ETV Bharat / state

মেঘালয়ৰ ডাঠ অৰণ্যৰ মাজত উদ্ধাৰ অসমৰ ব্যৱসায়ীৰ মৃতদেহ

কোনে হত্যা কৰিলে বশিষ্ঠৰ বাসিন্দা তপন দে’ক ? ব্যৱসায়িক শত্ৰুতা নে আন কিবা ?

Guwahati businessman body found in a dense forest in Meghalaya
কোনে হত্যা কৰিলে বশিষ্ঠৰ বাসিন্দা তপন দে’ক ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 1:14 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ সীমান্তৱৰ্তী ৰাজ্য মেঘালয়ত নৃশংস হত্যাকাণ্ড । এইবাৰ অসমৰ লোকক হত্যা কৰি ওলোমাই থ’লে মেঘালয়ৰ এখন ডাঠ অৰণ্যৰ মাজত । মেঘালয়ৰ ডাউকিৰ পেন্সুলা নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনাটো ।

নিহত লোকজন তপন দে’ বুলি জানিব পৰা গৈছে ৷ বশিষ্ঠৰ বাসিন্দা তপন দে’ নামৰ লোকজনক কোনো লোকে মাৰি ডাউকিৰ পেন্সুলাৰ এখন নিৰ্জন হাবিত ওলোমাই থোৱাৰ সন্দেহ কৰা হৈছে ।

জানিব পৰা মতে, বশিষ্ঠৰ গণেশ নগৰৰ বাসিন্দা তপন দে’ নামৰ লোকজনে বিগত শনিবাৰে নিজা বাহনেৰে কোনো কামৰ বাবে গুৱাহাটীৰ পৰা মেঘালয়লৈ গৈছিল । কিন্তু তেওঁ যোৱাৰ এদিন পিছৰে পৰা পৰিয়ালৰ কোনো লোকে তপন দে’ৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাছিল ।

প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে মেঘালয়ৰ নেটৱৰ্ক বেয়া হোৱা বুলি সন্দেহ কৰি তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলি ভাবিছিল ৷ কিন্তু পিছত যেতিয়া তপন দে’ৰ সৈতে পৰিয়ালৰ লোকে একেবাৰে যোগাযোগ কৰিব পৰা নাছিল, তেতিয়া চিন্তিত হৈ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে ।

পিছত বুধবাৰৰ দিনটোত মেঘালয়ৰ ডাউকিৰ পেন্সুলা নামৰ ঠাইৰ এখন নিৰ্জন হাবিত হাত-ভৰি বান্ধি থোৱা অৱস্থাত মেঘালয় আৰক্ষীয়ে তপন দে’ৰ মৃতদেহটো উদ্ধাৰ কৰে । আনহাতে, লোকজনে লৈ যোৱা বাহনখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ।

সম্প্ৰতি মেঘালয় আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত । এই ঘটনাৰ খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোকসকল আজি (বৃহস্পতিবাৰ) পুৱাই মেঘালয়লৈ ৰাওনা হয় । তপন দে’ৰ পৰিয়ালৰ লোকৰ উপস্থিতিত মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰি আজি বিয়লি ভাগলৈ মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিব ৷

পেচাত ব্যৱসায়ী তপন দে’ নামৰ লোকজনক কোনে, কিয় হত্যা কৰিলে, সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ অৱশ্যে ব্যৱসায়িক শত্ৰুতা বা ডকাইতি কৰি বাহন লুটৰ দৰে ঘটনাৰ ফলতে তপন দে’ক হত্যা কৰা হ’ল বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : পিতৃৰ কু-কাৰ্যত লগত জড়িত আছিল পুত্ৰও ! জগত সিঙৰ দুই পুত্ৰসহ এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ