰাইজক